ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 24, 2021, 1:03 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি
1 বজাৰ শীৰ্ষ দহটা বাতৰি

অসম ৰাজ্যিক চিৰিয়াখানাত মাইকী জিৰাফৰ ৰহস্যজনক মৃত্যু

শুকুৰবাৰে নিশা অসম ৰাজ্যিক চিৰিয়াখানাত ৰহস্যজনকভাৱে মৃত্যু ঘটিল এটি মাইকী জিৰাফৰ(female Giraffe in Guwahati zoo dead) ৷ নিশা দানা খোৱা স্থানত ফাঁচ লাগি জিৰাফজনীৰ মৃত্যু (Death of the giraffe by hanging)হোৱাৰ ধাৰণা কৰা হৈছে যদিও বৰ্তমান এই কথা অস্বীকাৰ কৰে বন সংমণ্ডল বিষয়া অশ্বিনী কুমাৰে ৷ উল্লেখ্য যে, ৮ বছৰ বিৰতিৰ পিছত প্ৰায় ডেৰ বছৰ পূৰ্বে মহীশূৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছিল দুটাকৈ জিৰাফ ৷ তাৰে মাইকী জিৰাফজনীৰ বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত মৃত্যু হোৱাত বৰ্তমান এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত DFO অশ্বিনী কুমাৰে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰি কয় যে ,"মহীশূৰৰ পৰা অনা এনি নামৰ জিৰাফ জনীৰ মৃত্যু কাৰণ বৰ্তমানলৈকে জনা হোৱা নাই । ইতিমধ্যে এই ঘটনাক লৈ এক তদন্ত ক্ৰিয়া অব্যাহত আছে । তদন্তৰ অন্ততহে পোহৰলৈ আহিব মৃত্যুৰ কাৰণ "৷

সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ গোলাঘাট জিলা পৰিবহন বিভাগ

সুৰাপান কৰি বাহন চলোৱা সকলৰ ওপৰত কঠোৰ হৈছে ৰাজ্যৰ পৰিবহন বিভাগ ৷ সমান্তৰালভাৱে বুধবাৰে গোলাঘাট জিলাত চলিল আৰক্ষীৰ অভিযান (Golaghat traffic police strict against drink and drive)। ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰা গধুৰ বাহনৰ ওপৰত জৰিমনা বিহাৰ ব্যৱস্থা ৷

Diamond Jubilee of JEC : জে ই চি য়ে সম্পূৰ্ণ কৰিলে 60 টা বছৰ

26 আৰু 27 ডিচেম্বৰত যোৰহাট আভিযান্ত্ৰিক মহাবিদ্যালয়ত হীৰক জয়ন্তী সমাৰোহৰ আয়োজন (JEC is going to celebrate its diamond jubilee) ৷ 60 বছৰ অতিক্ৰমী যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে ক’ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষত অনুষ্ঠিত কৰিব পৰা নাছিল এই সমাৰোহৰ ৷ বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহাবিদ্যালয় কৰ্তৃপক্ষই বছৰটোৰ শেষত দুদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লৈছে হীৰক জয়ন্তী সমাৰোহৰ ৷

Drugs Burnt in Karimganj : আৰক্ষীয়ে জ্বলাই নষ্ট কৰিলে ড্ৰাগছ-গাঞ্জা

কৰিমগঞ্জত আৰক্ষীয়ে জ্বলালে ড্ৰাগছসহ নিচাযুক্ত সামগ্ৰী (Police burnt drugs in Karimganj ) ৷ বিগত দুই তিনি বছৰ ধৰি কৰিমগঞ্জৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰী শুকুৰবাৰে জ্বলাই দিয়া হয় (Drugs seized by Karimganj Police) ৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ উপস্থিতি 2018 চনৰ পৰা জিলাখনৰ বিভিন্ন অঞ্চলত চলোৱা অভিযানত জব্দ হোৱা 3 কিলো 126 গ্ৰাম হেৰ’ইন, 1 কোটি 11 লাখ টকাৰ কফ চিৰাপ, 256 টা মদৰ বটল, 172 কেজি গাঞ্জা, 4 কোটি 51 লাখ টকাৰ ইয়াবা টেবলেট জ্বলাই নষ্ট কৰা হয় ৷ কৰিমগঞ্জৰ আৰক্ষী ৰিজাৰ্ভ জুনি টিলাত এই নিচা জাতীয় সামগ্ৰীসমূহ ধংস কৰা হয় । কৰিমগঞ্জৰ বিভিন্ন আৰক্ষী থানাই জব্দ কৰিছিল এই নিচাযুক্ত সমূহ সামগ্ৰী (Karimganj police anti drugs operation) ৷

ISRO ৰ বিজ্ঞানীৰ ৰূপত আন এগৰাকী অসম সন্তান

নিজৰ একাগ্ৰতা আৰু সাধনাৰে ৰাজ্যবাসীক পুনৰ গৌৰৱান্বিত কৰিলে এজন অসম সন্তানে । এইবাৰ ইছৰ’(ISRO) ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে অসম সন্তান তিতাবৰৰ যুৱক অলকেশ কলিতা(Assamese People in ISRO) । অলকেশ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (Indian Space Research Organisation) চমুকৈ ইছৰ’ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া উৎফুল্লিত হৈ পৰিছে তিতাবৰৰ লগতে সমগ্ৰ ৰাজ্যবাসী । তিতাবৰ মাজগাঁৱৰ নিবাসী পৰাগ কলিতা আৰু বৰ্ণালী কলিতাৰ পুত্ৰ অলকেশ কলিতাই ৮ জানুৱাৰীত চণ্ডীগড়ৰ SCL ত ইছৰ’ৰ বিজ্ঞানী হিচাপে যোগদান কৰিব । ছাত্ৰ অৱস্থাৰে পৰা অত্যন্ত মেধাৱী অলকেশৰ সৈতে ETV Bharat Assam ৰ সাংবাদিক অনমোল যাদৱৰ এক আছুতীয়া সাক্ষাৎকাৰ...

Madarkhat Tea Garden: বন্ধ হোৱাৰ দিশে 120 বছৰীয়া মদাৰখাট চাহ বাগিচা

যি সময়ত চৰকাৰে চাহ শ্ৰমিকৰ বাবে বিভিন্ন আঁচনি মুকলি কৰিছে (Scheme by Assam Govt for Tea workers), সেই সময়তে অৱহেলিত হৈছে এখন পুৰণি চাহ বাগিচা ৷ ডিব্ৰুগড়ৰ মদাৰখাট চাহ বাগিচাখন বিগত তিনিমাহে বন্ধ হৈ আছে (Madarkhat tea garden towards closure) ৷ বাগিচাখনত কৰ্মৰত শ্ৰমিকসকলৰ খাদ্যৰ অভাৱত পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷

Isha Thapa death case : নৌ সেনাৰ বিষয়াৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ

হত্যা নে আত্মহত্যা ! ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ইশা থাপাৰ মৃত্যুৰ ঘটনা 9Isha Thapa death case)৷ শ্ৰীলংকাত কেনেকৈ মৃত্যু হ’ল ইশাৰ ? স্বামীগৃহৰ মতে আত্মহত্যা আৰু পিতৃগৃহৰ মতে পৰিকল্পিত হত্যা ৷ ইশাৰ লগতে হেৰাই গ’ল নেকি প্ৰকৃত সত্য ৷

ক’ভিডত মৃত্যু হোৱা লোকৰ আত্মীয়ক চৰকাৰী সাহাৰ্যৰ বাবে আবেদনৰ আহ্বান

বৃহস্পতিবাৰে কাৰ্বি আংলং জিলা উপায়ুক্তই এক সংবাদমেল যোগে( DC Dibakar Nath organized press conference ) ক'ভিড ১৯ আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোক সকলৰ নিকটাত্মীয়ক চৰকাৰে প্ৰদান কৰা সাহায্য লাভৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায় ৷

ধেমাজিত ছন পৰা মাটিত কৃষি কৰ্মৰে সেউজ বিপ্লৱৰ সুচনা

ধেমাজি কৃষি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ কাইটং ফুকন গাঁৱৰ কঢ়া নদীৰ পাৰৰ চন পৰা মাটি সেউজীয়া হৈ পৰিছে এক দাম্পতীৰ প্ৰচেষ্টাত( Green Revolution with Farming) ৷

Truck hijack case: মেঘালয়ত উদ্ধাৰ চুৰি হোৱা ট্ৰাক, গ্ৰেপ্তাৰ ৩ জন

গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান । ১৪ চকীয়া ট্ৰাক চুৰিৰ অভিযোগত ৩ জন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ (3 nabbed for truck hijacking in Barpeta)। ১ লাখ টকাত বিক্ৰী কৰা হৈছিল ট্ৰাকখন । মেঘালয়ৰ বৰ্ণিহাটৰ পৰা উদ্ধাৰ চুৰি হোৱা ট্ৰাকখন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.