ETV Bharat / state

ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য থকাটো অতি প্ৰয়োজন : পীযুষ হাজৰিকা

author img

By

Published : Sep 4, 2022, 9:42 PM IST

জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ দুদিনীয়া কৰ্মশালাৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika attends two day workshop)। অভিজ্ঞ অভিযন্তাৰ অভিজ্ঞতা আৰু নতুন সকলৰ নতুন কৌশলক একেলগ কৰি কাম কৰিবলৈ আহ্বান । মথাউৰিত শ্লুইছ গেট নিৰ্মাণেৰে বান নিয়ন্ত্ৰণৰ প্ৰয়াস কৰাৰ ওপৰত গুৰুত্ব ।

Pijush Hazarika attends two day workshop
ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য থকাটো অতি প্ৰয়োজন : পীযুষ হাজৰিকা

গুৱাহাটী, ৪ ছেপ্টেম্বৰ : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যখনৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ বাবে দুদিনীয়াকৈ আয়োজন কৰা কৰ্মশালাৰ (Pijush Hazarika attends two day workshop) দেওবাৰে প্ৰথম দিনাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি অভিযন্তাসকলৰ পৰা ৰাজ্যখনত বান আৰু খহনীয়া ৰোধৰ বাবে চলি থকা সকলো কাম-কাজৰ বুজ লয় ।

Pijush Hazarika attends two day workshop
ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য থকাটো অতি প্ৰয়োজন : পীযুষ হাজৰিকা

দুদিনীয়া কৰ্মশালাখনৰ প্ৰথম দিনাৰ আৰম্ভণি অনুষ্ঠানত নিজৰ বক্তব্য ৰাখি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ তথা মাগদৰ্শনত জলসম্পদ বিভাগৰ সকলো কাৰিকৰী বিষয়াৰ সৈতে দুদিনীয়াকৈ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে ।

এই আলোচনাতে ৰাজ্যখনৰ বান আৰু খহনীয়া ৰোধৰ বাবে চলাই থকা কাৰিকৰী কৌশলসমূহৰ ওপৰত আলোচনা কৰি এনে কৌশলসমূহ নতুন উদ্ভাৱনী প্ৰযুক্তিৰ সহায়ত নতুন ৰূপ দিব পৰা যায় নেকি সেয়া বিচাৰ কৰি চোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (Pijush Hazarika Urges Engineers to Use New Techniques for Flood Control in Assam)।

জলসম্পদ বিভাগৰ অভিজ্ঞতা সম্পন্ন অভিযন্তাৰ অভিজ্ঞতা আৰু নতুন অভিযন্তাসকলৰ নতুন কৌশলৰ জ্ঞান দুইটাকে একেলগ কৰি বিভাগীয় কৌশলসমূহ উন্নত কৰাৰ বিষয়ে দুদিনীয়া কৰ্মশালাত আলোচনা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

Pijush Hazarika attends two day workshop
জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ দুদিনীয়া কৰ্মশালা

আনহাতে, জলসম্পদ মন্ত্ৰী হিচাপে বিগত দুই বছৰ ধৰি অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে লাভ কৰা অভিজ্ঞতা ব্যক্ত কৰিবলৈ গৈ তেঁও কয় যে, বিভাগৰ হাতত ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য মজুত থকাটো হৈছে প্ৰাথমিক প্ৰয়োজন । ১৯৬০ ৰ দশকত নিৰ্মাণ কৰা এটা মথাউৰি ২০২২ চনত সমানে সক্ৰিয় হৈ থাকিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, আমাৰ হাতত ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য থকাটো অতি প্ৰয়োজন ।

লগতে পঢ়ক : মেগছেছে বঁটা প্ৰত্যাখ্যান কৰিলে কেৰালাৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী শৈলাজাই

আনহাতে, প্ৰত্যেক বছৰে ৰাজ্যখনৰ বানপানীৰ প্ৰকৃতি সলনি হৈ থাকে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই বিভাগৰ এটা সক্ৰিয় গৱেষণা দলৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে । বিভাগীয় কামৰ ক্ষেত্ৰত সদায়ে নতুনত্বক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিগত বাৰিষাত মৰিগাঁও আৰু ধেমাজি জিলাত বান নিয়ন্ত্ৰণ হোৱাৰ কথা প্ৰকাশ কৰে ।

আনহাতে জিঅ’ বেগৰ লগতে পাৰ্কুপাইন ব্যৱহাৰ কৰি যোৰহাটৰ নিমাটি ঘাটত বহু পৰিমাণে খহনীয়া ৰোধ কৰিবলৈ সক্ষম হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । মথাউৰিসমূহৰ নিৰ্দিষ্ট দূৰত্বত শ্লুইছ গেট নিৰ্মাণৰ বিষয়ে চিন্তা কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্যত উল্লেখ কৰে ।

Pijush Hazarika attends two day workshop
ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য থকাটো অতি প্ৰয়োজন : পীযুষ হাজৰিকা

নতুন কৌশল ব্যৱহাৰেৰে বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে অভিযন্তাসকলক চিন্তা কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে, ভাল কাম কৰিবলৈ আমাৰ কোনোধৰণৰ সমস্যা নাই । কিন্তু পুঁজিৰ যাতে সদব্যৱহাৰ হয় তাৰ প্ৰতি সকলো সজাগ থাকিব লাগিব । বিয়লি কৰ্মশালাখনৰ কাৰিকৰী সত্ৰত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জলসম্পদ বিভাগৰ সকলো মণ্ডলৰ অভিযন্তাৰ পৰা বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ নতুন ধাৰণাসমূহৰ বিষয়ে বুজ লয় ।

লগতে পঢ়ক : গুৱাহাটীত সৰ্বানন্দ সোণোৱালক বিপুল আদৰণি

কেইবাগৰাকীও নতুন অভিযন্তাই তেওঁলোকৰ নতুন কৌশলৰ ধাৰণাসমূহ উপস্থাপন কৰাত মন্ত্ৰীগৰাকীয়ে পৰীক্ষামূলকভাৱে এই ধাৰণাসমূহ ব্যৱহাৰৰ বাবে বিভাগক নিৰ্দেশ দিয়ে । এগৰাকী যুৱ অভিযন্তাই মথাউৰিৰ বাবে ব্যৱহৃত মাটিৰ গুণাগুণ বৃদ্ধিৰ বাবে এবিধ জৈৱিক দ্ৰব্য ব্যৱহাৰৰ ধাৰণা দিয়াত মন্ত্ৰীগৰাকীয়ে এই ধাৰণাকো পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰিবলৈ মুখ্য অভিযন্তাক আহ্বান জনায় ।

মন্ত্ৰীগৰাকীয়ে কয় যে, এনেদৰে নিৰ্দিষ্ট সময়ৰ অন্তৰালত বিভাগৰ ন-পুৰণি অভিযন্তাসকলৰ বৈঠক অনুষ্ঠিত কৰিলে বিভাগীয় কামসমূহে পৰিৱৰ্তিত সময়ৰ দাবীত নতুন ৰূপ পাবলৈ সক্ষম হ’ব । আনহাতে, এইবাৰ মধ্য আৰু নামনি অসমৰ যিসমূহ অঞ্চলত বানপানীৰ প্ৰকোপ বেছি আছিল সেই অঞ্চলসমূহত বান নিয়ন্ত্ৰণৰ পদক্ষেপৰ ওপৰতো আজিৰ কৰ্মশালাত আলোচনা কৰা হয় ।

দুদিনীয়াকৈ আয়োজিত কৰ্মশালাখনৰ আজিৰ আৰম্ভণি অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় জলসম্পদ ব্যৱস্থাপনা আৰু নদী বিশেষজ্ঞ অভিযন্তা নাট অ’বাৰহাজেম আৰু আই আই টি গুৱাহাটীৰ বান আৰু গৰাখহনীয়া বিষয়ৰ অধ্যাপক ড৹ ৰাজীৱ ভট্টাচাৰ্যয়ো অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় ।

অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাছি, ‘‘বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ’’ৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ জীৱন বি আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা তথা সকলো অভিযন্তা উপস্থিত আছিল ।

লগতে পঢ়ক : জম্মুত নতুন দল গঠনৰ ঘোষণা গোলাম নবী আজাদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.