ETV Bharat / state

চৰকাৰক NPS বাতিলৰ দাবী বিৰোধীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 8:28 PM IST

নতুন পেঞ্চন নীতি প্ৰত্যাহাৰৰ বাবে চৰকাৰক আহ্বান বিৰোধীৰ ৷ কংগ্ৰেছৰ চৰকাৰ হ’লে অসমৰ পৰা NPS প্ৰত্যাহাৰ কৰি OPS পুনঃপ্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি ভূপেন বৰাৰ ৷

Opposition demands cancellation of NPS
Bhupen Bora against NPS

চৰকাৰক NPS বাতিলৰ দাবী বিৰোধীৰ

গুৱাহাটী, ২৭ নৱেম্বৰ: অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিলেই প্ৰথমখন কেবিনেটত NPS বাতিলৰ সিদ্ধান্ত লোৱা হ'ব ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দিছে এই প্ৰতিশ্ৰুতি । পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীৰে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ অভিৱৰ্তনত এইদৰে মন্তব্য কৰে ভূপেন বৰাই ।

অভিৱৰ্তনত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘কংগ্ৰেছ শাসিত ৰাজ্যত NPS বাতিল কৰা হৈছে । অসমতো কংগ্ৰেছ চৰকাৰ আহিলে NPS বাতিল কৰা হ'ব ।’’ অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত এই অভিৱৰ্তনত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই NPS ৰ বিৰোধিতা কৰি কৰ্মচাৰী সমাজৰ বাবে পেঞ্চন এক অধিকাৰ বুলি প্ৰকাশ কৰে ৷

১৫ টা বিৰোধী দলে পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনঃপ্ৰতিষ্ঠাৰ সিদ্ধান্ত লৈছে বুলি প্ৰকাশ কৰে সাংসদ ভূঞাই । এই সংগ্ৰামক ৰাজ্যৰ বা দেশৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱাৰ বাবে সকলোকে তেওঁ আহ্বান জনায় ।

ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে NPS ৰ বিৰোধিতা কৰি অসমৰ সকলো ৰাজনৈতিক দলে অসম বিধানসভাত এক বিধেয়ক উত্থাপন কৰি পুৰণি পেঞ্চন ব্যৱস্থাক পুনৰ প্ৰতিষ্ঠাৰ বাবে চৰকাৰক তীব্ৰ হেঁচা প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

ইপিনে চি পি আই এম দলৰ সম্পাদক ইচফাকুৰ ৰহমানে নিজৰ বক্তব্যত দলে আৰম্ভনিৰ পৰাই NPS ৰ বিপক্ষে মত দি আহিছে বুলি উল্লেখ কৰে ৷ বৰ্তমান সময়ত NPS ব্যৱস্থাৰ সপক্ষত মাত মতা সকলোকে এঘৰীয়া কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে ।

অনুষ্ঠান উদ্বোধন কৰি অধ্যাপক ড৹ অখিল ৰঞ্জন দত্তই নিজৰ বক্তব্যত ১% ধনী ব্যক্তিয়ে ভাৰতৰ অৰ্থনৈতিক সামাজিক ব্যৱস্থা নিয়ন্ত্ৰণ কৰি থকাটো দেশৰ বাবে অশুভ বুলি প্ৰকাশ কৰে । অনাগত সময়ত এই সকলৰ স্বাৰ্থত Gratuity, Leave Encashment বা মাহিলী দৰমহাও বন্ধ কৰাৰ পৰিকল্পনা কৰা সন্দেহ প্ৰকাশ কৰে ।

বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন উপাচাৰ্য ড৹ অলক বুঢ়াগোঁহায়ে নিজৰ বক্তব্যত কয় যে তেওঁ নিজে দীৰ্ঘদিন শিক্ষাক্ষেত্ৰৰ উচ্চ স্থানত থাকিও NPSৰ পৰা নগণ্য পৰিমানৰ পেঞ্চন লাভ কৰিছে । আন শিক্ষক-কৰ্মচাৰীসকলে কেনেদৰে দিন নিয়াব লগীয়া হৈছে সেই বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন বুলি তেওঁ কয় । ‘‘This is not an injustice, this is social criminal injustice’’ বুলি অভিহীত কৰি NPS ব্যৱস্থা পৰিহাৰ কৰাৰ আহ্বান জনায় বুঢ়াগোঁহায়ে ।

জ্যেষ্ঠ শ্ৰমিক নেতা শতঞ্জীৱ দাসে নিজৰ বক্তব্যত NPS জাপি দি কৰ্মচাৰী সকলৰ ধন ধনিক গোষ্ঠীক দিয়াৰ অভিযোগ কৰে । জ্যেষ্ঠ সাংবাদিক অদীপ ফুকনে চৰকাৰে ইচ্ছকৃতভাৱে কৰ্মচাৰীসকলৰ ভৱিষ্যৎ বজাৰত বিক্ৰী কৰা বুলি অভিযোগ কৰে । ৰাজ্যত কৰ্মৰত সকলো শ্ৰমিক কৰ্মচাৰী শিক্ষকৰ ক্ষেত্ৰত NPS বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থাৰে পেঞ্চনৰ ব্যৱস্থা কৰিবলৈ আৰু শীঘ্ৰেই PFRDA আইন ২০১৩ বাতিল কৰাৰ বাবে তেওঁ দাবী জনায় ।

যদি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ দাবী চৰকাৰে মানি নলয় তেন্তে অধিক তীব্ৰতৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে । এই বিশেষ অভিৱৰ্তনে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক ৰাজ্যত কৰ্মৰত সকলো শ্ৰমিক, কৰ্মচাৰী, শিক্ষকৰ ক্ষেত্ৰত NPS বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থাৰে পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিবলৈ আৰু শীঘ্ৰে PFRDA Act 2013 বাতিল কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক: 1 ডিচেম্বৰত তিনিচুকীয়াত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.