ETV Bharat / state

২০২৩ বৰ্ষত মহানগৰীত হ্রাস পাইছে অপৰাধৰ সংখ্যা

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 5:37 PM IST

Crime record in Guwahati: বিগত সময়ছোৱাত অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ প্ৰতিদিনে মহানগৰীত হত্যা, চুৰি, ডকাইতিৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়তে মহানগৰ আৰক্ষী আয়ুক্তালয়ে প্রকাশ কৰে অপৰাধৰ খতিয়ান ৷ কি আছে খতিয়ানখনত....?

Crime record in Guwahati
২০২৩ বৰ্ষত মহানগৰীত হ্রাস পাইছে অপৰাধৰ সংখ্যা

গুৱাহাটী, ৮ জানুৱাৰী: গুৱাহাটী মহানগৰীত বিগত বৰ্ষৰ তুলনাত ২০২৩ বৰ্ষত হ্রাস পাইছে অপৰাধৰ সংখ্যা । তথ্য অনুসৰি মহানগৰীত মহিলাৰ বিৰুদ্ধে অপৰাধ, চাইবাৰ অপৰাধ, ডকাইতি, হত্যা আদিৰ সংখ্যা কিছু পৰিমাণে হ’লেও হ্ৰাস পাইছে ৷ যদিও শিশুৰ বিৰুদ্ধে অপৰাধ আৰু 'পছকো' আইন মতে দোষী সাব্যস্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ।

মহানগৰ আৰক্ষী আয়ুক্তালয়ে প্রকাশ কৰা ২০২৩ বৰ্ষৰ অপৰাধৰ তথ্য অনুযায়ী মহানগৰখনত ২০২৩ চনত সর্বমুঠ ৯,৩৬৭ টা অপৰাধৰ গোচৰ পঞ্জীভুক্ত হৈছিল। বছৰটোৰ অন্তত তদন্ত সম্পূর্ণ হ’বলৈ বাকী থকা গোচৰৰ সংখ্যা হৈছে ৯,৯০২ টা। পঞ্জীভুক্ত গোচৰসমূহৰ ভিতৰত ১৯.২৯ শতাংশ গোচৰৰ চার্জশ্বীট দাখিল কৰা হয়। দোষী সাব্যস্ত হোৱা গোচৰৰ সংখ্যা ৩৯৪। ইয়াৰ হাৰ শতকৰা ২৪.৮৫।

ইফালে ২০২২ বর্ষত সর্বমুঠ ১০,২২৭ টা গোচৰ পঞ্জীভুক্ত হৈছিল। উক্ত বছৰৰ অন্তত তদন্ত সম্পূর্ণ হ'বলৈ বাকী থকা গোচৰৰ সংখ্যা আছিল ৩২,৬৮৫। চার্জশ্বীটৰ হাৰ আছিল ৩১.৬৭ শতাংশ। দোষী সাব্যস্ত হোৱা গোচৰ আছিল ৩৬৯ টা। ইয়াৰ হাৰ আছিল ২১.৬৫ শতাংশ।

২০২৩ বৰ্ষৰ অন্তিম মাহ পর্যন্ত মুঠ ৩৯৪ টা গোচৰত অভিযুক্ত দোষী সাব্যস্ত হৈছিল। নির্দোষী প্রমাণিত হৈছিল ১১৯১ টা গোচৰত। আনহাতে ১,৫৮৫ টা গোচৰৰ আদালতত বিচাৰ সম্পূর্ণ হৈছিল। ইয়াৰ হাৰ আছিল ২৪.৮৫ শতাংশ। ২০২২ বৰ্ষত এই হাৰ আছিল ২১.৬৫ শতাংশ । বিগত বছৰটোত ১২৬ টা 'পছকো' আইনৰ অধীনত গোচৰ পঞ্জীয়ন হয়। ইয়াৰ ভিতৰত ৩১ টা গোচৰত অভিযুক্ত দোষী সাব্যস্ত হৈছে আৰু ৩৩ টা গোচৰত নির্দোষী প্রমাণিত হৈছে। দোষী সাব্যস্ত হোৱা গোচৰৰ হাৰ ৪৮.৪৩ শতাংশ । ২০২২ বর্ষত এই সাংখ্যা আছিল ১০৬ টা ।

১০৬ টা 'পছকো' গোচৰৰ ৬ টা গোচৰত অভিযুক্ত দোষী সাব্যস্ত হৈছে আৰু ২১ টা গোচৰত নির্দোষী প্রমাণিত হৈছে। মহিলাৰ বিৰুদ্ধে ২০২২ বর্ষত ৬৩৭ গোচৰৰ তুলনাত ২০২৩ বর্ষত ৬২৭ টা অপৰাধৰ সংখ্যা কিছু হ্রাস পায়। ইপিনে চাইবাৰ অপৰাধৰ গোচৰ ২০২৩ বৰ্ষত মুঠ ১৭৫ টা গোচৰ পঞ্জীভুক্ত হয়। ২৫২ টা অভিযুক্তৰ ভিতৰত ৮৭ টাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে আৰু ৩০ টা ৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

২০২২ বৰ্ষত চাইবাৰ অপৰাধৰ গোচৰৰ সংখ্যা আছিল ৩৯৯। সেই বছৰ এনে গোচৰৰ অভিযুক্তৰ সংখ্যা আছিল ৪০১। ইয়াৰে ২৫ টাক গ্রেপ্তাৰ হৈছিল আৰু ১৫ টাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। আনহাতে ২০২৩ বর্ষত মহানগৰীত মুঠ ৬৭ টা হত্যাৰ গোচৰ পঞ্জীভুক্ত হৈছিল। ইয়াৰে অভিযুক্তৰ সংখ্যা আছিল ৯৭ টা। ২০২২ বর্ষত হত্যাৰ গোচৰৰ সংখ্যা আছিল ৭৪। মহানগৰীত ২০২৩ বৰ্ষত ডকাইতিৰ গোচৰ আছিল ৪ টা। ইয়াৰে মুঠ ২০ টা অভিযুক্তৰ ভিতৰত ১৬ টাক গ্রেপ্তাৰ কৰা হৈছিল আৰু ১৩ টাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে।

শিশুৰ বিৰুদ্ধে ২০২৩ বৰ্ষত অপৰাধৰ গোচৰৰ সংখ্যা বৃদ্ধি পাইছে। উক্ত বছৰটোত শিশুৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৩৮৫ টা ৰুজু হয় । ইয়াৰে মুঠ ৩৮৯ টা অভিযুক্তৰ ভিতৰত ৩৩১ টাক গ্রেপ্তাৰ কৰা হৈছিল। ২০২২ বৰ্ষত শিশুৰ বিৰুদ্ধে অপৰাধৰ গোচৰৰ সংখ্যা আছিল ৩১৫ টা। এই গোচৰত অভিযুক্ত ৩২১ টা অভিযুক্তৰ ভিতৰত ১৮০ টা অভিযুক্তক গ্রেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক: দিছপুৰত সদৌ অসম অপ্ৰাদেশিক শিক্ষক-কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.