ETV Bharat / state

Digital India: উত্তৰ-পূৰ্বাঞ্চলৰ সাত সহস্ৰাধিক গাঁৱত নাই মোবাইল সেৱা সংযোগ

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 3:09 PM IST

More than seven thousand villages do not have mobile connectivity
উত্তৰ-পূৰ্বাঞ্চলৰ সাত সহস্ৰাধিক গাঁৱত নাই মোবাইল সেৱা সংযোগ

অসমৰ ১,৯২১খন গাঁৱৰ ৰাইজ মোবাইল সেৱা সংযোগৰ পৰা বঞ্চিত । অতি লেহেম গতিত চলিছে অপটিকেল ফাইভাৰ কেবল সংযোগ আঁচনিৰ কাম । অৰুণাচল প্ৰদেশৰ ২৬২৯ খন, মণিপুৰৰ ৪৯২ খন, মেঘালয়ৰ ১৩৭০ খন, মিজোৰামৰ ১২৩ খন, নগালেণ্ডৰ ৩৫৬ খন, ছিকিমৰ ৩০৪ খন আৰু ত্ৰিপুৰাৰ ১৪৩ খন গাঁৱত উপলব্ধ নহয় মোবাইল সেৱা। উত্তৰ-পূৰ্বাঞ্চলৰ ১২,০৭৯ খন গাঁও পঞ্চায়তৰ ভিতৰত মাত্র ৬,১৪৮ খনতহে অপটিকেল ফাইভাৰ কেবলেৰে সংযোগ স্থাপন।

গুৱাহাটী, ২৩ আগষ্ট: ভাৰতবৰ্ষক ডিজিটেলী চোৱাৰ সপোন প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ। এই সপোনক সাৰ্থকতা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে 'ডিজিটেল ইণ্ডিয়া'ৰ পৰিকল্পনা লৈ কাম কৰি আহিছে। আনহাতে প্ৰধানমন্ত্রীয়েও সততে ‘ডিজিটেল ইণ্ডিয়া’ৰ কথা কৈ আহিছে। কিন্তু অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ডিজিটেলৰ কনচেপ্ট এতিয়াও সুদূৰ পৰাহত আছে।

লক্ষ্যণীয় বিষয় যে, ডিজিটেল ইণ্ডিয়াত আজিৰ তাৰিখতো উত্তৰ-পূৰ্বাঞ্চলৰ ৭,৩৩৫ খন গাঁৱৰ ৰাইজ আজিও মোবাইল সেৱা সংযোগৰ পৰা বঞ্চিত হৈ আছে। ইয়াৰ ভিতৰত ১, ৯২১ খন গাঁও হৈছে অসমৰ। কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ কৰি অহা উপেক্ষা তথা বঞ্চনাৰ এইয়া আন এক উদাহৰণ। কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ টেলিসংযোগ বিভাগৰ তথ্য মতে অসমত থকা মুঠ গাঁৱৰ সংখ্যা হৈছে ২৬,৪২৯খন।

ইয়াৰে ভিতৰত এতিয়ালৈকে ১, ৯২১ খন গাঁও মোবাইল সেৱা সংযোগৰ পৰা বঞ্চিত হৈ আছে । ইয়াৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ ২,৬২৯ খন গাঁও, মণিপুৰৰ ৪৯২ খন গাঁও, মেঘালয়ৰ ১৩৭০ খন গাঁও, মিজোৰামৰ ১২৩ খন গাঁও, নগালেণ্ডৰ ৩৫৬ খন গাঁও, ছিকিমৰ ৩০৪ খন গাঁও আৰু ত্ৰিপুৰাৰ ১৪৩ খন গাঁৱত মোবাইল সেৱা উপলব্ধ নহয়।

ইফালে, দেশৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে ৫-জি সেৱা আৰম্ভ হৈছে। ইফালে যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে প্ৰত্যেক বছৰে কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা ব্যয় কৰি আহিছে। কিন্তু ইয়াৰ পিচতো অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ গাঁৱৰ ৰাইজে মোবাইল সেৱাৰ সুবিধা লাভ নকৰাটো চৰম পৰিতাপৰ বিষয়।

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ টেলীযোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিছুবছৰ পূৰ্বে অঞ্চলটোত ইউনিভাৰচেল ছার্ভিচ অবলিগেশ্যন ফাণ্ড নামৰ এক আঁচনি হাতত লৈছিল। সেই অনুসৰি অঞ্চলটোত ৫,০০৫ টা মোবাইল টাৱাৰ স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু ইয়াৰ বিপৰীতে এতিয়ালৈকে মাত্র ২১২৭ টা মোবাইল টাৱাৰ স্থাপন কৰা হৈছে।

আনহাতে ভাৰত নেট প্রজেক্টৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ গাঁও পঞ্চায়তসমূহ অপটিকেল ফাইভাৰ কেৱলেৰে সংযোগ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। কিন্তু সেই কাম এতিয়া মন্থৰ গতিত চলি আছে।

তথ্য অনুসৰি, ৩০ জুনলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ ১২,০৭৯খন গাঁও পঞ্চায়তৰ ভিতৰত মাত্র ৬১৪৮ খন গাঁও পঞ্চায়তহে অপটিকেল ফাইভাৰ কেবলেৰে সংযোগ স্থাপন হৈছে। এনে এক পৰিস্থিতিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে ডিজিটেল ইণ্ডিয়াৰ কনচেপ্টৰ সৈতে কিদৰে সমানে ফেৰ মাৰি আগুৱাই যাব। যাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গাঁওসমূহ এতিয়াও এই ক্ষেত্রত বহু পিছ পৰি আছে।

আনহাতে কেন্দ্ৰীয় চৰকাৰৰ সুৰত সুৰ মিলাই অসম চৰকাৰেও ডিজিটেল ইণ্ডিয়াৰ শ্লোগান দি সকলো কাম-কাজ অনলাইনযোগে সম্পাদন কৰাৰ বাবে ৰাইজক আহ্বান জনাই আহিছে।

ইফালে আন্তঃগাঠনি নিৰ্মাণ নকৰাকৈ বহু চৰকাৰী কাম-কাজ এতিয়া অনলাইনযোগে সম্পাদন কৰা হয়। তেনেস্থলত সুযোগ-সুবিধা নথকা গাঁৱৰ লোকসকলে কিদৰে এই প্ৰক্ৰিয়াটোৰে জড়িত হ'ব সেয়া বৰ্তমান সময়ৰ বাবে ডাঙৰ প্ৰশ্ন ?

লগতে পঢ়ক: G20 summit in Delhi: নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G20 সন্মিলনত অংশগ্ৰহণ কৰিব জো বাইডেনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.