ETV Bharat / state

গুৱাহাটীত কংগ্ৰেছৰ পূজা-অৰ্চনা: বিজেপিৰ প্ৰতিক্ৰিয়া প্ৰকাশ

author img

By

Published : Jun 17, 2022, 6:55 PM IST

Assam Congress prays for flood free Guwahati
গুৱাহাটীত কংগ্ৰেছৰ পূজা-অৰ্চনা: বিজেপিৰ প্ৰতিক্ৰিয়া প্ৰকাশ

শুকুৰবাৰে মহানগৰীত অসম প্ৰদেশ কংগ্ৰেছে বানপানীৰ পৰা পৰিত্ৰাণৰ বাবে পূজা-অৰ্চনা কাৰ্যসূচী গ্ৰহণ কৰে ৷ কংগ্ৰেছৰ এই কাৰ্যসূচীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ তথা সাংসদ পবিত্ৰ মাৰ্ঘৰিটাই ৷ মাৰ্ঘেৰিটাই কয় যে, কংগ্ৰেছে এয়া চৰকাৰক তুচ্ছ-তাচ্ছিল্য কৰাৰ বাবে কৰিছে ৷ দুৰ্যোগৰ সময়ত কৰা কাৰ্যৰ বিৰোধিতা কৰে সাংসদগৰাকীয়ে ৷

গুৱাহাটী, 17 জুন: ৰাজ্য তথা গুৱাহাটীৰ বান পৰিস্থিতিৰ জটিল সময়ত কোনো দলক বা চৰকাৰক তুচ্ছ তাচ্ছিল কৰাৰ সময় নহয় ৷ এই মন্তব্য ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ জ্যেষ্ঠ মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ (MP Pabitra Margherita)। মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধৰ ক্ষেত্ৰত অসহায় প্ৰকাশ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত ৰুক্মিণী নগৰ ৰংগমঞ্চত শুকুৰবাৰে পূজা-অৰ্চনা কৰা সম্পৰ্কত সাংসদগৰাকীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Assam Congress prays for flood free Guwahati) ৷

পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে কংগ্ৰেছে এয়া বিজেপি দলক আৰু চৰকাৰক তুচ্ছ তাচ্ছিল্য কৰাৰ বাবে কৰিছে । শুকুৰবাৰে গুৱাহাটীৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত তেওঁ কয় যে দেশৰ বা ৰাজ্যৰ জনসাধাৰণৰ জটিল পৰিস্থিতিত সেয়া ক’ভিডকালীন পৰিস্থিতিয়েই হওক বা প্ৰাকৃতিক দুৰ্যোগেই হওক ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পৰা আৰম্ভ কৰি বুথ পৰ্যায়ৰ কাৰ্যকৰ্তালৈকে বিজেপি দলে ‘সেৱা আৰু সমৰ্পণ’ মনোভাৱেৰে ৰাইজৰ কাষত থিয় দি আহিছে ।

গুৱাহাটীত কংগ্ৰেছৰ পূজা-অৰ্চনা: বিজেপিৰ প্ৰতিক্ৰিয়া প্ৰকাশ

মাৰ্ঘেৰিটাই কয়-"দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই যাতে এই বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দি সেৱা আগবঢ়ায় । বিগত দিনসমূহত আমাৰ দলৰ কাৰ্যকৰ্তাৰ যি সেৱা আৰু সমৰ্পণৰ মনোভাৱ সেয়া ৰাইজে প্ৰত্যক্ষ কৰি আহিছে ।"

দলৰ কাৰ্যকৰ্তাসকলৰ লগতে শুভাকাংক্ষী, যুৱক-যুৱতী তথা ৰাজ্যৰ প্ৰত্যেকজন নাগৰিকৰ লগতে দল-সংগঠন নিৰ্বিশেষে সকলোকে এই বিপদৰ সময়ত বৰ্নাত্যসকলক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ তেওঁ আহ্বান জনায় । তেওঁ কয় যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ(Assam BJP president) নিৰ্দেশ অনুসৰি ভাৰতীয় জনতা পাৰ্টিৰ ৪০ খন সাংগঠনিক জিলাত দলীয় কাৰ্যসূচী চলি আছে আৰু অহা ২০ জুনত ৪০ খন জিলাত অনুষ্ঠিত হ’বলগীয়া ‘জিলা কার্যনিৰ্বাহক সভা’ অহা ২৫ তাৰিখলৈকে পিছুওৱা হৈছে ৷

প্ৰয়োজন সাপেক্ষে এই সভাৰ সময়সীমা বৃদ্ধি কৰা হ'ব বুলিও বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ২৫ খন জিলাৰ ১৭০২ খন গাঁও বিধ্বস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.