ETV Bharat / state

Operation against Gambler: ৰঙিয়াত আটক চাৰি জুৱাৰী

author img

By

Published : Oct 5, 2022, 2:18 PM IST

উৎসৱৰ গইনা লৈ ৰঙিয়াত জুৱাৰ আড্ডা(Operation against Gambling at rangia) ৷ ৰঙিয়া আৰক্ষীৰ জালত চাৰি জুৱাৰী ৷

Operation against Gambling at rangia
Operation against Gambler: ৰঙিয়াত আটক চাৰি জুৱাৰী

ৰঙিয়া, ৫ অক্টোবৰ: চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ বতৰ । কিন্তু এই উৎসৱৰ আওতা লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে জুৱাৰ আড্ডা(Assam police raid against gambler) ৷ আৰক্ষী-প্ৰশাসন জুৱাক লৈ তৎপৰ হোৱাৰ সময়তে ৰঙিয়াৰ জয়ন্তীপুৰত জুৱা খেলৰ ৰমৰমীয়া বেহা চলা পৰিলক্ষিত হৈছে(Rangia police raid against gambler) ৷

ৰঙিয়া আৰক্ষীয়ে অভিযান চলায় ৰঙিয়াৰ এখন পূজাস্থলীৰ পৰা আটক কৰে চাৰিটাকৈ জুৱাৰী(Operation against Gambling at rangia) । ৰঙিয়াৰ জয়ন্তীপুৰত অনুষ্ঠিত দুৰ্গা পূজাস্থলীৰ পৰা ৰঙিয়া আৰক্ষীয়ে আটক কৰে জুৱাৰীকেইটাক (4 Gambler Arrested at Rangia) । লগতে ঘটনাস্থলীৰ পৰা জব্দ কৰে জুৱা খেলত ব্যৱহৃত বিভিন্ন সামগ্ৰী ৷

ঢাণ্ডি মুণ্ডাসহ প্ৰায় ৫,৩৩০ টকা নগদ ধন আৰক্ষীয়ে উদ্ধাৰ কৰে জুৱাৰীকেইজনৰ পৰা । উল্লেখিত পূজাস্থলীত জুৱা খেলি থকা সময়তে আৰক্ষীৰ দলটোৱে অতৰ্কিতে অভিযান চলায় আটক কৰে জুৱাৰী চাৰিটাক । ইতিমধ্যে ঘটনাত জড়িত থকাৰ অভিযোগত ৰাজু আহমেদ, চফিকুল হক, আব্দুল জব্বৰ আৰু নুৰ হুছেইন নামৰ চাৰিজনক আটক কৰিছে আৰক্ষীয়ে ।

জুৱাৰীকেইটা বৰ্তমান ৰঙিয়া আৰক্ষীৰ জিম্মাত আছে আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়ক: গোলাঘাটত পূজাৰ বতৰত ছাত্ৰৰ ব্যতিক্ৰমী পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.