ETV Bharat / state

সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ গোলাঘাট জিলা পৰিবহন বিভাগ

author img

By

Published : Dec 24, 2021, 10:21 AM IST

golaghat-traffic-police-strict-against-drink-and-drive
সুৰাসক্ত চালকক বিৰুদ্ধে কঠোৰ গোলাঘাট জিলা পৰিবহন বিভাগ

সুৰাপান কৰি বাহন চলোৱা সকলৰ ওপৰত কঠোৰ হৈছে ৰাজ্যৰ পৰিবহন বিভাগ ৷ সমান্তৰালভাৱে বুধবাৰে গোলাঘাট জিলাত চলিল আৰক্ষীৰ অভিযান (Golaghat traffic police strict against drink and drive)। ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰা গধুৰ বাহনৰ ওপৰত জৰিমনা বিহাৰ ব্যৱস্থা ৷

গোলঘাট, 24 ডিচেম্বৰ : নববৰ্ষক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ 31 ডিচেম্বৰৰ নিশা সুৰাপান কৰি গাড়ী চলোৱাৰ পৰা ৰাজ্যবাসীক বিৰত থাকিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে ৷ সুৰাপান কৰি নিশা যান-বাহন চলোৱা সকলৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পৰিবহণ বিভাগ তথা আৰক্ষীয়ে চলাইছে অভিযান ৷ যান-বাহন আইন অমান্য কৰি বাহন চলোৱাৰ ফলত বহুতে ভৰিব লগীয়া হৈছে জৰিমনা ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে বুধবাৰে নিশা গোলাঘাট জিলা পৰিবহন বিভাগ আৰু বোকাখাত আৰক্ষীৰ নেতৃত্বত বোকাখাতৰ সুৰাসক্ত চালকৰ বিৰুদ্ধে এক অভিযান চলায় (Operation drive against drink and drive)৷ বিশেষকৈ নিশাৰ ভাগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা সকলো ট্ৰাক চালক-হেণ্ডিমেনক সুৰা সেৱন পৰীক্ষা কৰাৰ লগতে অত্যাধিক বোজা কঢ়িয়াই নি পৰিবহন আইন ভংগ কৰা বাহনৰ ওপৰত জৰিমনা বিহাৰ ব্যৱস্থা কৰে (Golaghat police operation against drink and drive) ।

সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ গোলাঘাট জিলা পৰিবহন বিভাগ

প্ৰায় সংখ্যক লোকে চৰকাৰ তথা পৰিবহন বিভাগে নিধাৰণ কৰি দিয়া নিয়ম উলংঘা কৰি পৰিবহন বিভাগ আৰু আৰক্ষীৰ চকুত ধূলি দি প্ৰতি নিশাই শ শ মালবাহী ট্ৰাক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰি আহিছে( Heavy vechicles on National Highway 37 in Golaghat) ৷ যাৰ ফলত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে ৷ এনেধৰণৰ আইন ভংগকাৰী চালকক নাকি লগোৱাৰ উদ্দেশ্যে বুধবাৰে নিশা গোলাঘাট জিলা পৰিবহন বিভাগে বোকাখাতত অভিযান চলাই বহুকেইখন অত্যাধিক বোজা কঢ়িয়াই নিয়া বাহনৰ পৰা জৰিমনা আদায় কৰে ৷

লগতে পঢ়ক : ৩১ ডিচেম্বৰত সুৰাপান কৰি গাড়ী চলালে আলহী হ’ব লাগিব আৰক্ষীৰ : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.