ETV Bharat / bharat

G20 summit in Delhi: নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G20 সন্মিলনত অংশগ্ৰহণ কৰিব জো বাইডেনে

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 7:52 AM IST

G20ৰ পৰৱৰ্তী সন্মিলন অনুষ্ঠিত হ’ব নতুন দিল্লীত ৷ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G20 সন্মিলনত অংশগ্ৰহণ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে ৷ বৈঠকত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ছৌদি আৰৱৰ শীৰ্ষ প্ৰিন্স মহম্মদ বিন ছালমানক আমন্ত্ৰণ জনোৱা হৈছে বুলি হোৱাইট হাউছে জনায় ৷

Joe Biden to attend G20 summit in India next month
নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G 20 সন্মিলনত অংশগ্ৰহণ কৰিব জো বাইডেনে

নেশ্যনেল ডেস্ক, 23 আগষ্ট: হোৱাইট হাউছে মঙলবাৰে ঘোষণা কৰে যে, অহা মাহত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ অৱ 20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে ৷ হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে কয় যে, বৈঠক আৰু সন্মিলনত নেতাসকলৰ সৈতে বাইডেনৰ আলোচনাৰ মূল বিষয় হ’ব জলবায়ু পৰিৱৰ্তন, ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ লগতে বহুতো ।

Joe Biden to attend G20 summit in India next month
নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G 20 সন্মিলনত অংশগ্ৰহণ কৰিব জো বাইডেনে

ৰাষ্ট্ৰপতিগৰাকীয়ে কোনজন নেতাৰ সৈতে ব্যক্তিগত বৈঠকত মিলিত হ’ব সেয়া হোৱাইট হাউছে বৰ্তমানেও জনোৱা নাই যদিও বৈঠকত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা আগশাৰীৰ বিশ্ব অৰ্থনীতিৰ বিষয়াসকলৰ ভিতৰত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ছৌদি আৰৱৰ শীৰ্ষ প্ৰিন্স মহম্মদ বিন ছালমান অন্যতম বুলি জানিব পৰা গৈছে । স্বচ্ছ শক্তি পৰিৱৰ্তন আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰা আৰম্ভ কৰি ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ ফলত অৰ্থনৈতিক আৰু সামাজিক প্ৰভাৱ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

বিশ্ব বেংককে ধৰি বহুপক্ষীয় উন্নয়ন বেংকৰ দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ সামৰ্থ্য বৃদ্ধি কৰালৈকে বিশ্বব্যাপী সমস্যাসমূহ মোকাবিলা কৰাৰ বাবে একাধিক যৌথ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰা হ’ব আৰু বিভিন্ন দেশক জুৰুলা কৰা উল্লেখযোগ্য আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানবোৰ সন্দৰ্ভতো এই সন্মিলনত আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে । ৰাষ্ট্ৰপতি বাইডেনে প্ৰধানমন্ত্ৰী মোডীৰ G20 নেতৃত্বক প্ৰশংসা কৰাৰ লগতে 2026 চনত আয়োজন কৰাকে ধৰি G20 ক অৰ্থনৈতিক সহযোগিতাৰ শীৰ্ষ মঞ্চ হিচাপে আমেৰিকাৰ প্ৰতি দায়ৱদ্ধতাক পুনৰবাৰ উল্লেখ কৰিব বুলি হোৱাইট হাউছে প্ৰকাশ কৰা এক বিবৃতিত প্ৰকাশ পাইছে ।

ছেপ্তেম্বৰ মাহৰ 7-10 তাৰিখলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব এই G20 সন্মিলন ৷

লগতে পঢ়ক: CAPF units to Manipur: মণিপুৰত মোতায়েন কৰা হ’ব 20-22 টাকৈ CAPF ৰ গোট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.