ETV Bharat / state

Assam state film award controversy: বঁটা বিতৰ্কক লৈ দুই মন্ত্ৰীৰ পৰস্পৰ বিৰোধী স্থিতি

author img

By

Published : Mar 15, 2023, 9:43 PM IST

নাহিদ আফ্ৰিনৰ বঁটা বিতৰ্কক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দুই মন্ত্ৰীৰ মতৰ অমিল ৷ মন্ত্ৰী পীয়ূষ হাজৰীকা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ মাজত দেখা গ’ল মতৰ পাৰ্থক্য ৷ পীয়ূষ হাজৰীকাই নাহিদ আফ্ৰিনে বঁটা ঘূৰাই দিব লাগে বুলি কোৱাৰ বিপৰীতে বিমল বৰাই ক’লে বঁটাটো নাহিদেই পাইছে (Assam state film award controversy) ৷

Assam state film award controversy
বঁটা বিতৰ্কক লৈ দুই মন্ত্ৰীৰ পৰস্পৰ বিৰোধী স্থিতি

গুৱাহাটী, 15 মাৰ্চ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনত মন্ত্ৰীসকলৰ পৰস্পৰৰ কথাৰ মাজত কোনো ধৰণৰ মিল নাই ৷ এজনে এটা কথা কয় যদি আন এজনে আন এটা কথা কয় ৷ পৰস্পৰ বিৰোধী স্থিতি গ্ৰহণ কৰে মন্ত্ৰীসকলে । তাৰেই প্ৰতিফলন ঘটিল বুধবাৰে বিধানসভা চৌহদত ৷ গান আৰু বঁটা বিতৰ্কক লৈ দুই মেৰুত অৱস্থান কৰিলে দুই মন্ত্ৰীয়ে (Assam state film award controversy) ৷

উল্লেখ্য যে সোমবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰতত প্ৰদান কৰা হৈছিল অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ৷ কণ্ঠশিল্পী নাহিদ আফ্ৰিনে লাভ কৰিছিল 2018 বৰ্ষৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা ৷ এই বঁটা প্ৰদানৰ পিচতে সৃষ্টি হৈছিল বিতৰ্কৰ ৷ নাহিদ আফ্ৰিনক যিটো গীতৰ বাবে বঁটাটো প্ৰদান কৰা হৈছে, সেই গীতটো নাহিদে গোৱা নাছিল, গাইছিল ৰূপজ্যোতি দেৱীয়েহে (Nahid Afrin controversy) ৷

Assam state film award controversy
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বদৈমাৰীৰ পৰা বঁটা গ্ৰহণৰ মূহুৰ্তত নাহিদ

‘নিজানৰ গান’ ছবিখনৰ ‘নীলাতে লুকা-ভাকু’ গীতটোৰ বাবে নাহিদক এই বঁটা প্ৰদান কৰা হৈছিল ৷ যাকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে মুখ খোলে দুই মন্ত্ৰীয়ে ৷ কিন্তু দেখা গ'ল বঁটা বিতৰ্কক লৈ দুই মন্ত্ৰীৰ দুই ভাষ্য ৷ এজনে ক’লে নাহিদ আফ্ৰিনে বঁটা ঘূৰাই দিব লাগে আৰু এজনে ক’লে নাহিদ আফ্ৰিনেই বঁটা পাইছে আৰু ঘূৰাই দিব নালাগে (Assam Film award controversy) ৷

নাহিদ আফ্ৰিনে বঁটা ঘূৰাই দিব লাগে বুলি চৰকাৰৰ মুখপাত্ৰ হিচাপে ক'লে মন্ত্ৰী পীয়ূষ হাজৰীকাই (Minister Piyush Hazarika) ৷ ইয়াৰ বিপৰীতে বঁটা ঘূৰাই দিব নালাগে বুলি ক'লে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ৷ বঁটা ঘূৰাই দিব নালাগে বুলি যুক্তি দি সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই কয় যে বঁটা নাহিদ আফ্ৰিনকে দিয়া হৈছে প্ৰযোজক-পৰিচালকে দিয়া মনোনয়নৰ ভিত্তিত ৷ বঁটাটো নাহিদ আফ্ৰিনেই পাইছে ৷ নাহিদ আফ্ৰিনে বঁটা ঘূৰাই দিব নালাগে ৷ গতিকে এই বিতৰ্কৰ অৱসান হ'ব লাগে ৷ চিনেমাখনত নাহিদ আফ্ৰিনে যিটো গান গাইছে সেই গানটোৰ বাবেহে বঁটা পাইছে ৷

Assam state film award controversy
নাহিদ আফ্ৰিনৰ হাতত চলচ্চিত্ৰ বঁটা

মন্ত্ৰী বিমল বড়াৰ (Minister Bimal Borah) এই ভাষ্যৰ বিপৰীতে চৰকাৰী মুখপাত্ৰ হিচাবে মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে চিনেমাখনত গান গোৱা তিনিজনৰ নাম দিয়া আছিল ৷ এয়া চৰকাৰ বা জুৰীৰ ভুল নহয় ৷ নাহিদ আফ্ৰিনে নিজে গানটো গাইছেনে নাই ক’ব লাগিছিল ৷ প্ৰযোজক-পৰিচালকে দিয়া নামৰ ভিত্তিত বঁটাটো দিছে ৷ গানটো যদি নাহিদ আফ্ৰিনে গোৱা নহয় তেন্তে নিয়ম মতে নাহিদ আফ্ৰিনে বঁটাটো ঘূৰাই দিব লাগে ৷

দুগৰাকী মন্ত্ৰীৰ এনে পৰস্পৰ বিৰোধী ভাষ্যই চৰকাৰখনৰ বাস্তৱ স্বৰূপটোকে উদঙাই দিছে ৷ বিতৰ্কৰ সৃষ্টি কৰা এটা বিষয়ক বিতৰ্কমুক্ত কৰাৰ বিপৰীতে দুই মন্ত্ৰীয়ে আৰু অধিক বিভ্ৰান্তিকৰ কৰি তুলিলে ৷ অৱশ্যে দুই মন্ত্ৰীৰ পৰস্পৰ বিৰোধী ভাষ্যৰ বিপৰীতে অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা খুজিলে জুৰি ব’ৰ্ডে ৷ অনিচ্ছাকৃত, অনাকাংক্ষিত ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে জুৰি ব’ৰ্ডৰ সদস্য তথা পৰিচালক চন্দ্ৰ মুদৈয়ে ৷ তেওঁ বঁটাটো নাহিদ আফ্ৰিনেই পোৱাৰ কথা সদৰী কৰে ৷

লগতে পঢ়ক: State film award 2023 Nahid Afrin controversy: এয়া অনাকাংক্ষিত ভুল, ক্ষমা খুজিলে জুৰী ব’ৰ্ডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.