ETV Bharat / state

ভয়ংকৰ ভৱিষ্যতৰ দিশে অসম : দ্ৰুত গতিত বাঢ়িছে এইডছ আক্ৰান্তৰ সংখ্যা

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 9:49 PM IST

HIV positive assam
এইডছ আক্ৰান্তৰ সংখ্যা

উদ্বেগজনকভাৱে ৰাজ্যত বৃদ্ধি পাইছে এইডছত আক্ৰান্তৰ সংখ্যা ৷ শীৰ্ষত আছে নগাঁও জিলা ৷ দ্বিতীয় স্থানত কামৰূপ মহানগৰ জিলা আৰু তৃতীয় স্থানত কাছাৰ জিলা ৷

গুৱাহাটী, ২ ডিচেম্বৰ : অসমত শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইড্‌ছত আক্ৰান্তৰ সংখ্যা ৷ এই বছৰৰ এপ্ৰিলৰ পৰা পৰৱৰ্তী ৬ মাহত নতুনকৈ চিনাক্ত হোৱা এইড্‌ছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৰাজ্যখনৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে ৷ আক্ৰান্তৰ সংখ্যাৰ দিশেৰে শীৰ্ষত থকা কেইখনমান জিলাৰ উদ্বেগজনক তথ্যই অশনি সংকেত বহন কৰিছে ।

সমগ্ৰ অসমত এই সময়ত আছে ৩০৫৭৯ গৰাকী এইডছত আক্ৰান্ত লোক (2022 চনৰ পৰা 2023 চনলৈ)৷ আনহাতে কেৱল যোৱা এপ্ৰিল মাহৰ পৰা ৬ মাহত ৰাজ্যখনত নতুনকৈ ১৮২৯ গৰাকী এইডছত আক্ৰান্ত লোক ধৰা পৰিছে৷ অসম এইডছ নিয়ন্ত্ৰণ সমিতিৰ তথ্যত প্ৰকাশ পাইছে এই তথ্য৷ সমিতিৰ তথ্য অনুসৰি যোৱা জুলাই মাহত অসমত এইডছত আক্ৰান্তৰ মুঠ সংখ্যা আছিল ৩০০৬৭ গৰাকী ৷ এপ্ৰিলৰ পৰা জুনলৈকে এই তিনি মাহত ১৩১৭ গৰাকী লোকৰ দেহত এইছ আই ভি পজিটিভ চিনাক্ত কৰা হৈছিল ৷

মন কৰিলগীয়া যে শেহতীয়া কেইবছৰমানত বৰ্তমানলৈ চিনাক্ত হোৱা এইডছ আক্ৰান্তসকলৰ ভিতৰত ২৩২৬ গৰাকী গৰ্ভৱৰ্তী মহিলাও আছে৷ শেহতীয়াভাৱে প্ৰকাশিত তথ্য অনুসৰি আক্ৰান্তৰ সংখ্যাৰ শীৰ্ষত আছে নগাঁও জিলা । নগাঁও জিলাত মুঠ ১০৭৮ গৰাকী HIV পজিটিভ চিনাক্ত হৈছে এতিয়ালৈকে৷ প্ৰজন্মৰ প্ৰতি ভাবুকিস্বৰূপ এই এইডছ আক্ৰান্তৰ সংখ্যাৰ দ্বিতীয় স্থানত আছে কামৰপ মহানগৰ জিলা৷ জিলাখনত বৰ্তমান মুঠ ৭৬২ গৰাকী লোক এইডছত আক্ৰান্ত ৷ তৃতীয় স্থানত আছে কাছাৰ জিলাত ৷ মুঠ ৩৯৫ গৰাকী এইডছ আক্ৰান্ত আছে কাছাৰত ৷

কোন জিলাত আছে কিমান এইডছ আক্ৰান্ত ?

নগাঁও জিলাঃ মুঠ ১০৭৮ গৰাকী

কামৰপ মহানগৰ জিলাঃ মুঠ ৭৬২ গৰাকী

কাছাৰ জিলাঃ মুঠ ৩৯৫ গৰাকী

তিনিচুকীয়া জিলাঃ ২৪৩ গৰাকী

শোণিতপুৰ জিলাঃ ১৮৬ গৰাকী

কাৰ্বি আংলং জিলাঃ 210 গৰাকী

যোৰহাট জিলাঃ ১৩৬ গৰাকী

কামৰূপ জিলাঃ ১৪০ গৰাকী

কৰিমগঞ্জ জিলাঃ ৯০ গৰাকী

গোলাঘাট জিলাঃ ১২৪ গৰাকী

মৰিগাঁও জিলাঃ ১৩১ গৰাকী

ধুবুৰী জিলাঃ ১৭৩ গৰাকী

বৰপেটা জিলাঃ ৯৪ গৰাকী

শিৱসাগৰ জিলাঃ ৭৬ গৰাকী

দৰং জিলাঃ ৪১ গৰাকী

হাইলাকান্দি জিলাঃ ৪৭ গৰাকী

বাক্সা জিলাঃ ২৩ গৰাকী

বিশ্বনাথ জিলাঃ ২২ গৰাকী

ওদালগুৰি জিলাঃ ৬ গৰাকী

নলবাৰী জিলাঃ ৪১ গৰাকী

হোজাই জিলাঃ ৫৭ গৰাকী

লখিমপুৰ জিলাঃ ৭৩ গৰাকী

এয়া কেৱল বৰ্তমানলৈ ধৰা পৰা এইডছ আক্ৰান্তৰ সংখ্যাহে । লোকলজ্জা আৰু আন সামাজিক কাৰণত চিকিৎসা বিজ্ঞানৰ কাষ নচপাকৈ থকা বহু লোক ৰাজ্যখনত এইডছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে৷ উল্লেখযোগ্য যে, আৰক্ষী-প্ৰশাসনে ড্ৰাগচবিৰোধী অভিযান অব্যাহত ৰখা স্বত্বেও ৰাজ্যখনত ভয়াবহ ৰূপ লৈছে ড্ৰাগছ আসক্তিয়ে ।

তথ্য অনুসৰি এইডছ আক্ৰান্তসকলৰ ৫০ শতাংশতকৈও অধিক লোক চিৰিঞ্জৰ দ্বাৰা ড্ৰাগছ লোৱাৰ ফলশ্ৰুতিতে আক্ৰান্ত হোৱা ৷ আনহাতে অসুৰক্ষিত শাৰীৰিক সম্পৰ্ক আদিৰ ফলত হোৱা এইডছ আক্ৰান্তৰ সংখ্যাও তেনেই কম নহয় ৷ ইফালে ড্ৰাগছৰ কবলত পৰা চুবুৰীয়া কেবাখনো ৰাজ্য এই এইডছ মহাব্যাধিৰ গ্ৰাসত পৰিছে ।

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা সমীপৱৰ্তী তিনিচুকীয়া জিলাত দ্ৰুতগতিত এইডছ বৃদ্ধি হোৱাৰ তথ্যও পোহৰলৈ আহিছে ৷

লগতে পঢ়ক: ৰাজ্যত চাইবাৰ ক্ৰাইম থানা স্থাপনৰ পৰিকল্পনা অসম আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.