ETV Bharat / state

National Unity Day 2022 : গুৱাহাটীত একতাৰ দৌৰৰ কাৰ্যসূচীত হিমন্ত বিশ্ব আৰু সৰ্বানন্দৰ অংশগ্ৰহণ

author img

By

Published : Oct 31, 2022, 10:55 AM IST

ৰাষ্ট্ৰীয় একতা দিৱস 2022 (National Unity Day 2022) উপলক্ষে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ পৰা বাহিৰ কৰা একতাৰ বাবে দৌৰ শীৰ্ষক (Run of Unity) এটা ৰেলীৰ আয়োজন কৰা হয় ৷ এই ৰেলীত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

National Unity Day 2022
গুৱাহাটীত একতাৰ দৌৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ

গুৱাহাটী, 31 অক্টোবৰ: আজি ৰাষ্ট্ৰীয় একতা দিৱস (National Unity Day 2022) ৷ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ভাৰত চৰকাৰে ২০১৪ চনৰ পৰা আয়োজন কৰি আহিছে এই দিৱস । চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 31 অক্টোবৰত অৰ্থাৎ আজিৰ দিনটোত পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ।

স্বাধীন ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিনৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় আয়োজিত কাৰ্যসূচীত পেটেলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ অসমতো পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ৷

গুৱাহাটীত একতাৰ দৌৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ

দিৱসৰ লগত সংগতি ৰাখি পুৱা গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ পৰা বাহিৰ কৰা একতাৰ বাবে দৌৰ শীৰ্ষক এটা ৰেলী য’ত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰাজ্য চৰকাৰৰ উদ্যোগত নেহেৰু ষ্টেডিয়ামত আয়োজিত একতাৰ দৌৰৰ এই অনুষ্ঠানত অসম আৰক্ষীৰ কেইবাটাও বেটেলিয়ানৰ লগতে মহানগৰীৰ কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ জনতাই অংশ গ্ৰহণ কৰে (Run of Unity on the occasion of National Unity Day) ।

পতাকা উৰুৱাই একতাৰ দৌৰৰ ফ্লেগ অফ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে । কাৰ্যসূচীৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা ভাষণত চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱন, কৰ্মৰাজী আৰু তেওঁ দেশৰ প্ৰতি আগবঢ়াই যোৱা অৱদানৰ বিষয়ে উল্লেখ কৰে ।

লগতে পঢ়ক : Run for unity: টীয়কত ৰাষ্ট্ৰীয় একতা দিৱস পালন

লগতে তেওঁ কয় যে, চৰ্দাৰ বল্লভভাই পেটেল এগৰাকী স্পষ্টবাদী, সততা তথা ব্যক্তিত্বসম্পন্ন এগৰাকী আত্মবিশ্বাসী ব্যক্তি আছিল । তেওঁ আধুনিক ভাৰত নিৰ্মাণৰ সপোন বাস্তবায়িত কৰাৰ বাবে দেখুওৱা আদৰ্শ আজিও অধিক প্ৰাসংগিক হৈ আছে ।

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে আয়োজিত একতাৰ বাবে দৌৰ ৰাজ্যৰ প্ৰতিখন জিলাৰ ১০০ টাকৈ স্থানত আয়োজন কৰা হৈছে । ৰাজ্যত মুঠ ৩৫০০ স্থানত একতাৰ দৌৰৰ এই কাৰ্যসূচী আয়োজিত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

মুখ্যমন্ত্ৰীয়ে তেখেতৰ ভাষণৰ মাজতে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মদিনৰো শুভেচ্ছা জ্ঞাপন কৰিবলৈ সকলোকে আহ্বান জনায় । লগতে একতা দৌৰত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী লোকক ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্য পাঠ কৰোৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, নেহেৰু ষ্টেডিয়ামৰ পৰা উলিওৱা এই একতাৰ দৌৰ দীঘলী পুখুৰী হৈ পুনৰ নেহেৰু ষ্টেডিয়ামত সামৰণি পৰে ।

লগতে পঢ়ক : Run for unity : বৰপেটাত পালন ৰাষ্ট্ৰীয় একতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.