ETV Bharat / state

Nilmani Phookan Letter : নীলমণি ফুকনৰ অবৰ্তমানত উৎকণ্ঠা বাঢ়িছে কাৰ ?

author img

By

Published : Jan 19, 2023, 10:25 PM IST

শীঘ্ৰেই হয়তো খোল খাব এটা বিশেষ খাম ৷ যিটো খামৰ ভিতৰত বিগত 19 বছৰে সোমাই আছে কাব্যঋষিৰ এখন চিঠি (Nilmani Phookan Letter)৷ চিঠিখনে উন্মোচন কৰিব বহুকেইখন মুখাৰ আঁৰৰ মুখ ৷

Nilmani Phookan Letter
নীলমণি ফুকনৰ চিঠি

গুৱাহাটী, ১৯ জানুৱাৰী : কোনো দিনে ঘূৰি নহাৰ বাটেৰে অজান দেশলৈ গুচি গ'ল কাব্যঋষি নীলমণি ফুকন (Poet Nilmani Phookan Letter)। তেওঁৰ ইচ্ছা অনুসৰি সাধাৰণভাৱেই গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় । কাব্যঋষিগৰাকীৰ মৃত্যুৰ পাচতে পুনৰ চৰ্চালৈ আহিছে এখন বন্ধ খামৰ চিঠিৰ প্ৰসংগ । যিখন চিঠি তেওঁ তেওঁৰ জীৱিত কালত খোলাৰ বাবে বাৰণ কৰিছিল ।

সুদীৰ্ঘ সময় ধৰি চিঠিখনক লৈ বহুতৰে আছে উৎকণ্ঠা । কি আছে চিঠিখনত ? যিখন তেওঁ জীৱিত কালত ৰাজহুৱা হোৱাটো বিচৰা নাছিল । উল্লেখ্য যে ৬০-৭০ দশকত ক’লীয়া ডাৱৰে আৱৰি ধৰিছিল ঋষিতুল্য কবিগৰাকীক । জ্ঞানপীঠ বিজেতা কবিগৰাকীক এচামে কবিতা চোৰ কৰাৰ অভিযোগত অভিযুক্ত কৰিছিল । সেই কাহিনী তেওঁ এখন চিঠিত লিখিছিল (Secrete letter of Nilmani Phookan)।

চিঠিখনৰ খামটো বন্ধ কৰি গোটগোট আখৰৰ ৰঙা চিয়াহীৰে কবিয়ে লিখিছিল-‘‘মই যোৱাৰ পিচতেহে খামটো খুলিবা, বিশ্বাস ৰাখিবা’’৷ খামটোৰ ওপৰত ঠিকনা আছিল বিশিষ্ট চিন্তাবিদ, সম্পাদক-সাংবাদিক নিত্য বৰাৰ । নীলমণি ফুকনে সেই খামটো ২০০৪ চনতেই নিত্য বৰাক দিছিল আৰু নিত্য বৰায়ো কবিৰ আদেশক শিৰোধাৰ্য কৰি সযতনে ৰাখিছে চিঠিখন । এতিয়া কবিৰ মৃত্যুৰ পাছত চিঠিখনৰ প্ৰসংগ আহিছে ।

উল্লেখ্য যে, ষাঠি-সত্তৰ দশকত কবি নীলমণি ফুকনৰ কবিতা আন সমকালীন কবিৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছিল । হয়তো সেই ঈৰ্ষাৰ বাবেই সেই সময়ৰ আন এজন জনপ্ৰিয় কবিয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি এক ষড়যন্ত্ৰৰ জাল মেলিছিল । বন্ধ খামৰ চিঠিখন খোল খালেই হয়তো বহু মুখা খোল খাব আৰু ফাদিল হ'ব বহু সাঁথৰ তথা ৰহস্য ।

লক্ষ্যণীয়ভাৱে অপবাদৰ সেই সময়খিনি অতি কষ্টৰে পাৰ কৰিছিল স্বনামধন্য কবিগৰাকীয়ে । প্ৰকৃততে ঋষিতুল্য কবিগৰাকীক সাহিত্যিক জীৱন শেষ কৰি দিয়াৰ ষড়যন্ত্ৰ কৰা হৈছিল সেইসময়ত । এক ভয়াবহ ব্লু-প্ৰিণ্ট ৰচনা কৰা হৈছিল ৷ য'ত এখন ইংৰাজী আলোচনীত বিশ্বৰ বিখ্যাত কেইজনমান কবিৰ কবিতাৰ লগতে নীলমণি ফুকনৰ বহুপঠিত আৰু জনপ্ৰিয় ‘টোপনিতো মোক’ কবিতাটো(Nilmani Phookan poem) ইংৰাজীলৈ ভাঙনি কৰি Leon Felipe Canmino Nightmare বুলি ছপোৱা হৈছিল ।

চোৰে বোলে চুৰি কৰি যাওঁতে পুলিচলৈ কিবা নহয় কিবা এটা সূত্ৰ এৰি থৈ যায় । ষড়যন্ত্ৰকাৰীসকল ধূর্ত আছিল যদিও অপৰাধৰ বহু সূত্ৰও এৰি থৈ গৈছিল । অসমীয়া কবিতা ইংৰাজীলৈ অনুবাদ কৰি স্পেনিছ কবিৰ নামত চলাই দি কবিতাৰ আচল মালিককে চোৰ বনাই পেলোৱা হৈছিল । এনে বহু কথাৰ ৰহস্য ফাদিল হ'ব চিঠিখনৰ জৰিয়তে ।

ষড়যন্ত্ৰৰ আঁৰত প্ৰকৃততে কোন আছিল ? কাব্যঋষিৰ মৃত্যুৰ পাছত সেই চিঠিখনৰ প্ৰসংগত বিশিষ্ট সাংবাদিক তথা স্তম্ভ লেখক নিত্য বৰাই(Journalist Nitya Bora) জনাই যে বেংকৰ লকাৰত আছে নীলমণি ফুকনে দিয়া বিশেষ চিঠিখন । কবিগৰাকীক লৈ চলা ষড়যন্ত্ৰৰ বিষয়ে বিশদভাৱে কাকতত এটা লেখা লিখোতে নিত্য বৰাক নীলমণি ফুকনে চিঠিখন দিছিল আৰু মৃত্যুৰ পাছত খোলাৰ বাবে কৈছিল । সেয়েহে নীলমণি ফুকনৰ কোনোবা এখন স্মৃতিচাৰণ সভা নাইবা সংবাদ মাধ্যমৰ আগত চিঠিখন খোলা হ'ব বুলি নিত্য বৰাই জানিবলৈ দিয়ে ।

চিঠিখন ৰাজহুৱা হোৱাৰ পাছতে লুকাই থকা বহু ৰহস্যই ফাদিল হ'ব । খোল খাব মুখাৰ আঁৰৰ মুখ । বিগত ১৯ বছৰে বন্ধ খামৰ ভিতৰতে আছে চিঠিখন । অপেক্ষা মাথো খাম খোলাৰ ।

লগতে পঢ়ক: GHC Verdict on Arnamai Bora Case : ন্যায়ালয়ৰ ৰায়ত সন্তুষ্ট নহয় অৰ্ণমাই বৰাৰ কন্যা ময়ূৰী বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.