ETV Bharat / state

অসমত দুবছৰে বন্ধ হৈ আছে 12 খন যাত্ৰীবাহী ৰে’ল, ৰ্নিলিপ্ত ৰে’ল বিভাগ

author img

By

Published : Feb 11, 2022, 5:51 PM IST

ৰে’ল বিভাগত অৰাজগতা ৷ বিগত 2020 বৰ্ষৰ মাৰ্চৰ পৰা অসমত চলাচল কৰা 12 খন যাত্ৰীবাহী ৰে’লৰ চলাচল বন্ধ হৈ আছে (NF Railways has stopped running 12 passenger trains) । ৰে’লকেইখন বন্ধ কৰাৰ সম্পৰ্কত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা দুবছৰ ধৰি জাৰি কৰা হোৱা নাই কোনো ধৰণৰ জাননী ৷ ক্ষুভিত অসম ৰে’লযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মা ৷

NF Railway closed down 12 pasenseger trains
অসমত দুবছৰে বন্ধ হৈ আছে 12 খন যাত্ৰীবাহী ৰে’ল

গুৱাহাটী, 11 ফেব্ৰুৱাৰী : ৰে’ল বিভাগে অসমৰ ৰে’ল যাতায়তৰ উন্নত হোৱা বুলি দাবী কৰি থকাৰ বিপৰীতে ৰাজ্যত ৰে’ল সেৱাত চৰম দুখ লগা অৱস্থাই বিৰাজ কৰিছে । কেন্দ্ৰীয় চৰকাৰে শেহতীয়া কেন্দ্ৰীয় বাজেটত দেশত 400 খন নতুন বন্দে ভাৰত ৰে’ল আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ।

কিন্তু ৰাজ্যত যোৱা দুবছৰ ধৰি চলাচল কৰি থকা বহুসংখ্যক ৰে’ল বিশেষকৈ বহু কেইখন স্থানীয় যাত্ৰীবাহী ৰে’লৰ চলাচল বন্ধ কৰি ৰাখিছে । উল্লেখ্য যে, ক’ভিড পৰিস্থিতিৰ অজুহাত দেখুৱাই উত্তৰ পূৱ সীমান্ত ৰে’লৱে বিগত 2020 বৰ্ষৰ মাৰ্চ মাহৰ পৰা অসমত চলাচল কৰা 12 খন যাত্ৰীবাহী ৰে’লৰ চলাচল বন্ধ কৰি ৰাখিছে (NF Railways has stopped running 12 passenger trains) ।

বিগত দুবছৰ ধৰি উত্তৰ পূৱ সীমান্ত ৰে’লৱে অসমত চলাচল বন্ধ কৰি ৰখা 12 খন যাত্ৰীবাহী ৰে’ল ক্ৰমে, ডিব্ৰুগড় শতাব্দী, ঝাঝা এক্সপ্ৰেছ, কলকাতা চুপাৰফাষ্ট, মৰিয়নি ইন্টাৰচিটী, কামাখ্যা ইন্টাৰচিটী, নাহৰলগুন ইন্টাৰচিটী, ফৰকাটিং ইন্টাৰচিটী, মৰিয়নি পেছেঞ্জাৰ, ডাঙৰী পেছেঞ্জাৰ, শিলচৰ পেছেঞ্জাৰ, মুৰ্কংকচেলেক পেছেঞ্জাৰ আৰু নিউ বঙাইগাও পেছেঞ্জাৰ ।

NF Railway closed down 12 pasenseger trains
ৰে’ল বিভাগত অৰাজগতা

এই ৰে’লকেইখন বন্ধ কৰি ৰখাৰ বাবে সদায় অহা-যোৱা কৰা যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । লগতে এই যাত্ৰীবাহী ৰে’ল কেইখনত ফেৰীৱালাৰ পৰা আদি কৰি ৰে’লত বিভিন্ন ব্যৱসায় কৰি জীৱিকাৰ সন্ধান উলিওৱা অসমীয়া যুৱকসকল জীবিকাহীন হৈ পৰিছে । এই সম্পৰ্কত ই টি ভি ভাৰতৰ সাংবাদিকৰ আগত ক্ষোভ উজাৰি অসম ৰে’লযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাই ৷

তেওঁ কয় যে, শাসক বিৰোধী কোনোৱেই অসমৰ ৰে’ল ব্যৱস্থাক লৈ সচেতন নহয় । মানুহক উপাৰ্জনৰ পথ দিয়া ৰে’লকেইখন বন্ধ কৰাৰ সমস্যাক লৈ ৰাজ্য চৰকাৰৰ লগতে সাংসদ বিধায়কৰ নিৰ্লিপ্ত ভূমিকাই বাৰুকৈয়ে কু-প্ৰভাৱ পেলাইছে । লগতে তেওঁ এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয় যে, বন্ধ হৈ থকা ৰে’লকেইখন পুনৰ চলাচল কৰাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধকক ৰে’লযাত্ৰী সংস্থাৰ তৰফৰ বহুবাৰ আৱেদন নিৱেদন কৰা হৈছে যদিও কোনো গুৰুত্ব দিয়া নাই ।

সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাই কয় যে, 12 খন যাত্ৰীবাহী ৰে’ল বন্ধ কৰাৰ সম্পৰ্কত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা দুবছৰ ধৰি কোনো জাননী জাৰি কৰা হোৱা নাই । মন কৰিবলগীয়া যে, শুক্ৰবাৰে পুনৰ ৰে’লযাত্ৰী সংস্থাৰ তৰফৰ পৰা দুবছৰ ধৰি বন্ধ হৈ থকা 12খন ৰেলৰ ভিতৰত শীঘ্ৰে পাঁচখন ৰে’ল ক্ৰমে গুৱাহাটী-ৰঙিয়া-নিউ বঙাইগাঁও পেছেঞ্জাৰ, আলিপুৰ দুৱাৰ-ৰঙিয়া-কামাখ্যা ইন্টাৰচিটী, ডিব্ৰুগড়-লখিমপুৰ-কলং চুপাৰফাষ্ট, ডিব্ৰুগড়-লামডিং-গুৱাহাটী শতাব্দী আৰু ডিব্ৰুগড়-মাকুম-ডাঙৰী পেছেঞ্জাৰ পুনৰ চলাচল কৰাৰ বাবে দাবী জনাইছে ।

লগতে পঢ়ক : Assam-Arunachal Border dispute: লখিমপুৰৰ অৰুণাচল সীমান্তত উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.