State film award 2023 Nahid Afrin controversy: এয়া অনাকাংক্ষিত ভুল, ক্ষমা খুজিলে জুৰী ব’ৰ্ডে

author img

By

Published : Mar 15, 2023, 7:54 PM IST

jury board seeking apology

"এয়া অনাকাংক্ষিত ভুল। হ’ব নালাগিছিল যদিও হৈ গ’ল । মানুহ মাত্ৰেই ভুল । আমাৰ ভুল হৈছে স্বীকাৰ কৰিছো ।" ৰাজ্যজুৰি ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিতৰ্কই তোলপাৰ লগোৱাৰ পিচতেই সংবাদমাধ্যমৰ জৰিয়তে ক্ষমা খুজিলে জুৰী ব’ৰ্ডে (Jury board seeking apology)৷

গুৱাহাটী, ১৫ মাৰ্চ: ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিতৰ্কই তোলপাৰ লগাইছে ৰাজ্য (award controversy issue) ৷ ইয়াৰ পিচতে বুধবাৰে অসমবাসীৰ ওচৰত ক্ষমা খুজিলে জুৰী ব’ৰ্ডে। জুৰী ব'ৰ্ডৰ হৈ সংবাদমাধ্যমৰ জৰিয়তে ক্ষমা খুজিলে পৰিচালক চন্দ্ৰ মুদৈয়ে (Jury board seeking apology)। প্রায় পাঁচ বছৰ বিৰতিৰ পাচত সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ সৃষ্টি হৈছিল তীব্র বিতর্কৰ ।

বিতৰ্কৰ পিচতে বুধবাৰে সংবাদমাধ্যমৰ জৰিয়তে ক্ষমা খোজে জুৰী ব'ৰ্ডে (State film award 2023 Nahid Afrin controversy)। ব'ৰ্ডৰ হৈ পৰিচালক চন্দ্ৰ মুদৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, এয়া অনাকাংক্ষিত ভুল । হ’ব নালাগিছিল যদিও হৈ গ’ল । মানুহ মাত্ৰেই ভুল । আমাৰ ভুল হৈছে স্বীকাৰ কৰিছো ।' বঁটাটো নাহিদ আফ্ৰিনেই পাইছে' 'গানৰ নামটো লিখোঁতেহে ভুল হৈ গ'ল ৷

উল্লেখ্য যে, সোমবাৰে প্ৰদান কৰা ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী (মহিলা) বঁটাৰ বাবে ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল । যিটো গীতৰ বাবে ৰাষ্ট্ৰীয় প্রতিযোগিতাৰ খিতাপ বিজয়ী নাহিদ আফ্ৰিনক বঁটা প্ৰদান কৰা হ'ল, প্রকৃতাৰ্থত সেই গীতটো তেওঁ গোৱাই নাছিল । চলচ্চিত্র নির্মাতা মুন্না আহমেদৰ পৰিচালিত 'নিজানৰ গান' চিনেমাখনৰ 'নীলাতে লুকাভাকু’ গীতৰ বাবে ২০১৮ বৰ্ষৰ শ্রেষ্ঠ গায়িকাৰ শিতানৰ বঁটাত শিল্পীগৰাকীক সোমবাৰে সন্ধিয়াৰ বৰ্ণাঢ্য অনুষ্ঠানত বঁটা প্ৰদান কৰিছিল ৷

প্ৰকৃততে চিনেমাখনৰ এই গীতটোত কণ্ঠদান কৰিছিল জনপ্রিয় শিল্পী জুবিন গাৰ্গ আৰু ৰূপজ্যোতি দেৱীয়ে । সেই অনুসৰি শ্ৰেষ্ঠ গায়িকাৰ বঁটা ৰূপজ্যোতি দেৱীয়ে লাভ কৰিব লাগিছিল বুলি ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্কৰ সময়তে বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে(Nahid Afrin controversy)। এনে এটা গুৰুতৰ ভুল ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ দৰে বৃহৎ অনুষ্ঠানটোত কেনেদৰে হ'বলৈ পালে তাক লৈ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল । এইক্ষেত্ৰত শ্ৰেষ্ঠ গায়িকা বাচনিৰ বাবে জুৰীৰ ভূমিকাক লৈও সমালোচনা কৰা হৈছিল ৷

ইফালে ৰূপজ্যোতি দেৱীয়ে সামাজিক মাধ্যমত দিয়া এটা পোষ্টৰ পিচতে বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে নাহিদ আফ্রিনে সামাজিক মাধ্যমত এটা ভিডিঅ’যোগে প্ৰকাশ কৰিছিল যে (Nahid Afrin on social media), সামাজিক মাধ্যমত মোক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছে । আজি কেইদিনমান পূর্বে ৰাজ্যিক চলচ্চিত্র বঁটাৰ ফলাফল ওলাইছে । ফলাফল ওলোৱাৰ ঠিক পাঁচ মিনিটৰ পিচতে জুৰীৰ এজন সদস্যই মোক ফোন কৰি শুভেচ্ছা জনোৱাৰ লগতে মই এই বঁটা লাভ কৰা বুলি জনাইছিল । তাৰ পিচত এখন তালিকা ওলাইছিল, ময়ো পাইছিলো ।

কিন্তু লিষ্টখনত মোৰ নাম আৰু চিনেমানখনৰ নামহে আছিল । ইয়াৰ বাবে বহুতে শুভেচ্ছা জনোৱাৰ সময়তে ৰাজ্যৰ সাংস্কৃতিক বিভাগে নিৰ্ধাৰিত স্থান আৰু তাৰিখত বঁটা গ্ৰহণৰ বাবে মোক উপস্থিত হ'বলৈ কয় । কিন্তু সেই মুহূৰ্তলৈ ম‍ই একো গমেই পোৱা নাছিলো। মই জানো ‘নিজানৰ গান' চিনেমাখনত মই এটা গীত গাইছো । সেই গীতটোৰ বাবে মোক বঁটা দিয়া হৈছে বুলি ভাবিছিলো । বঁটা প্ৰদান অনুষ্ঠানত মোৰ নামহে লোৱা হৈছিল ।

গানটোৰ বিষয়ে ঘোষক-ঘোষিকাই একো কথাই কোৱা নাছিল। গতিকে মোৰ ভুল নাই । আপোনালোকৰ যদি কাৰোবাক সুধিবলগীয়া আছে, তেন্তে জুৰী বোৰ্ডক সোধক-জুৰীৰ সদস্যক সোধক । তেওঁলোকে প্রকৃততে কাক নিৰ্বাচিত কৰি বঁটা প্ৰদানৰ বাবে তালিকা আগবঢ়াইছিল সেয়া স্পষ্ট কৰিব পাৰিব । জুৰী সমিতিয়ে ক’লে ম‍ই সুখী হৈ বঁটাটো ওভতাই দিম ।' এনেদৰে শিল্পীগৰাকীয়ে তাৎক্ষণিক প্রতিক্রিয়া প্ৰকাশ কৰিছিল ।

লগতে পঢ়ক: State film award 2023 Nahid Afrin controversy: বিধানসভা চৌহদত অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিতৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.