ETV Bharat / state

Autumn session 2023: বিভিন্ন শান্তি চুক্তি দ্ৰুতগতিত ৰূপায়ণ হোৱাৰ কথা বিধানসভাত উল্লেখ মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 8:10 PM IST

Autumn session 2023
বিধানসভাত মুখ্যমন্ত্ৰী

বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়নত চৰকাৰে বিশেষ গুৰুত্ব দিয়াৰ কথা বিধানসভাত ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ লগতে কাৰ্বি-আংলঙত ৬টাকৈ বিদ্ৰোহী সংগঠনৰ সৈতে স্বাক্ষৰ কৰা শান্তি চুক্তিৰ আধাৰত বৰ্তমান কাৰ্বিভূমিত আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা হৈছে বুলি উল্লেখ কৰে ।

বিধানসভাত মুখ্যমন্ত্ৰী

গুৱাহাটী, ১১ ছেপ্টেম্বৰ: বিজেপি চৰকাৰৰ শাসনত অসমত স্বাক্ষৰিত বিভিন্ন শান্তি চুক্তি সঠিকভাৱে ৰূপায়নত সফল হৈছে ৷ সোমবাৰে বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে এই কথা । বিধানসভাত মুখ্যমন্ত্ৰীয়ে কয় যে, বড়ো শান্তি চুক্তি অৰ্থাৎ বি টি আৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়নৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে । যোৱা দুবছৰত বি টি আৰ চুক্তিৰ প্ৰায়বোৰ দফা দ্ৰুতগতিত ৰূপায়ণ হৈছে আৰু ইয়াৰ অধিকাংশ দফাৰে বৰ্তমান ৭০ শতাংশৰ পৰা ৯০ শতাংশ ইতিমধ্যে ৰূপায়ণ কৰা হৈছে ।

মুখ্যমন্ত্ৰী শৰ্মাই বিটিআৰ চুক্তিৰ দুটা বিশেষ দফা- বি টি আৰ এলেকাৰ‌ সম্প্ৰসাৰণ গহপুৰলৈকে আৰু বি টি আৰৰ আসন‌ বৃদ্ধি কৰি এই আসন সংৰক্ষণৰ সমানুপাতিকতাৰ ক্ষেত্ৰত এক এক্যমতত উপনীত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ অতি কম সময়ৰ ভিতৰত বি টি আৰ চুক্তিৰ প্ৰতিটো চুক্তি সম্পূৰ্ণভাৱে ৰূপায়ণ হ'ব বুলি তেওঁ আশা ব্যক্ত কৰি নতুনকৈ ৰূপায়ণ কৰা চুক্তিৰ প্ৰতিটো দিশ অতিকৈ সন্তোষজনক বুলি উল্লেখ কৰে ৷ তেওঁ সঘনাই এবছু, বড়ো সাহিত্য সভা আৰু এনডিএফবিৰ প্ৰাক্তন সংগঠনৰ লগত আলোচনাত মিলিত হোৱাত চুক্তি ৰূপায়নত কোনো অন্তৰায় সৃষ্টি হোৱা নাই বুলি জানিবলৈ দিয়ে ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, কাৰ্বি-আংলঙত ৬টাকৈ বিদ্ৰোহী সংগঠনৰ সৈতে স্বাক্ষৰ কৰা শান্তি চুক্তিৰ আধাৰত বৰ্তমানে কাৰ্বি ভূমিত আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা হৈছে । ডিমাচা চুক্তিখন নতুন হোৱাৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কামৰ‌ বাবে ডিমাচা চুক্তিখন কিছু‌ পিছ পৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে‌ বিধানসভাত উল্লেখ কৰে । তেওঁ দিল্লী আৰু অসমত বিজেপি চৰকাৰৰ দিনত স্বাক্ষৰ হোৱা চুক্তিসমূহ ৰূপায়নৰ ক্ষেত্ৰত ছাত্ৰ সংগঠন তথা বিদ্ৰোহী সংগঠনকে ধৰি কোনেও অসন্তুষ্টি ব্যক্ত কৰা নাই বুলি উল্লেখ কৰি যথেষ্ট ক্ষীপ্ৰতাৰে এই চুক্তিকেইখন ৰূপায়ণ হোৱাত সন্তুষ্টি ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক: CM's family land scam: ৰাক্ষস সুলভ মানসিকতাৰ ব্যক্তিৰ হাতত এতিয়া অসমৰ শাসনভাৰ আছে:প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.