ETV Bharat / state

Assam Police: সাতগাওঁ থানাৰ OCৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ !

author img

By

Published : Jul 9, 2023, 7:29 PM IST

সাতগাওঁ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দিপ কুমাৰ কানুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ OC গৰাকীৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ ৷ ধন পালেহে কাম কৰে OC চাৰে ৷ এই অভিযোগ দুই ভুক্তভোগীৰ ৷

সাতগাওঁ থানাৰ OCৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ !
Assam Police

সাতগাওঁ থানাৰ OCৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ !

গুৱাহাটী, ৯ জুলাই: জনহিত জনসেৱাৰ্থে নহয়, ধনৰ কাৰনে ধনৱন্তৰ বাবে নেকি অসম আৰক্ষী ! কাৰণ ধন নহ’লে কাম নকৰে সাতগাওঁ আৰক্ষীয়ে । ধন পালে হে কাম কৰিব OC চাৰে । এই অভিযোগ আমাৰ নহয়, এই অভিযোগ দুগৰাকী ভুক্তভোগীৰ । চুৰি হোৱা বাহন উদ্ধাৰৰ নামটো ধন দাবীৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সাতগাওঁ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দিপ কুমাৰ কানুৰ বিৰুদ্ধে ।

গোচৰ পঞ্জীয়ন কৰাৰ নামত হেমন্ত কুমাৰ ৰাভা আৰু বদিউৎ জামাল মিৰ্ঘা নামৰ লোক দুজনৰ পৰা ধন বিছাৰি হাৰাশস্তি কৰাৰ অভিযোগ সাতগাওঁ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দিপ কুমাৰ কানুৰ বিৰুদ্ধে ।

অভিযোগ মতে, মিন্টু হক নামৰ এজন লোকক ৫ খন বাইক ভাড়াত দিছিল দুই ব্যক্তিয়ে । বাইকৰ ভাড়া মাহে মাহে হেমন্ত কুমাৰ ৰাভা আৰু বদিউৎ জামাল মিৰ্ঘাক আদায় দিয়াৰ কথা দিছিল প্ৰৱঞ্চক মিন্টু হকে। কিন্তু ভাড়া দিয়াটো পিচৰ কথা, বাইক কেইখনো মিন্টু হকে গৰাকীক ঘূৰাই নিদিলে।

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী লোক দুজনে কাষ চাপছিল সাতগাওঁ আৰক্ষীৰ । কিন্তু ভুক্তভোগীক ৰক্ষা কৰাৰ পৰিৱৰ্তে সাতগাওঁ থানাৰ OC য়ে ৰক্ষাত নামিছে প্রৱঞ্চক মিন্টু হকক । তাৰোপৰি চুৰি হোৱা বাইক বিচাৰি দিয়া দূৰৰে কথা, গোচৰৰ তদন্ত আগবঢ়োৱাৰ বাবে ভুক্তভোগীলোকৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ জানিব পৰা মতে মে' মাহৰ পৰা আজি লৈ এজাহাৰ লৈ থানালৈ যায় ভুক্তভোগী ৷ কিন্তু OCক ধন দিব নোৱাৰাৰ বাবে উভতি আহিব লগীয়া হয় ভুক্তভোগীয়ে । এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এয়াই নেকি অসম আৰক্ষীৰ সংস্কাৰ ?

লগতে পঢ়ক:Journalist protest in Guwahati:সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক নিলম্বনৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.