ETV Bharat / state

Protest at Sarusajai Stadium: প্ৰধানমন্ত্ৰীৰ আগমণৰ সময়তে সৰুসজাইত ভাঁহি উঠিল মূৰ্দাবাদ ধ্বনি

author img

By

Published : Apr 14, 2023, 9:05 PM IST

Protest against PM and CM
নৰেন্দ্ৰ মোডী আৰু হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল সৰুসজাই ষ্টেডিয়ামৰ চৌহদ

সৰুসজাই ষ্টেডিয়ামত প্ৰৱেশ কৰিব নিদিয়াৰ বাবে ষ্টেডিয়ামৰ মুখ্য দ্বাৰৰ সম্মুখত নৰেন্দ্ৰ মোডী আৰু হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ ধ্বনিৰে সৰুসজাই ষ্টেডিয়ামৰ চৌহদ উত্তাল কৰি তোলে একাংশ দৰ্শকে (People protest at Sarusajai Stadium)।

নৰেন্দ্ৰ মোডী আৰু হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল সৰুসজাই ষ্টেডিয়ামৰ চৌহদ

গুৱাহাটী, 14 এপ্ৰিল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গুৱাহাটী আগমণৰ পৰাই গুৱাহাটীত কেতবোৰ বিতৰ্কিত ঘটনা সংঘটিত হোৱাৰ লগতে বহু সংখ্যক মানুহৰ মাজত সৃষ্টি হৈছে অসন্তুষ্টিৰ বহিঃপ্ৰকাশ (Narendra Modi visits Assam)। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গুৱাহাটী আগমণৰ প্ৰাকমূহুৰ্তত গুৱাহাটীত এখন বেনামী পোষ্টাৰে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (CM Controversial poster)। ৱাশ্বিং পাউডাৰ নিৰ্মাৰ বিজ্ঞাপন সদৃশ পোষ্টাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো দেখা গৈছে । লগতে আছে কেবাগৰাকীও বিজেপিৰ বিভিন্ন ৰাজ্যৰ প্ৰভাৱশালী নেতাৰ ফটো । এই বেনামী পোষ্টাৰখন গুৱাহাটীৰ ভঙাগড়ৰ ৰাজপথত দেখা পোৱা হৈছিল ।

অৱশ্যে, পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই বেনামী পোষ্টাৰখন গুৱাহাটীৰ ভঙাগড়ৰ ৰাজপথৰ পৰা আঁতৰ কৰি পেলায় । ইপিনে সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰীৰ উপস্থিতত অনুষ্ঠিত বিহু নৃত্যৰ অনুষ্ঠানত প্ৰৱেশ কৰিবলৈ নিদিয়া হাজাৰ হাজাৰ লোকে সৰুসজাই ষ্টেডিয়ামৰ মুখ্যদ্বাৰৰ সম্মুখত উত্তাল প্ৰতিবাদ কৰে (Protest against PM and CM)।

মন কৰিবলগীয়া যে, ৰাজ্য চৰকাৰে সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰীৰ উপস্থিতত অনুষ্ঠিত বিহু নৃত্য অনুষ্ঠানত ৰাইজক প্ৰৱেশ কৰাৰ বাবে বিনামূলীয়াকৈ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰিছিল । কিন্তু প্ৰৱেশ পত্ৰ থকাৰ পিচতো বহু সংখ্যক লোকক আৰক্ষীয়ে সৰুসজাই ষ্টেডিয়ামত প্ৰৱেশ কৰিব নিদিলে । যাৰ বাবে অনুষ্ঠানত প্ৰৱেশ কৰিব নিদিয়া হাজাৰ হাজাৰ লোকে সৰুসজাই ষ্টেডিয়ামৰ মুখ্য দ্বাৰৰ সম্মুখত নৰেন্দ্ৰ মোডী আৰু হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে সৰুসজাই ষ্টেডিয়ামৰ চৌহদ উত্তাল কৰি তোলে (People protest at Sarusajai Stadium)।

প্ৰৱেশ পত্ৰ থকাৰ পিচতো অনুষ্ঠানত প্ৰৱেশ কৰিব নিদিয়া লোকসকলে অভিযোগ কৰি কয়, "যদি ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে তেনেহলে আমাক প্ৰৱেশ পত্ৰ কিয় দিছিল ।"

স্মৰ্তব্য যে, চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাইজক এই অনুষ্ঠানৰ বাবে প্ৰৱেশ পত্ৰ বিতৰণ কৰিছিল । দীঘলীয়া শাৰী পাতি লোকসকলে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিছিল ৷ কিন্তু ইয়াৰ পিচতো এনেদৰে প্ৰৱেশ পত্ৰ সংগহ কৰি অনুষ্ঠানত প্ৰৱেশ কৰিব নোৱাৰাত লোকসকলে ক্ষুব্ধ হৈ পৰে ।

লগতে পঢ়ক: KNP Rhino number controversy : কাজিৰঙাৰ গঁড়ৰ সংখ্যাক লৈ কোনে চলাইছে ভুৱা প্ৰচাৰ ?

আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা‌ মতে সৰুসজাই ষ্টেডিয়ামত সাধাৰণ ৰাইজৰ বাবে থকা আসনতকৈ বেছিকৈ প্ৰৱেশ পত্ৰ বিতৰণ কৰা হোৱা বাবে এনে পৰিস্থিতিৰ‌ সৃষ্টি হৈছে । যদি এনে হৈছে তেনেহলে কিয় অবিবেচকভাবে চৰকাৰে কোনো কথা বিচাৰ নকৰকৈ প্ৰৱেশ পত্ৰ হিচাপ নকৰাকৈ বিতৰণ কৰিছিল । সেইয়া লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.