ধেমাজিত ছন পৰা মাটিত কৃষি কৰ্মৰে সেউজ বিপ্লৱৰ সুচনা
Updated on: Dec 24, 2021, 7:54 AM IST

ধেমাজিত ছন পৰা মাটিত কৃষি কৰ্মৰে সেউজ বিপ্লৱৰ সুচনা
Updated on: Dec 24, 2021, 7:54 AM IST
ধেমাজি কৃষি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ কাইটং ফুকন গাঁৱৰ কঢ়া নদীৰ পাৰৰ চন পৰা মাটি সেউজীয়া হৈ পৰিছে এক দাম্পতীৰ প্ৰচেষ্টাত( Green Revolution with Farming) ৷
ধেমাজি, 23 ডিচেম্বৰ : মন থাকিলে চন, বাকৰি মাটিতো ধন ৷ কষ্ট কৰিলে ছন পৰা মাটিতো শস্য উৎপাদন কৰিব পাৰি ৷ তাৰেই উদাহৰণ দাঙি ধৰিলে ধেমাজিৰ এক দম্পতিয়ে ৷ জানিব পৰা মতে, ধেমাজি কৃষি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ কাইটং ফুকন গাঁৱৰ কঢ়া নদীৰ পাৰৰ চন পৰা মাটি সেউজীয়া হৈ পৰিছে এই দাম্পতিৰ প্ৰচেষ্টাত (Green Revolution with Farming)৷ বিগত পোন্ধৰ বছৰ ধৰি সেউজীয়া সপোন দেখি অহা দম্পতিয়ে কঢ়া নদীৰ ছন পৰা মাটিত কৃষি কৰ্মৰে সেউজ বিপ্লৱৰ সুচনা কৰি গ্ৰাম্য অৰ্থনীতিলৈ যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে ৷
ধেমাজিৰ হেমন্ত বৰুৱা আৰু তেওঁৰ সহধৰ্মিনীয়ে দহ বিঘা ছন পৰা মাটিত আলু, লাই, লফা, জাতি নাউ, ৰঙালাউ, ৰছুন, তিতাকেৰেলা, মূলা আদি বতৰৰ বিভিন্ন পাচঁলি খেতি কৰি অঞ্চলটোৰ আদৰ্শ খেতিয়ক হিচাপে পৰিগণিত হৈছে ৷ সেয়ে এই কৃষক দম্পতিৰ কৃষিকৰ্মৰ পৰা অনুপ্ৰাণিত হৈ অঞ্চলটোৰ আন বহু যুৱকে কৃষিকৰ্মত মনোনিৱেশ কৰিছে ৷ উল্লেখ্য যে, যি সময়ত অসমত নিবনুৱা সমস্যাৰ কৱলত পৰি হাজাৰ হাজাৰ নিবনুৱাই কৰ্ম সংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ ঢাপলি মেলিব লগীয়া হৈছে, ঠিক সেই সময়তে কৃষি কাৰ্য্যৰ জৰিয়তে এই দম্পতিয়ে এক বিপৰীত নিদৰ্শন দাঙি ধৰিছে ৷ শেহতীয়াকৈ এই কৃষক দম্পতিয়ে নিজে প্ৰস্তুত কৰা কেচুঁ সাৰ, জৈৱিক সাৰ প্ৰয়োগ কৰি সাত বিঘা মাটিত আলুৰ খেতি কৰিছে ৷
ইফালে চৰকাৰৰ কৃষি বিভাগে উদ্যমী কৃষকসকলক সহায় সহযোগিতা আগবঢ়ালে পিছপৰা অঞ্চলৰ সাধাৰণ কৃষক পৰিয়ালে অধিক আথিক দিশত টনকিয়াল হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰিছে এই উদ্যমী দম্পতিয়ে ৷ লগতে নিবনুৱা সকলে অন্য ঠাইত থাকি কঠোৰ শ্ৰম কৰি পৰিয়াল পোহপাল দিয়াতকৈ নিজৰ ঠাইতে থাকি কৃষি কৰ্মত মনোনিবেশ কৰি ইয়াৰ জৰিয়তে নিজৰ স্বাৱলম্বীতাৰ পথ মুকলি কৰিব পাৰিব বুলি কয় কৃষক হেমন্ত বৰুৱাই ৷ কৃষক দম্পতিৰ সেউজ বিপ্লৱৰ এই কৰ্মৰাজি এতিয়া অঞ্চলটোৰ আন দহজনৰ বাবেও হৈ পৰিছে আদৰ্শস্বৰূপ ৷
লগতে পঢ়ক : Viral Video of Manas national Park : মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ গাড়ীত আক্ৰমণৰ চেষ্টা গঁড়ৰ
