ETV Bharat / state

Assam Gas company: পাইপ লাইনেৰে ঘৰে ঘৰে যোগান ধৰা হ’ব ৰন্ধন গেছ ; মুখ্যমন্ত্ৰী

author img

By

Published : Apr 29, 2023, 10:49 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জনতা ভৱনত অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি (MoU signs between Assam Gas Company and OIL) । লখিমপুৰ, দৰং, ধেমাজি, ওদালগুৰি, শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিত চিটি গেছ ডিচট্ৰিবিউচন বনোৱা হ’ব । কোম্পানীটোৱে অসমৰ উপৰি প্ৰায় আধা অংশ সামৰি ল’ব ত্ৰিপুৰাৰ ।

MoU signs between Assam Gas Company and OIL
অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি

অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি

গুৱাহাটী, ২৯ এপ্ৰিল : অসমৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত বিকাশ সাধনৰ লক্ষ্যৰে যৌথভাৱে কাম কৰাৰ উদ্দেশে শনিবাৰে অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি সাক্ষৰ হয় (MoU signs between Assam Gas Company and OIL) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জনতা ভৱনত এই বুজাবুজিৰ চুক্তিত সাক্ষৰ কৰে প্ৰতিষ্ঠান দুটাই বিষয়ববীয়াই । এই চুক্তিৰ যোগেদি অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডে জইণ্ট ভেঞ্চাৰ কোম্পানী গঠন কৰি কাম কৰিব ।

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আজিৰ দিনটো আমাৰ বাবে গৌৰৱৰ দিন । অসমৰ উদ্যোগীকৰণৰ দিশত আৰু এখোজ আগুৱাই গ’ল । অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডে এটা নতুন জইণ্ট ভেঞ্চাৰ কোম্পানী কৰাৰ বাবে আজি চুক্তি সাক্ষৰিত কৰে । এই কোম্পানীটোৱে প্ৰথম অৱস্থাত ৫০০ কোটি টকা শ্বেয়াৰ কেপিটেলেৰে আগবাঢ়িব । এইক্ষেত্ৰত অসম গেছ কোম্পানী লিমিটেডৰ ৫১ শতাংশ আৰু অইলৰ ৪৯ শতাংশ অংশীদ্বাৰিত্ব থাকিব ।

এই কোম্পানীটোৰ প্ৰধান লক্ষ্য হ’ব চিটি গেছ ডিচট্ৰিবিউচন (City Gas Distribution) । অৰ্থাৎ মানুহৰ ঘৰত এল পি জিৰ পৰিৱৰ্তে পাইপ লাইনেৰে গেছৰ যোগান ধৰিব । লখিমপুৰ, দৰং, ধেমাজি, ওদালগুৰি, শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিত চিটি গেছ ডিচট্ৰিবিউচন বনোৱা হ’ব । এই কোম্পানীটোৱে অসমৰ উপৰি ত্ৰিপুৰাৰ প্ৰায় আধা অংশ সামৰি ল’ব ।

তেওঁ লগতে কয় যে সৰুপথাৰৰ পৰা নুমলীগড়লৈ গেছ অনাৰ বাবে ২০০ কোটি টকাৰ গেছ পাইপ লাইন কৰা হৈছে । অসম গেছ কোম্পানী লিমিটেড অসম চৰকাৰৰ এটা লাভজনক প্ৰতিষ্ঠান বুলি সদৰী কৰি তেওঁ কয় যে, ইয়াৰ যোগেদি চিটি গেছ বিতৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

তেওঁ লগতে কয় যে, যোৱা বছৰ অইল ইণ্ডিয়াই অসমৰ পৰা ৩.১৮ মিলিয়ন মেট্ৰিক টন খাৰুৱা তেল সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । বিগত বৰ্ষটো অসমৰ বাবে অইল আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত ইতিবাচক বৰ্ষ আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, এইক্ষেত্ৰত অসমে অভিলেখ পৰিমাণৰ ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছিল । অসমত বিনিয়োগৰ বাবে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, অইলে সৌৰ প্ৰকল্পৰ বাবে অসম চৰকাৰক সহযোগ কৰিছে ।

তেওঁ লগতে কয় যে, ৯ মে’ত অসমত ৯ হাজাৰ কোটি টকাৰ ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰস্তাৱ সাক্ষৰিত কৰা হ’ব । এই অনুষ্ঠানত মন্ত্ৰী বিমল বড়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অসম গেছ কোম্পানী লিমিটেডৰ অধ্যক্ষ বলিন চেতিয়া, অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালৰ ৰঞ্জন ৰথ, অসম গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক গকুল স্বৰ্গীয়াৰীকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক : Assam State Zoo : কেনে অৱস্থাত আছে অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌপাশৰ দেৱাল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.