ETV Bharat / state

Child Murder : নৱজাত শিশুক নলাত পেলাই দিলে স্বামীহীন মাতৃয়ে

author img

By

Published : Nov 13, 2021, 6:59 PM IST

মহানগৰীত পুনৰ সংঘটিত হৈছে এক অমানৱীয় সংঘটনা ৷ সমাজৰ গ্লানিৰ ভয়ত এটি নৱজাত শিশুক জীৱন্ত অৱস্থাতে নলাত পেলাই দিলে এগৰাকী মাতৃয়ে ৷

murder of new born baby in guwahati
নৱজাত শিশুক নলাত পেলাই দিলে স্বামীহীন মাতৃয়ে

গুৱাহাটী, ১৩ নৱেম্বৰ: সভ্য সমাজক জোকাৰি যোৱা এক হৃদয় বিদাৰক ঘটনা পুনৰ সংঘটিত হ'ল গুৱাহাটী মহানগৰীত । এগৰাকী মাতৃয়ে সদ্য নৱজাত শিশুক হত্যা কৰি পেলাই দিলে এটা নলাত । স্বাভাৱিকতে এই ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত ২ নং মঠঘৰীয়াত । ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে মমতাহীন মাতৃ গৰাকীক ৷ জানিব পৰা মতে, মহানগৰী ২ নং মঠঘৰীয়াৰ বাসিন্দা তথা স্বামীহীন বেগম উপাধিৰ এগৰাকী মহিলা অন্তঃসত্বা হোৱা বুলি জানিব পাৰিছিল স্থানীয় লোকে ৷

নৱজাত শিশুক নলাত পেলাই দিলে স্বামীহীন মাতৃয়ে

স্থানীয় লোকে সদৰী কৰা মতে, ষঠ পূজাৰ নিশা অৰ্থাৎ ১০ নৱেম্বৰৰ নিশাৰ ভাগত মহিলা গৰাকীয়ে এটি সন্তান প্ৰসৱ কৰে । সন্তানৰ কান্দোনৰ শব্দ শুনি স্থানীয় লোকেও বেগমে সন্তান প্ৰসৱ কৰা বুলি নিশ্চিত হয় ।

লগতে পঢ়ক: মণিপুৰত উগ্ৰপন্থীৰ ambush ত Assam Rifles ৰ বিষয়া সহ পৰিয়ালৰ লোক নিহত

উক্ত ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় দুই ঘণ্টা মূৰত বেগমে নলাত কিবা এটা পেলাই দিয়াৰ শব্দ শুনা পায় স্থানীয় এগৰাকী মহিলাই । শব্দ শুনি মহিলা গৰাকীয়ে প্ৰথমে ট'চ মাৰি নলাত চাই যদিও একো দেখা নাপায় । শনিবাৰে দুপৰীয়াৰ ভাগত উক্ত নলাটোত এটা নৱজাত শিশুৰ মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় একাংশ লোকে ।

পিছত স্থানীয় ৰাইজে নিজাববীয়াকৈ তদন্ত কৰি পুত্ৰ সন্তানটি বেগমৰ বুলি নিশ্চিত হয় । ৰাইজৰ জেৰাত বেগমে মৃত শিশুটি তেওঁৰ পুত্ৰ বুলি স্বীকাৰ কৰে যদিও সন্তানটিৰ পিতৃৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত থাকে । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ বেগমক আটক কৰি থানালৈ লৈ আনে ।

ইপিনে, আৰক্ষীয়ে নৱজাত শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে । সমাজৰ গ্লানিৰ পৰা হাত সাৰিবলৈ বেগমে নৱজাত পুত্ৰ সন্তানটিক জীৱন্ত অৱস্থাত নলাত পেলাই হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: New Covid SOP : গৰ্ভৱতী আৰু তিনিবছৰৰ তলৰ সন্তান থকা মহিলা কৰ্মচাৰীসকল যাব লাগিব কাৰ্যালয়লৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.