ETV Bharat / state

Guwahati book release: পুলক গগৈলৈ শ্ৰদ্ধাঞ্জলি: কবি শ্যামল কুমাৰ ভটাচাৰ্যৰ কাব্য সংকলন ‘যুগলবন্দী’ উন্মোচন

author img

By

Published : Dec 18, 2022, 7:32 PM IST

Guwahati book release
কবি শ্যামল কুমাৰ ভটাচাৰ্যৰ কাব্য সংকলন ‘যুগলবন্দী’ উন্মোচন

প্ৰয়াত ছবি নিৰ্মাতা তথা বিশিষ্ট চিত্ৰ শিল্পী পুলক গগৈলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উন্মোচন কৰা হ’ল কবি শ্যামল কুমাৰ ভট্টাচাৰ্যৰ নৱতম কাব্য সংকলন ‘যুগলবন্দী’ ৷ এই কাব্য সংকলনখনৰ বেটুপাতৰ লগতে চিত্ৰ অংকন কৰিছে প্ৰয়াত পুলক গগৈয়ে ৷

কবি শ্যামল কুমাৰ ভটাচাৰ্যৰ কাব্য সংকলন ‘যুগলবন্দী’ উন্মোচন

গুৱাহাটী, 18ডিচেম্বৰ: উন্মোচন কৰা হ’ল ইণ্ডিয়া কাৰ্বন লিমিটেডৰ পৰিচালন সঞ্চালক তথা কবি শ্যামল কুমাৰ ভট্টাচাৰ্যৰ(Poet Shyamal Kumar Bhattacharya) নৱতম কাব্য সংকলন ‘যুগলবন্দী’ ৷ দেওবাৰে মহানগৰীৰ নুনমাটিস্থিত ইণ্ডিয়া কাৰ্বনৰ অতিথিশালত(India Carbon Limited Guest House) উন্মোচন কৰা হয় এই কাব্য সংকলনখন ৷ কাব্য সংকলনখন উন্মোচন কৰে বিশিষ্ট উপন্যাসিক ‘অনুৰাধাৰ দেশ' খ্যাত ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে(Phanindra Kumar Dev Choudhury) ৷

এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় সদ্য প্ৰয়াত বিশিষ্ট ছবি পৰিচালক তথা চিত্ৰকৰ পুলক গগৈক(Film maker Pulak Gogoi) ৷ উল্লেখ্য যে, কুৰিটাৰো অধিক কবিতাই স্থান লাভ কৰা ‘যুগলবন্দী’ নামৰ এই কাব্য সংকলনখনত বেটুপাত অংকন কৰাৰ লগতে ছবি অংকন কৰিছে প্ৰয়াত পুলক গগৈয়ে ৷

গীতে-মাতে জীপাল দেওবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে কবি নীলিম কুমাৰ(Poet Nilim Kumar), অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ(Information and Public Relation) সঞ্চালক বিষ্ণু কমল বৰা, জ্যেষ্ঠ সাংবাদিক গৌতম শর্মা, প্ৰয়াত পুলক গগৈৰ পত্নী ৰেণু গগৈ, পুত্ৰ অমিতাভ গগৈ (ৰূপক), কবি তথা ইণ্ডিয়া কাৰ্বনৰ পৰিচালন সঞ্চালক শ্যামল কুমাৰ ভট্টাচাৰ্য আৰু আৰোহণ পাব্লিকেশ্যনৰ স্বত্ত্বাধিকাৰী তথা গ্ৰন্থ প্ৰকাশিকা ড৹ সীমা বৰা ।

ষাঠি পৃষ্ঠাজোৰা এই কাব্য সংকলনখন প্ৰকাশ কৰিছে আৰোহণ পাব্লিকেশ্যনে ৷ শ্যামল কুমাৰ ভট্টাচাৰ্যৰ কবিতা আৰু পুলক গগৈৰ কল্পচিত্ৰৰ ‘যুগলবন্দী’ শীৰ্ষক কাব্যগ্ৰন্থখনে অসমীয়া কাব্য-সাহিত্য জগতত বিশেষ বৰঙণি আগবঢ়াব বুলি আশা প্ৰকাশ বিশিষ্ট লেখিকা তথা প্ৰকাশিকা সীমা বৰাৰ ৷

লগতে পঢ়ক: Rape case in Guwahati : মহানগৰীত ধৰ্ষণৰ বলি ১৮ বছৰীয়া যুৱতী, অভিযুক্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.