ETV Bharat / state

77th Independence Day: অহংকাৰী বিজেপিলৈ গ’ল আৰু দেশ সেৱা কৰাসকল কংগ্ৰেছত থাকি গ'ল; সাংসদ গৌৰৱ গগৈ

author img

By

Published : Aug 15, 2023, 3:17 PM IST

ভাৰতৰ একতাৰ ওপৰত আক্ৰমণ আৰু সংকট হৈছে ৷ এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ ৷ মঙলবাৰে দেশৰ 77 সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত থাকে গৌৰৱ গগৈ ৷

77th Independence Day
77th Independence Day

স্বাধীনতা দিৱস উলহ-মালহেৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত উদযাপন

গুৱাহাটী, ১৫ আগষ্ট: দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত উদযাপন কৰা হয় । ৰাজীৱ ভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে যি আদৰ্শ লৈ দেশক স্বাধীন কৰা হৈছিল সেই আদৰ্শ জীয়াই ৰাখিব লাগিব । সেই আদৰ্শ সংবিধানত উল্লেখ কৰা হৈছে । তাক আমি ৰাইজৰ ওচৰলৈ লৈ যাব লাগিব ।

কিছু শক্তিয়ে ৰাইজৰ মাজত বিভাজন অনাৰ প্ৰয়াসত ব্ৰতী হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে তাক আমি প্ৰতিৰোধ কৰিব লাগিব । তেওঁ লগতে কয় যে আজি কিছু ৰাজনৈতিক শক্তিৰ বাবে মণিপুৰত বিভাজন হৈছে, হাৰিয়ানাত হিংসা হৈছে । ভাৰতৰ একতাৰ ওপৰত এনেদৰে ডাঙৰ আক্ৰমণ তথা সংকট হৈছে ।

এই সময়ত শান্তি-সম্প্ৰীতি ঘূৰাই অনাৰ বাবে আমাৰ সকলোৰে দায়িত্ব আছে বুলি তেওঁ কয় । আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰসংগত তেওঁ কয় যে বিজেপিয়ে তেওঁৰ কথা চিন্তা কৰাৰ বিপৰীতে আমগুৰি সমষ্টিৰ কথা চিন্তা কৰিব লাগিছিল । বিহালী সমষ্টিৰ বিধায়কৰ কথা চিন্তা কৰিব লাগিছিল । বিজেপিৰ এইটোৱেই সমস্যা যে কংগ্ৰেছক ৰাজনৈতিক ভাৱে পৰাজিত কৰাৰ চিন্তা কৰি নিজৰ দলৰে বহু বিধায়কৰ ভৱিষ্যত বিপদত পেলাই দিলে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰোতে আমাক সোধিছিল নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে আমি আমাৰ প্ৰাৰ্থী নিজে ঠিক কৰিম । তেওঁলোকে নিজৰ কথা চিন্তা কৰক বুলি উল্লেখ কৰি তেওঁ কয় যে বহু লোকসভা সমষ্টিত বিজেপিৰ ব্যাপক অসন্তুষ্টি আছে ।

তেওঁ লগতে কয় সকলো অহংকাৰী লোকবোৰ বিজেপিত গুচি গ'ল আৰু দেশক সেৱা কৰা লোকবোৰ কংগ্ৰেছত থাকি গ'ল ।

লগতে পঢ়ক: Modi's guarantee: অহা ৫ বছৰত ভাৰত হ'ব বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক ৰাষ্ট্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.