GHC Verdict on Arnamai Bora Case : ন্যায়ালয়ৰ ৰায়ত সন্তুষ্ট নহয় অৰ্ণমাই বৰাৰ কন্যা ময়ূৰী বৰা

author img

By

Published : Jan 19, 2023, 8:26 PM IST

Arnamai

অৰ্ণমাই বৰা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ত অসন্তুষ্ট পৰিয়ালৰ লোক (Arnamai Bora family not satisfied in GHC verdict) । অৰ্ণমাই বৰাৰ দ্বিতীয় কন্যা ময়ূৰী বৰাৰ ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাতকাৰত প্ৰতিক্ৰিয়া প্ৰকাশ । এই ৰায় কোনো কাৰণতে মানি ল'ব নোৱাৰি । নিম্ন আদালতৰ ৰায়ত উচ্চ নায়ালয়ে হস্তক্ষেপ কৰি আন এটা ৰায় দিলে । দুটা ৰায়ৰ মাজত আকাশ-পাতাল পাৰ্থক্য । এই ৰায়ক লৈ অলপো সন্তুষ্ট নহয় বুলি উল্লেখ কৰে অৰ্ণমাই বৰাৰ জীয়াৰী ময়ূৰী বৰাৰ ।

ন্যায়ালয়ৰ ৰায়ত তীব্ৰ অসন্তুষ্টি অৰ্ণমাই বৰাৰ কন্যাৰ

গুৱাহাটী, ১৯ জানুৱাৰী : ৰাজ্য জোকাৰি যোৱা শিক্ষয়িত্রী অর্ণমাই বৰাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Guwahati HC verdict on Arnamai Bora case) । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ে প্ৰকৃতাৰ্থত উদঙাই দিলে অসম আৰক্ষীৰ তদন্তৰ ফোঁপোলা স্বৰূপ (Arnamai Bora rap case) । ৰাজ্য জোকাৰি যোৱা শিক্ষয়িত্রী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তথ্য দিয়াত আৰক্ষীয়ে চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰাৰ বাবে শিক্ষয়িত্রী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত অৱশেষত মুকলি আকাশলৈ ওলাই অহাৰ সুযোগ লাভ কৰিলে (statewide reaction on Arnamai Bora case verdict) ।

আৰক্ষীয়ে কোনো ধৰণৰ তথ্য দিব নোৱাৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানিত শিক্ষয়িত্রী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকৰ ফাঁচিৰ শাস্তি লাঘৱ কৰি তিনিবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে (Arnamai Bora murder case) । সেইমতে যোৱা ২০১৮ চনৰ পৰা শিক্ষয়িত্রী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত জে'লত থকা মইনুল হক তিনিবছৰ কাৰাবাস সম্পূৰ্ণ কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমতে মুকলি আকাশৰ তললৈ আহে (Arnamai Bora family not satisfied in GHC verdict) ।

আনহাতে, মইনুল হকৰ সহযোগী চেলিম উদ্দিনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে বাহাল ৰাখে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ক সহজভাৱে ল'ব পৰা নাই ৰাজ্যবাসীয়ে । বিভিন্ন দল-সংগঠনে অসম আৰক্ষীৰ ব্যৰ্থতাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে । ন্যায়ালয়ৰ ৰায়ক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে পৰিয়ালৰ লোকে । অৰ্ণমাই বৰাৰ দ্বিতীয় কন্যা ময়ূৰী বৰাই ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাতকাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এই ৰায় কোনো কাৰণতে মানি ল'ব নোৱাৰি । নিম্ন আদালতে এটা ৰায়দান দি থৈছিল । উচ্চ নায়ালয়ে সেইটোত হস্তক্ষেপ কৰি আন এটা ৰায় দিলে । দুটা ৰায়ৰ মাজত আকাশ-পাতাল পাৰ্থক্য ।

এই ৰায়ক লৈ আমি অলপো সন্তুষ্ট নহয় বুলি উল্লেখ কৰি ময়ূৰী বৰাই কয় যে ট্ৰাইল কোৰ্টে প্ৰত্যক্ষভাৱে সকলো পৰ্যবেক্ষণ কৰি ৰায়টো দিছিল । কিন্তু উচ্চ ন্যায়ালয়ে ট্ৰায়েল কোৰ্টৰ ৰায়টোৰ বিপৰীতে নিজাকৈ ৰায় দিলে । এইটো কোনো কাৰণতে সন্তুষ্টজনক ৰায় নহয় । অপৰাধী দুজনৰ এজনক যাৱজ্জীৱন কাৰাদণ্ড আৰু এজনক ফাঁচিৰ ৰ‍ায় দিয়‍া হৈছিল । কিন্তু উচ্চ ন্যায়ালয়ে ফাঁচিৰ নিৰ্দেশ দিয়াজনক তিনিবছৰৰ কাৰাদণ্ড বিহাৰ লগতে আনজনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ বাহাল ৰাখে ।

তেওঁ লগতে প্ৰশ্ন কৰি কয় যে দোষী হ'লে শাস্তি কেনেকৈ লাঘৱ হ'ব পাৰে । গতিকে আমি এই ৰায়টোক নাকচ কৰিছোঁ বুলি সদৰী কৰি তেওঁ কয় যে ন্যায়ৰ বাবে আমি য'লৈকে যাব লাগে তালৈকে যাম । বিভিন্ন দল-সংগঠনেও আমাক আশ্বাস দিছে । পুলিচৰ গাফিলতিৰ প্ৰসংগত তেওঁ কয় যে আৰক্ষীৰ নিশ্চয় গাফিলতি আছে । আৰক্ষীয়ে বহু তথ্য সংগ্ৰহ কৰিব পাৰিলেহেঁতেন বুলি সদৰী কৰি তেওঁ কয় যে আৰক্ষীয়ে নিজৰ কাম ঠিকমতে নকৰিলে । ন্যায়ালয়ৰ ৰায়ক লৈয়ো তেওঁ প্ৰশ্ন কৰে । বিগত পাঁচ বছৰ ধৰি আমি ন্যায়ৰ অপেক্ষাত আছোঁ আৰু ন্যায়ৰ বাবে আমি যুঁজ দি যাম বুলি তেওঁ কয় ।

উল্লেখ্য যে ২০১৭ চনৰ এই বৰ্বৰ, পাশৱিক ধৰ্ষণ আৰু হত্যাকাণ্ডই কঁপাইছিল সমগ্ৰ অসমক । হোজাই জিলাৰ যমুনামুখত এইগৰাকী শিক্ষয়িত্ৰী বিদ্যালয় ছুটী হোৱাৰ পিছত ঘৰলৈ গৈ থকা অৱস্থাত আদবাটতে দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰে আৰু মৃতদেহ কপিলী নৈত উটুৱাই দিয়ে । এই জঘন্য কাণ্ড সংঘটিত হৈছিল ২০১৭ চনৰ মে' মাহত ৷ এই ঘটনাই হোজাই জিলাতে নহয়, সমগ্ৰ অসমক উত্তাল কৰিছিল । অসমৰ ৰাইজে এই ঘটনাৰ সৈতে জড়িত লোকক শীঘ্ৰে আটক কৰি উচিত শাস্তি দিয়াৰ দাবী কৰিছিল । সমগ্ৰ অসমত মমবাতি হাতত লৈ নাৰী সমাজ ৰাজপথলৈ ওলাই আহিছিল । তাৰ পিছতে সষ্টম হৈ পৰিছিল যমুনামুখ আৰক্ষী ।

আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল প্ৰথমে মইনুল হক নামৰ এজন লোকক । তাৰ পিছতে মইনুলৰ আন এজন সংগী চেলিম উদ্দিনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । আৰক্ষীয়ে সুদীৰ্ঘ তদন্ত আৰু আদালতত চলা দীৰ্ঘ শুনানিৰ অন্তত যোৱা ২০১৮ চনৰ ২৪ জুলাইত বিচাৰৰ অন্তিম শুনানিৰ অন্তত দুয়ো অভিযুক্তক দোষী সাব্যস্ত ঘোষণা কৰি ৰায় প্ৰদান কৰিছিল । শাস্তিৰ ৰায় হোজাই জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰিছিল । উল্লেখ্য যে যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত চাংজুৰাই গাঁও ইলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ (৫৫) মৃতদেহ কপিলী নদীত উদ্ধাৰ হৈছিল ৷

কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ধিং গাঁৱৰ বিমল বৰাৰ শিক্ষয়িত্ৰী পত্নী অৰ্ণমাই বৰাই আনদিনাৰ দৰে ২০১৭ চনৰ ৩১ মে'ত বিয়লি তিনিমান বজাত বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত যমুনামুখ কামপুৰ পথৰ উৰিয়াম নামৰ এক নিৰ্জন ঠাইত দুৰ্বৃত্তৰ দলটোৱে অসৎ কাৰ্য চৰিতাৰ্থ কৰি শিক্ষয়িত্ৰীগৰাকীক হত্যা কৰিছিল ৷ তাৰ পিছতে প্ৰমাণ নাইকিয়া কৰাৰ বাবে শিক্ষয়িত্ৰীগৰাকীক কাষৰ কপিলী নৈত পেলাই দিয়ে ৷ স্থানীয় ৰাইজে কপিলী নৈৰ বৰচুংঘাটত এটা মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী আৰু স্থানীয়ে ৰাইজে মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে চিনাক্তও কৰে ৷ মৃতদেহৰ বিভিন্ন স্থানত আঘাতৰ দাগ স্পষ্ট হৈ থকাৰ লগতে দুৰ্বৃত্তই শিক্ষয়িত্ৰীগৰাকীৰ ডিঙিত চাদেৰৰে ফাঁচি লগাই অতি নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কৰিছিল ।

আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত ধৰ্ষণ আৰু হত্যাকাণ্ড বুলি প্ৰমাণ কৰিছিল । ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল আৰু মইনুল হক আৰু মইনুলৰ সংগী চেলিম উদ্দিনক গ্ৰেপ্তাৰ কৰিছিল । নিম্ন আদালতে মইনুল হকক ফাঁচিৰ হুকুম আৰোপ কৰিছিল । আকৌ চেলিম উদ্দিনক যাৱজ্জীৱন কাৰাদণ্ড দিছিল । এই ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত জে'লৰ পৰা আপীল কৰিছিল অপৰাধী চেলিম উদ্দিন আৰু মইনুল হকে । পিছত উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰি মইনুল হকৰ বিৰুদ্ধে থকা ফাঁচিৰ হুকুম ৰদ কৰিছিল ।

অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰৰ শুনানিত শিক্ষয়িত্রী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকৰ শাস্তি লাঘৱ কৰি তিনিবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে । ইয়াৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । লগতে সমগ্ৰ ব্যৱস্থাটোৰ প্ৰতি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰে । আনহাতে, ন্যায়ালয়ৰ ৰায়দানৰ পাছত আৰক্ষীৰ ব্যৰ্থতাৰ কথা স্বীকাৰ কৰিছিল খোদ আৰক্ষী সঞ্চালক প্ৰধানে । অপৰাধীৰ বিৰুদ্ধে সঠিক ধাৰা লগোৱা নাছিল আৰক্ষীয়ে ।

লগতে পঢ়ক :Monkhood at age of 9: কোটিপতি হীৰা ব্যৱসায়ীৰ 9 বছৰীয়া কন্যাই গ্ৰহণ কৰিলে সন্যাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.