ETV Bharat / state

কংগ্ৰেছৰ নেতাক ৰাজনৈতিক পৰ্যটক আখ্যা জেপি নাড্ডাৰ

author img

By

Published : Jun 29, 2021, 10:15 PM IST

National BJP president JP Nadda adressed assam state bjp executives over video conference
কংগ্ৰেছৰ নেতাক ৰাজনৈতিক পৰ্যটক আখ্যা জে পি নাড্ডাৰ

ৰাজ্যিক বিজেপিৰ কাৰ্য নিৰ্বাহক সভাত দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ পৰা ভিডিঅ' কনফাৰেঞ্চৰ যোগেদি অংশগ্ৰহণ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ । সৰ্বানন্দ সোণোৱালে গঢ়া ভেটিক গতি দিছে হিমন্ত বিশ্ব শৰ্মাই । বিগত ৪২ দিনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰশংসনীয় কাম কৰিছে । এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ ৷

গুৱাহাটী, ২৯ জুন : 'কংগ্ৰেছৰ নেতা ৰাজনৈতিক পৰ্যটক । নিৰ্বাচনৰ পিছত এইবোৰ পৰ্যটকক দেখিবলৈ পোৱা নাযায় । বিজেপি দল অসমৰ লগত আছিল, আছে আৰু থাকিব । কংগ্ৰেছে সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰে ।

বৰ্তমান সময়ত বহু ৰাজনৈতিক দল কোৱাৰেণ্টাইনত নাইবা আইচিইউত আছে । বিজেপি(BJP)য়ে অকল নিৰ্বাচন নেখেলে, সমাজ সেৱাও কৰে । ক'ভিডৰ এই সংকটৰ সময়ত বিজেপি ৰাইজৰ কাষত আছে'- এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ(National BJP president JP Nadda)।

মঙলবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত(state executive meeting ) দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ পৰা ভিডিঅ' কনফাৰেঞ্চ(video conference)ৰ যোগেদি অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে । লগতে তেওঁ বিজেপি চৰকাৰৰ কামৰ খতিয়ান দাঙি ধৰে । ভাষণ প্ৰসংগত ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই অসমৰ বিহুৰ প্ৰসংগ উল্লেখ কৰাৰ লগতে গোপীনাথ বৰদলৈ(Gopinath Bordoloi), ভূপেন হাজৰিকা(Bhupen Hazarika) আদি স্বনামধন্য ব্যক্তিকো স্মৰণ কৰে ।

কংগ্ৰেছৰ নেতাক ৰাজনৈতিক পৰ্যটক আখ্যা জেপি নাড্ডাৰ

তেওঁ কয়-' সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) গঢ়া ভেটিক গতি দিছে হিমন্ত বিশ্ব শৰ্মাই(Himanta Bishwa Sarma)। বিগত ৪২ দিনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰশংসনীয় কাম কৰিছে। চৰকাৰখনে ড্ৰাগছৰ বিৰুদ্ধে আৰম্ভ কৰা ব্যাপক অভিযানৰ শলাগ লয় বিজেপি সভাপতি গৰাকীয়ে ৷

ইয়াৰ লগতে উগ্ৰপন্থী সমস্যা সমাধান তথা অসমৰ ঐতিহ্য সংস্কৃতি ৰক্ষাৰ বাবে লোৱা পদক্ষেপ, অভিভাৱক মন্ত্ৰী হিচাপে জিলা সমূহৰ দায়িত্ব দি ক্ষমতাৰ বিকেন্দ্ৰীকৰণত গুৰুত্ব দিয়া আদিৰ প্ৰশংসা কৰাৰ লগতে, ভেকচিন প্ৰদানৰ ক্ষেত্রত অসম চৰকাৰে অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে বুলিও মন্তব্য কৰে বিজেপি সভাপতি গৰাকীয়ে । দলে চৰকাৰক সকলো ক্ষেত্রতে সহযোগ কৰিব লাগিব ৷ নতুন সভাপতি ভৱেশ কলিতাই এইক্ষেত্রত উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব বুলি ভাষণত উল্লেখ কৰে জগত প্ৰকাশ নাড্ডাই ৷

লগতে পঢ়ক: জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্রীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.