ETV Bharat / state

Journalist protest in Guwahati:সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক নিলম্বনৰ দাবীত প্ৰতিবাদ

author img

By

Published : Jul 8, 2023, 9:08 PM IST

পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত সাংবাদিকৰ প্ৰতিবাদ ৷ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক নিলম্বনৰ দাবীত প্ৰতিবাদ ৷

Journalist protest in Guwahati
সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক নিলম্বনৰ দাবীত প্ৰতিবাদ

সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক নিলম্বনৰ দাবীত প্ৰতিবাদ

গুৱাহাটী,৮ জুলাই:বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক নিলম্বনৰ দাবীত প্ৰতিবাদ সাংবাদিকৰ ৷ গুৱাহাটীৰ নাৰেংগীস্থিত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত শনিবাৰে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী সাংবাদিকৰ ৷ ‘আৰক্ষীৰ মইমতালী নচলিব,সাংবাদিকৰ নিৰাপত্তা সু-নিশ্চিত কৰক,সাংবাদিকৰ অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ’ব আদি শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে পূব গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি গোকুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকাই ৷ ‘সাংবাদিকৰ ওপৰত যদি আৰক্ষীৰ এনে ধৰণৰ ব্যৱহাৰ হয়,তেনেহলে এইখন মহানগৰীত সৰ্বসাধাৰণ নাগৰিকৰ নিৰাপত্তা কিমান সুনিশ্চিত হ’ব ! অনাহকতে কৰ্তব্যৰত সাংবাদিক দুৰ্ব্যৱহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ ব্যৱহাৰ সুস্থ গণতন্ত্ৰৰ পৰিচায়ক নহয় বুলি মন্তব্য কৰি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াই ৷

আনহাতে প্ৰতিবাদীত ভাগ লয় গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামীয়ে ৷ সাংবাদিকসকলক কৰা দুৰ্ব্যৱহাৰৰ উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী জনাই প্ৰতিবাদত অংশগ্ৰহণ কৰা গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামীয়ে মত প্ৰকাশ কৰে ৷

উল্লেখ্য যে, যোৱা ১৭ মে'ত সাতগাঁও থানা এলেকাত সংঘটিত এটা দলবদ্ধ ধর্ষণৰ ঘটনাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত ৫ জুলাইত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি ছামছুল ৰহমানে উক্ত ঘটনাৰ তথ্য বিচাৰি সাতগাঁও আৰক্ষী থানালৈ গৈছিল। তেনে সময়তে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ কুমাৰ কানুয়ে সাংবাদিকগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠে ৷ তদুপৰি সাংবাদিকগৰাকীৰ হাতত থকা মোবাইল ফোনটো কাঢ়ি লৈ তালাচী চলাই অযথা হাৰাশাস্তি কৰে ।

লগতে পঢ়ক:Bodies of two youths found in Hengrabari:হেঙেৰাবাৰীত উদ্ধাৰ দুজনকৈ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.