ETV Bharat / state

শিক্ষক সকলে চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব সকলো ব্যক্তিগত তথ্য

author img

By

Published : Dec 6, 2021, 9:17 PM IST

শিক্ষক সমাজলৈ বিশেষ জাননী প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৷ জাননী অনুসৰি, এইবাৰ ৰাজ্যৰ শিক্ষক সমাজে চৰকাৰৰ ঘৰত দাখিল কৰিব লাগিব সকলো ব্যক্তিগত তথ্য(Notice for submission of personal information to teachers) ।

Notice for submission of personal information to teachers
শিক্ষক সকলে চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব সকলো ব্যক্তিগত তথ্য

গুৱাহাটী, ৬ ডিচেম্বৰ: এইবাৰ ৰাজ্যৰ শিক্ষক সমাজে চৰকাৰৰ ঘৰত দাখিল কৰিব লাগিব সকলো ব্যক্তিগত তথ্য । ইতিমধ্যে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ(Directorate of Primary and Secondary Education) ফালৰ পৰা ৰাজ্যৰ সকলো প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়লৈ এই সম্পৰ্কীয় জাননী জাৰি কৰিছে(Notice for submission of personal information to teachers) ।

সেই অনুসৰি প্ৰতিগৰাকী শিক্ষক-শিক্ষয়ত্ৰীয়ে ১০ ডিচেম্বৰৰ ভিতৰত সৰ্বশিক্ষা অভিযান(Sarva Shiksha Abhiyan) আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান(National Mission for Secondary Education)ক দাখিল কৰিব লাগিব নিজৰ সকলো ব্যক্তিগত তথ্যৰ লগতে চাকৰি সম্পৰ্কীয় সকলো তথ্য । অনলাইন যোগে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ সকলো শিক্ষক-শিক্ষয়ত্ৰীয়ে এই সমস্ত তথ্য বিভাগক দাখিল কৰিব লাগিব ।

প্ৰতিগৰাকী শিক্ষক-শিক্ষয়ত্ৰীয়ে ১০ ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব লাগিব নিজৰ ডাইচ কোড, আধাৰ নম্বৰ, পেন নম্বৰ, শিক্ষাগত অৰ্হতা আৰু বেংক একাউন্টৰ সবিশেষ । যদি কোনো শিক্ষক-শিক্ষয়ত্ৰীৰ বিৰুদ্ধে কিবা গোচৰ চলি আছে সেই তথ্যও বিভাগক দাখিল কৰিবলৈ কোৱা হৈছে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষক সমাজৰ বাবে "ৰিমছ" নামৰ এটা বিশেষ এপ ব্যৱহাৰৰ নিৰ্দেশনা জাৰি কৰিছিল । যাক লৈ এক বিতৰ্ক সৃষ্টি হোৱাই নহয়, শিক্ষক সমাজ আৰু চৰকাৰৰ মাজত এক সংঘাতময় পৰিবেশৰো উদ্ভৱ হৈছিল । কিয়নো শিক্ষক সমাজৰ অভিযোগ আছিল যে "ৰিমছ" এপে শিক্ষক সকলৰ ব্যক্তিগত অধিকাৰ খৰ্ব কৰিব । ইয়াৰ পিছতো চৰকাৰে পুণৰ শিক্ষক সমাজৰ পৰা ব্যক্তিগত তথ্য বিচৰা কাৰ্য তাৎপৰ্যপূৰ্ণ ৰূপে বিবেচিত হৈছে ।

লগতে পঢ়ক : AFSPA ৰ বাতিলৰ লগতে নাগালেণ্ডৰ হত্যাকাণ্ড ঘটনাৰ NIA তদন্তৰ দাবী অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.