ETV Bharat / state

দিছপুৰত সদৌ অসম অপ্ৰাদেশিক শিক্ষক-কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 3:46 PM IST

All Assam non provincial teachers protest :দীৰ্ঘদিন ধৰি চচলৰ প্ৰতিবাদস্থলীত চাকৰি নিয়মীয়াকৰণৰ লগতে ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰতিবাদ কৰি অহাৰ পিচতো সুদুত্তৰ নোপোৱাত সোমবাৰে শিক্ষকসকলে দিছপুৰৰ লাষ্টগেটত একগোট হৈ দিছপুৰ চল’ কাৰ্যসূচীৰ হাতত লয় ।

All Assam non provincial teachers protest
দিছপুৰত সদৌ অসম অপ্ৰাদেশিক শিক্ষক-কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ

দিছপুৰত সদৌ অসম অপ্ৰাদেশিক শিক্ষক-কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ

গুৱাহাটী, ৮ জানুৱাৰী : মহানগৰীৰ দিছপুৰত অব্যাহত আছে সদৌ অসম অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ । প্ৰায় শতাধিক শিক্ষক কৰ্মচাৰীয়ে অংশ লয় এই প্ৰতিবাদত। ইয়াৰ পিচতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দি সকলো প্ৰতিবাদকাৰীক আটক কৰি 4th APBN লৈ যায় ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি চচলৰ প্ৰতিবাদস্থলীত চাকৰি নিয়মীয়াকৰণৰ লগতে ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰতিবাদ কৰি আহিছিল শিক্ষকে । তাৰ পিচতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লগতো কেইবালানিও বৈঠকত বহিছিল প্ৰতিবাদকাৰী শিক্ষকসকলে ।

কিন্তু আজিলৈকে কোনো সুদুত্তৰ নোপোৱাত ক্ষোভিত হৈ পৰে শিক্ষকসকল। ইয়াৰ ফলত সোমবাৰে শিক্ষকসকলে দিছপুৰৰ লাষ্টগেটত একগোট হৈ দিছপুৰ চল’ কাৰ্যসূচীৰ হাতত লয় । কিন্তু আধা বাটতে আৰক্ষীয়ে প্ৰতিবাদকাৰী শিক্ষকসকলক বাধা প্ৰদান কৰি আটক কৰি লৈ যায় ৷ প্ৰতিবাদকাৰী শিক্ষকসকলে সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ আহ্বানত 2017-18 চনৰ পদ প্ৰাদেশিকীকৰণৰ পূৰ্ণাংগ সংশোধন, মধ্যাহ্ন ভোজন বিতৰণ, বিনামূলীয়া পাঠ্যপুথি বিতৰণ, শিক্ষাসেতু পৰ্টেলত ভেঞ্চাৰ শিক্ষকসমূহক স্বীকৃতিপ্ৰাপ্ত কৰাৰ দাবীত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি দিছপুৰ চল’ কাৰ্যসূচী হাতত লৈছিল ।

প্ৰতিবাদকাৰী শিক্ষকসকলে ক্ষোভ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা দি চৰকাৰে নৈতিক দায়িত্ব পালন কৰা নাই বুলি মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য যে, বিগত 20-30 বছৰ ধৰি বিনা বেতনেৰে শিক্ষকতা কৰি আহিছে এই সকল শিক্ষক-কৰ্মচাৰীয়ে।

লক্ষণীয় যে, বিগত বৰ্ষৰ 4 ডিচেম্বৰৰ পৰা পদ প্ৰাদেশিকীকৰণৰ দাবীত চচলত ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীয় অনির্দিষ্টকালীন অনশন কার্যসূচী অব্যাহত ৰাখিছিল । ৰাজ্য চৰকাৰে শিক্ষকসকলৰ সমস্যা সমাধান নকৰিলে পৰৱৰ্তী সময়ত দিল্লীৰ যন্তৰ-মন্তৰত শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে ৷

লগতে পঢ়ক: চচলৰ অনশনস্থলীত ঢলি পৰিল প্ৰতিবাদকাৰী শিক্ষক, GMCH ত ভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.