ETV Bharat / state

Assam MGNREGA scam: অসমত এম জি এনৰেগাত দুৰ্নীতি আৰু অনিয়মৰ সাত শতাধিক গোচৰ

author img

By

Published : Jul 28, 2023, 7:11 PM IST

অসমত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন কার্যক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ যাওঁতে প্ৰতিটো স্তৰতে সংঘটিত হৈ আহিছে দুৰ্নীতি-অনিয়ম ৷ এম জি এনৰেগাৰ কাম-কাজৰ নামত হোৱা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়তো দাখিল হৈছে অভিযোগ ৷ ৰাজ্যখনৰ ২১১জন সাধাৰণ তথা সচেতনব্যক্তিয়ে কামৰ অনিয়ম সন্দৰ্ভত ৰাষ্ট্ৰীয় প’ৰ্টেলত দাখিল কৰিছে অভিযোগ ৷ সৰ্বাধিক ৫৫১ টা অভিযোগ ৰুজু হৈছে গাঁও পঞ্চায়তৰ বিৰুদ্ধে ৷ ৰুজু হোৱা বিভাগীয় গোচৰৰ ৪৮৪ টা নিষ্পত্তি হৈছে যদিও বাকী আছে ২২২ টা ৷

Assam MGNREGA scam
Assam MGNREGA scam

গুৱাহাটী, ২৮ জুলাই: অসমত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ব্যৰ্থতাৰ বাবেই মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন চমুকৈ এম জি এনৰেগা কাৰ্যতঃ প্ৰহসনত পৰিণত হৈছে ৷ লক্ষণীয় বিষয় যে ৰাজ্যত এম জি এনৰেগাৰ প্ৰায় চাৰে সাত লাখ কাম আধৰুৱা হৈ আছে ৷ আনহাতে ব্যয় নোহোৱাকৈ আছে ৬৮৪ কোটি টকা ৷ বিভিন্ন কাৰণত অসমত এম জি এনৰেগা কাৰ্যতঃ বিফল হৈছে ৷ আনহাতে এম জি এনৰেগাৰ নামত ৰাজ্যখনত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ নতুন নহয় ।

Assam MGNREGA scam
এম জি এনৰেগাত দুৰ্নীতি আৰু অনিয়মৰ সাত শতাধিক গোচৰ

উল্লখ্য যে ২০০৫ চনৰ ৭ ছেপ্টেম্বৰত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনখন জাৰি কৰাৰ পাছত অসমতো পর্যায়ক্ৰমে সকলো জিলাতে আইনখন ৰূপায়ণ হয় ৷ কিন্তু অসমত এই আইনখন কার্যক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ যাওঁতে প্ৰতিটো স্তৰতে দুৰ্নীতি-অনিয়ম সংঘটিত হৈ আহিছে ৷ এম জি এনৰেগাৰ অধীনত গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ নামত কৰা কামসমূহৰ বেছিভাগতে দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

এই দুর্নীতি-অনিয়মৰ অভিযোগ যে কেৱল স্থানীয়ভাৱে উত্থাপন হৈছে তথা তদন্ত হৈছে এনে নহয় ৷ এম জি এনৰেগাৰ কাম-কাজৰ নামত হোৱা দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়তো অভিযোগ দাখিল হৈছে ৷ ৰাজ্যখনত বিগত ১৩-১৪ বছৰত এম জি এনৰেগাৰ এনে দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে বিভিন্ন পক্ষই ৰাষ্ট্ৰীয় স্তৰত মুঠ ৭২০ টা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু নিম্নমানৰ কামৰ বিৰোধিতা কৰি আহিছে ৷

উল্লেখ্য যে এম জি এনৰেগাৰ কামত হোৱা বিত্তীয় কেলেংকাৰী তথা বিসংগতিৰ তালিকাত সবাতোকৈ বেছি অভিযোগ উত্থাপন হৈছে গাঁও পঞ্চায়তৰ বিৰুদ্ধে ৷ তেনেদৰে অভিযোগকাৰী সকলৰ ভিতৰত এম জি এনৰেগাত কাম কৰা শ্ৰমিক অথবা সাধাৰণ নাগৰিকৰ সংখ্যাই অধিক ৷ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে এনৰেগাৰ কামত হোৱা এনে দুৰ্নীতি-অনিয়মৰ ফলত বহু কাম আধৰুৱা হৈ পৰি থকাৰ লগতে বহু অভিযোগৰ ভিত্তিত ৰুজু হোৱা গোচৰ নিষ্পত্তি নোহোৱা বাবে বহু কাম সম্পূর্ণ হ’বলৈ বাকী থাকে ৷

তথ্য অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত এনেদৰে উত্থাপিত অভিযোগৰ ভিত্তিত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা হৈছে ২২২ টা ৷ ৰাজ্যত ৰূপায়িত হোৱা এম জি এনৰেগাৰ বিভিন্ন কামৰ দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় স্তৰত বিভিন্নজনে বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে ৷

এই অভিযোগৰ ভিত্তিত গ্ৰামোন্নয়ন মন্ত্ৰালয়ত এতিয়ালৈকে ৰুজু হৈছে এতিয়ালৈকে ৭২০টা গোচৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যখনৰ ২১১ জন সাধাৰণ তথা সচেতন ব্যক্তিয়ে বিভিন্ন কামৰ অনিয়ম সন্দৰ্ভত ৰাষ্ট্ৰীয় প’ৰ্টেলত অভিযোগ দাখিল কৰিছে ৷ তেনেদৰে কামৰ বিনিময়ত ধন লাভ কৰা ৪৬২ টা অভিযোগ এম জি এনৰেগাৰ শ্ৰমিকে দাখিল কৰিছে ৷

আনহাতে ৰাজ্যখনৰ ৩০ টাকৈ স্বেচ্ছাসেৱী সংগঠনেও এম জি এনৰেগাত হোৱা দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ৷ অভিযোগ দাখিল কৰা অন্যান্য সংস্থাবোৰৰ ভিতৰত আছে দুখন গাঁও পঞ্চায়ত, এটা ডাকঘৰ, ৮ গৰাকী ভি আই পি আৰু ৬ টাকৈ সংবাদ গোষ্ঠী ৷ এইসকলে দাখিল কৰা অভিযোগৰ ভিত্তিত সৰ্বাধিক ৫৫১ টা অভিযোগ ৰুজু হৈছে গাঁও পঞ্চায়তৰ বিৰুদ্ধে ৷

তদুপৰি ৰাজ্যখনৰ ৩৫ টা পঞ্চায়ত সমিতিৰ বিৰুদ্ধেও এনৰেগাৰ কামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ ৰুজু হৈছে ৷ ডাকঘৰৰ বিৰুদ্ধে ৫৬ টা গোচৰ, জিলা পৰিষদৰ বিৰুদ্ধে ১১ টা গোচৰ, ডি পি চিৰ বিৰুদ্ধে ৪৮ টা আৰু ইমপ্লিমেণ্টিং এজেন্সিৰ বিৰুদ্ধে ১৯ টা গোচৰ ৰুজু হৈছে ।

তথ্য অনুসৰি ইতিমধ্যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ৭২০ টা অভিযোগৰ ভিত্তিত ৰুজু হোৱা বিভাগীয় গোচৰৰ ৪৮৪ টা নিষ্পত্তি কৰিছে যদিও ২২২ টা গোচৰ নিষ্পত্তি হ’বলৈ বাকী আছে । ইফালে এম জি এনৰেগাৰ কামৰ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে দাখিল হোৱা অভিযোগৰ ২১৪ টা বিভাগীয় গোচৰহে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ তদন্তৰ আওতাত আছে ।

ৰাজ্যত হোৱা এম জি এনৰেগাৰ অনিয়মৰ বিৰুদ্ধে ৬টা গুৰুতৰ অভিযোগ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল হৈছিল আৰু যিকেইটা অভিযোগৰ অনুসন্ধান কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত অব্যাহত আছে ৷

লগতে পঢ়ক: Assam SCERT Scam: ১০৫ কোটি টকীয়া SCERT কেলেংকাৰীৰ অভিযোগনামা দাখিল মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.