ETV Bharat / state

MP Pabitra Margherita : অসম মিঞাৰ ওপৰত নিৰ্ভৰশীল নাছিল আৰু কেতিয়াও নহয়; পবিত্ৰ মাৰ্ঘেৰিটা

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 7:15 PM IST

অসম আন্দোলনৰ ৮৫৫ গৰাকীকৈ প্ৰতিবাদকাৰীক কংগ্ৰেছে গুলীয়াইছিল ৷ সেয়েহে তেওঁলোকক শাসনৰ ভাৰ দিব নোৱাৰি ৷ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰসংগত মন্তব্য প্ৰকাশ কৰিবলৈ গৈ এনেদৰে ক’লে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷

MP Pabitra Margherita
সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদ মেল

সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদ মেল

গুৱাহাটী, ৩ নৱেম্বৰ : মিঞা নহ’লে গুৱাহাটীখন কৱৰস্থানত পৰিণত হ’ব ৷ বৃহস্পতিবাৰে এই মন্তব্য প্ৰদান কৰিছিল AIDUF প্ৰধান বদৰুদ্দিন আজমলে । বদৰুদ্দিন আজমলে উক্ত মন্তব্য প্ৰদান কৰাৰ পাচতে শুকুৰবাৰে উভতি ধৰা দেখা যায় ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ।

গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সাংসদ মাৰ্ঘেৰিটাই কয় যে আজমলৰ মন্তব্য অসম আৰু অসমীয়াৰ বাবে দুখৰ কথা । যি সময়ত পাতিব লাগিছিল এক লাখ চাকৰিৰ কথা, খেলত অসমৰ সুন্দৰ প্ৰদৰ্শনৰ কথা, তেনে সময়ত‌ পাতিবলগীয়া হৈছে কংগ্ৰেছ-AIUDF ৰ আহফলা বিষয়ৰ কথা ৷

বদৰুদ্দিন আজমলক উদ্দেশ্যি পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে তেওঁলোকে কৌশলগতভাৱে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰি আহিছে ৷ আজমলৰ মন্তব্যৰ বিৰোধিতা কৰি সাংসদগৰাকীয়ে কয় যে সকলো সময়তে অসমীয়া শক্তিশালী জাতি ৷ কিন্তু লুৰীণজ্যোতি গগৈ, অখিল গগৈ, ভূপেন বৰা আদি অসমীয়াৰ ঐতিহাসিক ভুলৰ বাবে কেতিয়াবা আংশিকভাৱে মিঞাৰ নিৰ্ভৰশীল হ’বলগীয়া হয় বুলি মন্তব্য কৰে সাংসদ মাৰ্ঘেৰিটাই ৷

সাংসদগৰাকীয়ে কয় যে ৰাজধৰ্ম পালন কৰি হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চলাই আছে, য’ত নাই গোষ্ঠীগত সংঘৰ্ষ । এক কোটি গছপুলি, লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধা আদি বিষয়ৰ ওপৰত প্ৰভাৱ পেলাবলৈকে কংগ্ৰেছ-এ আই ইউ ডি এফে বিভিন্ন কথা কৈ থকা বুলি পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰে ।

আনহাতে অসম আন্দোলনৰ ৮৫৫ গৰাকীকৈ লোকক কংগ্ৰেছে গুলীয়াইছিল বুলি মন্তব্য কৰি সেই কংগ্ৰেছক আকৌ দেশ চলাবলৈ বাট মুকলি কৰি দিব নিবিচাৰোঁ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদ মাৰ্ঘেৰিটাই ।

আনহাতে সাংসদগৰাকীয়ে কয়, ‘‘যিসকলক মিঞা বুলি কোৱা হয় তেওঁলোকক ৰাজনৈতিক শাসনভাৰ দিব নিবিচাৰোঁ । অখিল গগৈ, লুৰীণজ্যোতি গগৈৰ দৰে নেতাই ভাবিব পাৰে, আমি ভাবিব নোৱাৰোঁ । আজমলে যি কথা কৈছে কংগ্ৰেছৰ লগত মিলি কৈছে । অসমত যিসকল খিলঞ্জীয়া মুছলমান, গৰীয়া-মৰীয়া আছে তেওঁলোক বিজেপিলৈ আহিছে । গুৱাহাটী কেতিয়াও মুছলমানৰ ওপৰত নিৰ্ভৰশীল নহয় । অসম মিঞাৰ ওপৰত নিৰ্ভৰশীল নাছিল আৰু কেতিয়াও নিৰ্ভৰশীল নহয় ।’’

লগতে সাংসদগৰাকীয়ে কংগ্ৰেছৰ পাৰ্টনাৰ হিচাবে আজমলক আখ্যা দি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায় ভূপেন বৰাৰ প্ৰতি ।

লগতে পঢ়ক : AIUDF MP Badruddin Ajmal: ভাৰত শাসনৰ বাবে মুছলমানৰ হাত-ভৰি ধুই পানী খাব লাগিব: আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.