ETV Bharat / state

এতিয়াৰ পৰা মাস্ক নিপিন্ধিলে সামগ্ৰী নাপাব গুৱাহাটীৰ দোকানত

author img

By

Published : Jul 13, 2021, 9:50 PM IST

গুৱাহাটীত গণসংক্ৰমণে যাতে ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে অনুষ্ঠিত হয় এখন জৰুৰী সভা ৷ সভাত মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে বজাৰ সমিতিৰ সভাপতি আৰু সম্পাদকসকলক প্ৰতিখন দোকানৰ সন্মুখত ‘‘ন' মাস্ক, ন' চেলচ’’ ( No mask no sales) শীৰ্ষক বেনাৰ লগোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

no-mask-no-sales-policy-in-guwahati
গুৱাহাটীত মাস্ক ন'হলে সামগ্ৰী বিক্ৰী কৰা বন্ধ

গুৱাহাটী,13 জুলাই: কামৰূপ মহানগৰ জিলাক কৰ'ণামুক্ত কৰাৰ বাবে বিশেষভাৱে কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন ৷ জিলাখনত গণসংক্ৰমণে যাতে ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে জিলাখনৰ বজাৰ সমিতিসমূহৰ বিষয়ববীয়াৰে এখন জৰুৰী সভা অনুষ্ঠিত হয় ৷ সভাত মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে বজাৰ সমিতিৰ সভাপতি আৰু সম্পাদকসকলক প্ৰতিখন দোকানৰ সন্মুখত ‘‘ন' মাস্ক, ন' চেলচ’’ ( No mask no sales)শীৰ্ষক বেনাৰ লগোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ উপায়ুক্তগৰাকীয়ে কয় যে, দোকানৰ প্ৰতিজন কৰ্মচাৰীয়ে মাস্ক পিন্ধা আৰু দোকানৰ সন্মুখত ছেনিটাইজাৰ বা চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা ৰখাটো বাধ্যতামূলক ৷

অন্যথা প্ৰশাসনৰ টাস্ক ফ’ৰ্চে(Task Force) দোকানসমূহ পৰিদৰ্শন কৰি লাইচেন্স বাতিল কৰি দিব বুলি মন্তব্য কৰিছে জিলা উপায়ুক্ত গৰাকীয়ে ৷ আনহাতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো অলিয়ে গলিয়ে থকা প্ৰতিখন দোকানৰ সন্মুখৰ ফুটপাথত অস্থায়ী দোকান বহুৱাটো বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ বজাৰ সমিতিসমূহক অনুৰোধ জনায় ৷ এই নীতি নামানিলে দোকানৰ বয়-বস্তু জব্দ কৰা হ'ব বুলি উল্লেখ কৰে দেৱাশীষ শৰ্মাই ৷ লগতে যেতিয়ালৈকে ৰাইজে ক'ভিড বিধি তথা চৰকাৰী নীতি-নিৰ্দেশনা কঠোৰভাৱে মানি নচলে তেতিয়ালৈকে ক'ভিড ৰোধ কৰিব নোৱাৰি বুলি মন্তব্য কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত গৰাকীয়ে ৷

no-mask-no-sales-policy-in-guwahati
গুৱাহাটীত মাস্ক ন'হলে সামগ্ৰী বিক্ৰী কৰা বন্ধ

সভাত পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, জিলা উন্নয়ন আয়ুক্ত নিৱেদিতা দাস পাটোৱাৰীৰ লগতে অতিৰিক্ত উপায়ুক্ত, খাদ্য আৰু অসামৰিক যোগান বিভাগ, জিলা স্বাস্থ্য বিভাগ আদিৰ বিষয়-ববীয়াসকল উপস্থিত আছিল ৷

উল্লেখ্য যে, সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে ইখনৰ পিছত সিখন নতুন এছঅ’পি(SOP) জাৰি কৰিছে যদিও একাংশ লোকৰ মইমতালিৰ বাবেই যেন নিয়ন্ত্ৰণলৈ অহা নাই পৰিস্থিতি ৷ যাৰ বাবে ক্ৰমাৎ অধিক কঠোৰ হৈছে ৰাজ্য চৰকাৰ ৷ প্ৰশাসনক অধিক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব কৰ্মা ৷

লগতে পঢ়কঃ ভুল চিকিৎসাৰ অভিযোগ : পুনৰ বিতৰ্কত ডাঃ ছফিকুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.