ETV Bharat / state

Assam politics: মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক গ’লপোষ্টক লৈ বিৰোধীৰ কটাক্ষ

author img

By

Published : May 10, 2023, 8:23 PM IST

Updated : May 10, 2023, 10:47 PM IST

অসমৰ ৰাজনীতিত গ’লকীপাৰ নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীয়ে ৷ মুখ্যমন্ত্ৰী বিৰোধীৰ পৰা ধৰি জাতীয় দল-সংগঠনলৈকে মেনেজ কৰা বুলি অভিযোগ অখিল গগৈৰ ৷ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া (MLA Abdur Rashid Mandal) ৷

Assam politics
Assam politics

মুখ্য়মন্ত্ৰীৰ ৰাজনৈতিক গ’লপোষ্টক লৈ কি ক’লে বিৰোধীয়ে ?

গুৱাহাটী, ১০ মে’: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখনে দুটা বছৰ সম্পূৰ্ণ কৰি তিনি বছৰত আজি ভৰি দিলে ৷ বৰ্ষপূৰ্তিৰ মাজতে মুখ্যমন্ত্ৰীজনৰ এক ৰাজনৈতিক মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে ৷ “অসমত গ’লপোষ্টত গ’লকীপাৰেই নাই ৷ গ’ল দি থাকিলেই হ’ল ...” দুবছৰীয়া বৰ্ষপূৰ্তি প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) এই ৰাজনৈতিক মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ৷ এই বক্তব্যৰে ৰাজ্যৰ বিৰোধীক এক প্ৰকাৰ নস্যাৎ কৰি পেলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ এনে বক্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ বিৰোধীয়ে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল ?

মুখ্যমন্ত্ৰীয়ে মঙলবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসমত বিৰোধীৰ অস্তিত্বক নস্যাৎ কৰি কৈছিল, “অসমত গ’লপষ্টত গ’লকীপাৰেই নাই ৷ ইয়াত গ’ল দি থাকিলেই হ’ল ৷ সেই কাৰণেই মই আজি কালি ৰাজনৈতিক কথা-বতৰা নকওঁ ৷ যোৱা দুটা বছৰে মই ৰাজনৈতিক কথা বতৰা পতা নাই ৷ কাৰণ ভালেই নালাগে ৷ মানুহে সুধিলে কয়, দাদা আমি আছোৱেই ৷ ভোটৰ কথা কিয় কয় ? এইবিলাক এতিয়া আলোচনাই হ’ব নালাগে ৷ এআইইউডিএফ-কংগ্ৰেছ এইবোৰ নোহোৱা কৰি দিব লাগে ৷ অসমৰ মানুহে এইবোৰ পাতিব নোখোজে ৷ মানুহৰ মাইণ্ড ছেটটোৱেই বদলি হৈ গৈছে ৷ মই মাজে মাজে লক্ষ্য কৰো আজিকালি চচিয়েল মিডিয়াত পলিটিকেল লাইক আদি কমি গৈছে ৷ যিটো ৰিজাল্ট হ’ব মানুহে জানেই ” ৷

অৰ্থাৎ ৰাজ্যত এতিয়া বিৰোধীৰ কোনো অস্তিত্বই নাই ৷ সেয়ে ৰাইজে এতিয়া বিজেপিৰ বাদে বেলেগ কথা নাভাবেই ৷’’ ২০২৪ত ফলাফল বিজেপিৰ সপক্ষেই যাব বুলি মুখ্যমন্ত্ৰীয়ে ক’ব খোজে (Himanta Biswa on political goalpost) ৷

মুখ্যমন্ত্ৰীক উভতি ধৰিছে বিৰোধীয়ে

‘‘অসমত গ’লপোষ্টত গ’লকীপাৰেই নাই ৷’’ মুখ্যমন্ত্ৰীৰ এই মন্তব্য প্ৰসংগত ৰাইজৰ দলৰ বিধায়ক তথা সভাপতি অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “অসমৰ মুখ্যমন্ত্ৰীজন হ'ল মেনেজ মাষ্টাৰ ৷ বিৰোধীক মেনেজ কৰিছে ৷ জাতীয় দল-সংগঠনক মেনেজ কৰিছে ৷ আনকি বুদ্ধিজীৱী আৰু একাংশ সংবাদ মাধ্যমক মেনেজ কৰিছে ৷ বিৰোধী, সংবাদ মাধ্যমৰ আৰু বুদ্ধিজীৱী ভাবমূৰ্তি শেষ হৈছে ।”

লগতে অখিল গগৈয়ে শ্লেষ কৰি কয় যে, এতিয়া অসমত এজনেই ভাল মানুহ আছে ৷ সেয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Akhil Gogoi slams Himanta) ৷ “এতিয়া বিদেশীমুক্ত অসমৰ শ্লোগান নাই ৷ স্বাধীন অসমৰ কথা বতৰা নাই, জাতীয় আত্মনিয়ন্ত্ৰণৰ কথা বতৰা নাই, ‘কা’ৰ কথা এতিয়া অসমত নাই, বৃহৎ নদী বান্ধৰ আন্দোলন নাই ৷ আছু নিঃপালি দিলে ৷ জাতীয় সংগঠন মেনেজ কৰিলে অসমৰ সমস্যা সমাধান নহয় ৷’’ অসমৰ ইতিহাসত হিমন্ত বিশ্ব শৰ্মা এজন আত্মসমৰ্পণকাৰী মুখ্যমন্ত্ৰী বুলিও কটাক্ষ অখিল গগৈৰ ৷

আনহাতে, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক গ’লপোষ্টৰ মন্তব্যক লৈ কংগ্ৰেছ দলৰ তৰফৰ পৰাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তীব্ৰ সমালোচনা কৰিছে ৷ দলটোৰ জ্যেষ্ঠ নেতা তথা কেইবাৰৰো বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে ৰাজনীতিৰ গ’লকীপাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক সমালোচনা কৰি ক’লে এইদৰে, “মুখ্যমন্ত্ৰী কথা কোৱাত পাকৈত, এইটো এটা ৰাজনৈতিক সংলাপ বা বিবৃতি ৷ মহাভাৰতৰ যুদ্ধতো অশ্বত্থামা হতঃ, কিন্তু ইতি গজ বুলি কৈছিল ৷ বিৰোধীক দুৰ্বল-হেয় প্ৰতিপন্ন কৰিবলৈকে মুখ্যমন্ত্ৰীয়ে এনে কথা কৈছে (Abdur Rashid Mandal slams Himanta) ৷”

লগতে কংগ্ৰেছৰ বিধায়কজনে ক’লে, “কৰ্ণাটকৰ পৰা গ’ল খোৱা আৰম্ভ হৈছে ৷ ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনত কোনে গ’ল খায় দেখা যাব (Karnataka assembly election) ৷ মুখ্যমন্ত্ৰীয়ে বিৰোধীৰ গ’লকীপাৰৰ কথা চিন্তা কৰিব নালাগে, তেওঁ নিজৰ দলটো ঠিকে ৰাখক ৷”

লগতে পঢ়ক: Akhil Gogoi slams Himanta: কংগ্ৰেছ ব্যৰ্থ, আজমল‌ মুখ্যমন্ত্ৰীৰ পকেটত: অখিল‌ গগৈ

Last Updated :May 10, 2023, 10:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.