ETV Bharat / state

National Unity Day : অসমৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দৌৰ

author img

By

Published : Oct 31, 2022, 1:11 PM IST

Updated : Oct 31, 2022, 2:33 PM IST

Unity
Unity

আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস (National Unity Day 2022) ৷ সমগ্ৰ দেশৰ লগতে আজি অসমতো পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস (National Unity Day in Assam) । গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পৰা উলিওৱা 'একতাৰ বাবে দৌৰ'ত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আনহাতে, শিৱসাগৰ, চৰাইদেউ, মৰিগাঁও আদিতো পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ।

নিউজ ডেস্ক, ৩১ অক্টোবৰ : আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস (National Unity Day 2022) ৷ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ভাৰত চৰকাৰে ২০১৪ চনৰ পৰা আয়োজন কৰি আহিছে এই দিৱস । চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 31 অক্টোবৰত পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ।

স্বাধীন ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিনৰ লগত সংগতি ৰাখি আয়োজিত কেন্দ্ৰীয় কাৰ্যসূৰ্যচীত পেটেলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ অসমতো পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ৷

National Unity Day : অসমৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দৌৰ

সমগ্ৰ দেশৰ লগতে আজি অসমতো পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস (National Unity Day in Assam) । ইয়াৰে কেন্দ্ৰীয় কাৰ্যসূচী গুৱাহাটীত অনুষ্ঠিত হয় । একতা দিৱসৰ লগত সংগতি ৰাখি পুৱা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পৰা উলিওৱা হয় 'একতাৰ বাবে দৌৰ' । তাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ৰাজ্য চৰকাৰৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত আয়োজিত একতাৰ দৌৰৰ এই অনুষ্ঠানত অসম আৰক্ষীৰ কেইবাটাও বেটেলিয়নৰ লগতে মহানগৰীৰ কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাই অংশগ্ৰহণ কৰে (Run for Unity) ।

আনহাতে, ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয় (National Unity Day observed in Sivasagar) । এই উপলক্ষে শিৱসাগৰ জিলাৰ ৬টা ঐতিহাসিক স্থানৰ পৰা সামূহিক দৌৰ অনুষ্ঠিত কৰা হয় । শিৱসাগৰ বৰপুখুৰী, ৰংঘৰ আৰু তলাতল ঘৰ, জয়সাগৰ পুখুৰী, গৌৰীসাগৰ পুখুৰী; কাৰেংঘৰ আৰু চৰাইদেউ মৈদামৰ পৰা উলিওৱা সামূহিক দৌৰত বহু ছাত্ৰ-ছাত্ৰী, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে অংশগ্ৰহণ কৰে । ৰংঘৰৰ বাকৰিৰ সামূহিক দৌৰৰ ফ্লেগ অফ কৰে অৰ্জুন বঁটাপ্ৰাপক ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই । ৰাষ্ট্ৰীয় একতা দিৱসৰ সামূহিক দৌৰত শিৱসাগৰ জিলাৰ উপায়ুক্ত আৰু জিলা প্ৰশাসনৰ বিষয়াই অংশগ্ৰহণ কৰে ।

আনহাতে, চৰাইদেউ জিলাৰ মৰাণতো মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা জিলা প্ৰশাসনৰ উদ্যোগত মৰাণ পৌৰসভালৈকে উলিওৱা হয় একতাৰ দৌৰ (Run for Unity in Charaideu) । এই একতাৰ দৌৰত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে । এই অনুষ্ঠানে সমাজৰ প্ৰতিজনকে সু-নাগৰিক হোৱাত সহায় কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে । অনুষ্ঠানত চক্ৰ বিষয়া ইণ্ডিকা গগৈ, মাহমৰা খণ্ড উন্নয়ন বিষয়া উৎপল গগৈৰ লগতে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰশাসনৰ লোক উপস্থিত থাকে ।

ইয়াৰ উপৰি মৰিগাঁৱতো আয়োজন কৰা হয় একতাৰ দৌৰ (Run for Unity in Morigaon) । এই একতাৰ দৌৰ কাৰ্যসূচী মুকলি কৰে প্ৰাক্তন টেনিছ তাৰকা মনালিছা বৰুৱা মেহতাই । মৰিগাঁও মহাবিদ্যালয় খেলপথাৰৰ পৰা মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ উলিওৱা হয় ৰাষ্ট্ৰীয় একতা দিৱসৰ একতা দৌৰ ।

মৰিগাঁও জিলা উপায়ুক্ত দেৱাশিস শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা, সন্তৰণবিদ এলভিছ আলী হাজৰিকা, অতিৰিক্ত উপায়ুক্ত আদিত্য গগৈ, অৰুন্ধতী নৰহ মিপুণ, গৰ্গ মোহন দাস, ক্ৰীড়া সন্থাৰ সভাপতি পৱন মান্তাসহ অধ্যক্ষ ডঃ লীলাকান্ত বৰঠাকুৰ প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

আনহাতে, মৰিগাঁও বিহুতলীৰ পৰা মৰিগাঁও জিলা আৰক্ষীৰ উদ্যোগত চহৰখনত উলিওৱা হয় ষষ্ঠ অসম আৰক্ষীৰ কুছকাৱাজ প্ৰদৰ্শন । চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত ম্যালাৰ্পণেৰে অনুষ্ঠান উদ্বোধন কৰে জিলা উপায়ুক্ত দেৱাশিস শৰ্মাই । কাৰ্যসূচীৰ আঁতধৰে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে ।

লগতে পঢ়ক :National Unity Day 2022 : গুৱাহাটীত একতাৰ দৌৰৰ কাৰ্যসূচীত হিমন্ত বিশ্ব আৰু সৰ্বানন্দৰ অংশগ্ৰহণ

Last Updated :Oct 31, 2022, 2:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.