ETV Bharat / state

Operation against hooch: মহানগৰীত বৃহৎ পৰিমাণৰ চুলাই নষ্ট; ঘাটি উচ্ছেদ

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 1:27 PM IST

ৰাজ্যত বিভিন্ন সময়তে চুলাই খাই বহু লোকৰ প্ৰাণ হানি হৈছে যদিও অবাধে চলি আছে এই সুৰাৰ ব্যৱসায় ৷ সোমবাৰে গুৱাহাটীত আবকাৰী বিভাগে বৃহৎ পৰিমাণৰ চুলাই নষ্ট কৰে ৷

Anti liquor operation in Guwahati
ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ চোৰাং বেহা

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ: আৰক্ষীৰ চকুত ধূলি দি গুৱাহাটীৰ ভিন্ন প্রান্তত অবৈধভাৱে গঢ় লৈ উঠিছে চুলাইৰ ঘাটি । কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগে বৃহস্পতিবাৰে প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ সহযোগত গুৱাহাটীৰ বোন্দা, চপাইদাং, হাজংবড়ি, ঠাকুৰকুছিত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও চুলাই ঘাটি উচ্ছেদ কৰে । আৰক্ষীয়ে লগতে বৃহৎ পৰিমাণৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হয় ।

কামৰূপ (ম) আবকাৰী পৰিদৰ্শক অৰিজিৎ বৰা আৰু আৱকাৰী উপ পৰিদৰ্শক উদয়জ্যোতি বৰাৰ নেতৃত্বত চলা এই অভিযানত চুলাইত ব্যৱহাৰ কৰা ১০০ কিলোগ্ৰাম পাচ, ১০ কিলো বাখৰ, ২২০ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে জব্দ কৰে । তদুপৰি চুলাই প্ৰস্তুতৰ বাবে ব্যৱহৃত ১৫ টা যন্ত্ৰৰ লগতে আবকাৰী বিভাগৰ অভিযানকাৰী দলটোৱে বহু বাচন বৰ্তন, গেলন আদি ভাঙি পেলাই ।

অৱশ্যে চুলাইৰ ৰমৰমীয়া বেহা চলাই অহা কোনো লোকক আৰক্ষী তথা অৱকাৰী বিভাগে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষী অহাৰ উমান পাই চুলাইৰ ব্যৱসায়ী সকল পলাই যাবলৈ সক্ষম হয় । উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা বোন্দা, পানীখাইতি, চন্দ্ৰপুৰৰ হাজংবৰি আদি অঞ্চলত চুলাইৰ ৰমৰমীয়া বেহা চলাই আহিছে একাংশ সমাজ বিৰোধী লোকে ।

উল্লেখিত অঞ্চলসমূহত প্ৰস্তুত কৰা চুলাইৰ ঘাটি সমূহৰ বাবে অঞ্চলটোৰ শৈক্ষিক সামাজিক পৰিবেশ বিনষ্ট হোৱা বুলি সচেতন লোকে অভিযোগ কৰিছিল । স্থানীয় লোকে বিষয়টো আৰক্ষী আৰু আবকাৰী বিভাগক অৱগত কৰাত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ সহযোগত কামৰূপ মহানগৰ আবকাৰী বিভাগে এই অঞ্চলসমূহত থকা চুলাইৰ ঘাটি সমূহ উচ্ছেদ কৰাৰ লগতে বৃহৎ পৰিমাণৰ চুলাই নষ্ট কৰে ।

উল্লেখ্য যে, কেইমাহমান পূৰ্বেও কামৰূপ মহানগৰৰ আবকাৰী বিভাগৰ এটা দলে অতৰ্কিতে অভিযান চলাই বোন্দা, চপাইদাং, ধূপগুৰি, লাহাপাৰা, বেলগুৰি,তামোলবাৰী, হাজংবড়ি, ঠাকুৰকুছি আদি অঞ্চলত কেইবাটাও চুলাই ঘাটি উচ্ছেদ কৰিছিল । তাৰ পিছত পুনৰ উক্ত লোকসকলে আবকাৰী বিভাগৰ কৰ্মচাৰীক মেনেজ কৰি চুলাইৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছিল । এনে অভিযোগৰ ভিত্তিতেই চুলাই বিৰোধী অভিযান অব্যাহত ৰাখিছে আৰক্ষী তথা আবকাৰী বিভাগে ।

লগতে পঢ়ক:Jaishankar US visit: নিজ্জাৰৰ হত্যাৰে ভাৰত জড়িত থকাৰ অভিযোগ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ মাৰ্কিন বিদেশমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.