ETV Bharat / state

২৫ খন জিলাৰ ১৭০২ খন গাঁও বিধ্বস্ত

author img

By

Published : Jun 17, 2022, 2:07 PM IST

অবিৰতভাৱে হৈ থকা বৰষুণৰ ফলত ৰাজধানী চহৰ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈছে । ইপিনে ৰাজ্যৰ বিভিন্ন স্থানত মথাউৰি ছিগাৰ ফলত ন ন অঞ্চল প্লাৱিত হৈছে । ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য মতে নিমাতীঘাট আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেদি বৈ আছে । কপিলী, মানাহ, পগলাদিয়া, পুঠিমাৰী আৰু কোকৰাঝাৰৰ গৌৰাং নদী বিপদসীমাৰ ওপৰেদি বৈ আছে ।

২৫ খন জিলাৰ ১৭০২ খন  গাঁও বিধ্বস্ত
২৫ খন জিলাৰ ১৭০২ খন গাঁও বিধ্বস্ত

গুৱাহাটী, 17 জুন: ৰাজ্যত বছৰটোৰ দ্বিতীয় বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । নেৰানেপেৰা বৰষুণৰ ফলত নৈ-উপনৈসমূহৰ পানী ফেনে-ফুটুকাৰে বাঢ়ি কেইবাখনো জিলাৰ বিস্তীর্ণ অঞ্চল প্লাৱিত কৰিছে । বাঢ়নী পানীয়ে কেইবাটাও মথাউৰি আৰু পথ খহাই নিয়াৰ লগতে দলং আৰু কালভার্ট উটুৱাই লৈ গৈছে । হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহৰ লগতে বিদ্যালয়, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠান, স্বাস্থ্যকেন্দ্ৰ, মন্দিৰ, নামঘৰ আদি বানত বুৰ গৈছে ।

বিভিন্ন স্থানত যাতায়াত ব্যৱস্থা সম্পূর্ণৰূপে ব্যাহত হৈ পৰিছে । বানৰ কৱলত পৰা বিস্তৰ কৃষিভূমিৰ শস্যৰ ক্ষতিসাধন হৈছে। এফালে বাঢ়নী পানী, আনফালে কৃত্রিম বান আৰু ভূমিস্খলনে জীৱন আৰু সম্পত্তিৰ বিনাশ মাতি আনিছে । অবিৰতভাৱে হৈ থকা বৰষুণৰ ফলত ৰাজধানী চহৰ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈছে ।

ইপিনে ৰাজ্যৰ বিভিন্ন স্থানত মথাউৰি ছিগাৰ ফলত ন ন অঞ্চল প্লাৱিত হৈছে । ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য মতে নিমাতীঘাট আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেদি বৈ আছে । কপিলী, মানাহ, পগলাদিয়া, পুঠিমাৰী আৰু কোকৰাঝাৰৰ গৌৰাং নদী বিপদসীমাৰ ওপৰেদি বৈ আছে । অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ তথ্য মতে বিধ্বংসী বানত ৰাজ্যৰ ২৫ খন জিলা আৰু ৭৭ খন ৰাজহ চক্ৰ ক্ষতিগ্রস্ত হৈছে (25 Districts affected in flood)। তথ্য মতে, বানত বৰপেটা জিলা যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ।

বানত বৰপেটা জিলাৰ ১৮৩ খন ক্ষতিগ্ৰস্ত হৈছে যদিও চৰকাৰে জিলাখনত মাত্ৰ ২ টা আশ্ৰয় শিৱিৰৰ ব্যৱস্থা কৰিছে । অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ তথ্য মতে বৰ্তমানলৈকে ১৭০২ খন গাঁও বিধ্বস্ত হৈছে । বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ক্ৰমাৎ বাঢ়ি আছে (Number of affected persons in flood increases) । ভয়াবহ বানত মহিলাকে ধৰি শিশুসকল যথেষ্ট কষ্টৰ সন্মুখীন হৈছে ।

বিশুদ্ধ খোৱাপানী আৰু খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । তথ্য মতে এতিয়ালৈকে ৫৩,০০৮৫ জন লােক বানত ক্ষতিগ্রস্ত হৈছে । ৰাজ্যত বানত এতিয়ালৈকে ৬৮৩১১ হেক্টৰ কৃষিভূমি ধ্বংস হৈছে। এই সংখ্যা আৰু বৃদ্ধিৰ সম্ভাৱনা আছে। বানত এতিয়ালৈকে ৪৯,৪৭৪ পশুধন ক্ষতিগ্ৰস্ত হৈছে । ইপিনে অহা ৪৮ ঘণ্টাতো ৰাজ্যত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্রই আগজাননী দিয়াৰ পৰিপ্ৰেক্ষিতত কামৰূপ, কামৰূপ মহানগৰ, নলবাৰী, বৰপেটা, দক্ষিণ শালমাৰা মানকাচৰ তামুলপুৰকে ধৰি কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান কাইলৈ বন্ধ ৰখাৰ নির্দেশ দিছে সংশ্লিষ্ট জিলা প্রশাসনে ।

লগতে পঢ়ক: জলমগ্ন গুৱাহাটী:পৰিস্থিতিৰ বুজ ল'লে লুৰীণজ্যোতি গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.