ETV Bharat / state

ক'ভিড প্ৰটক’ল ভাঙি পূজাৰ মণ্ডপে মণ্ডপে নেতাৰ ভিৰ

author img

By

Published : Oct 25, 2020, 9:49 PM IST

সামাজিক দূৰত্ব, মাস্ক এইবিলাক ব্যৱস্থা যেন কেৱল সাধাৰণ জনতাৰ বাবেহে ! মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ৰাজ্যৰ এগৰাকী মন্ত্ৰী সঞ্জয় কিষাণক সোৱে বাৱে লৈ তিনিচুকীয়াৰ পূজা মণ্ডপত সেৱা জনালে সপ্তমীৰ দিনা । সামাজিক দূৰত্বৰ কোনো অৱস্থিতি তাত দেখা পোৱা নগ’ল ।
politicians violating covid protocol
ক'ভিড প্ৰটক’ল ভাঙি পূজাৰ মণ্ডপে মণ্ডপে নেতাৰ ভিৰ

গুৱাহাটী, ২৫ অক্টোবৰঃ শাৰদোৎসৱৰ নামত যাতে ক'ভিড বিয়পিব নোৱাৰে তাৰ বাবে স্বাস্থ্য বিভাগে কেতবোৰ নীতি নিয়ম বান্ধি দিছিল । কিন্তু পূজাত সেৱা-অৰ্চনা আগবঢ়োৱাৰ নামত ঠায়ে ঠায়ে দেখা গৈছে সাধাৰণ জনতাৰ তুলনাত ৰাজনৈতিক নেতাসকলেহে ভংগ কৰিছে তেনে নীতি নিয়ম । সপ্তমীৰ পৰা আজি নৱমীলৈকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজা মণ্ডপত সাংগো- পাংগোসহ হাজিৰ হোৱা দেখা গৈছে নেতাগণক ।

politicians violating covid protocol
ক'ভিড প্ৰটক’ল ভাঙি পূজাৰ মণ্ডপে মণ্ডপে নেতাৰ ভিৰ

সামাজিক দূৰত্ব, মাস্ক এইবিলাক ব্যৱস্থা যেন কেৱল সাধাৰণ জনতাৰ বাবেহে ! মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ৰাজ্যৰ এগৰাকী মন্ত্ৰী সঞ্জয় কিষাণক সোৱে বাৱে লৈ তিনিচুকীয়াৰ পূজা মণ্ডপত সেৱা জনালে সপ্তমীৰ দিনা । সামাজিক দূৰত্বৰ কোনো অৱস্থিতি তাত দেখা পোৱা নগ’ল । আজি নৱমীৰ দিনাও মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ শিলপুখুৰী আৰু উজান বজাৰৰ বাৰোৱাৰী পূজা মণ্ডপত সেৱা জনালে । লগত সোৱে বাৱে কেইবাজনো নেতা- পালিনেতা । সামাজিক দূৰত্ব বিচাৰি পাবলৈ নাই ।

ক'ভিড প্ৰটক’ল ভাঙি পূজাৰ মণ্ডপে মণ্ডপে নেতাৰ ভিৰ

অষ্টমীৰ দিনা পাণ্ডুৰ পূজা মণ্ডপত উপস্থিত হৈছিল স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা । পূজা অৰ্চনা মন্ত্ৰীয়ে ঠিকেই কৰিলে । কিন্তু লগত যোৱাসকলৰ সৈতে দেখা নগ’ল তেওঁৰ কোনো সামাজিক দূৰত্ব । একেদৰে মন্ত্ৰী অতুল বৰায়ো গোলাঘাটৰ পূজা মণ্ডপত গৈ সেৱা ললে যদিও সামাজিক দূৰত্ব বোলা কোনো বস্তু পৰিলক্ষিত হোৱা নাছিল । সেয়ে প্ৰশ্ন হয়- ক'ভিড বিধি কেৱল সাধাৰণ প্ৰজাগণৰ বাবেহে নেকি ?

politicians violating covid protocol
ক'ভিড প্ৰটক’ল ভাঙি পূজাৰ মণ্ডপে মণ্ডপে নেতাৰ ভিৰ

লগতে পঢ়কঃ প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱক চিকিৎসায়ৰ পৰা অব্যাহতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.