ETV Bharat / state

Guwahati Bikaner Express Derail : অসম আৰক্ষীৰ তৎপৰতাত বিশেষ ৰে’লেৰে অসমলৈ ২৯০ যাত্ৰী

author img

By

Published : Jan 14, 2022, 2:09 PM IST

গুৱাহাটী ৰে'লৱে ষ্টেচনত সাজু কৰি ৰখা অসম ৰাজ্যিক পৰিবহণ নিগমৰ কেইবাখনো বাছেৰে যাত্রীসকলক গন্তব্য স্থানলৈ নিয়াৰ ব্যৱস্থা । বিশেষ ৰে’লেৰে গুৱাহাটীলৈ অহা ২৯০ জন যাত্ৰীৰ মাজত আহত বহু কেইজন যাত্ৰী(More than 290 passengers have been brought to Guwahati) । আহত লোকসকলক সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি ৷

290 passengers to Assam by special train at the promptness of Assam police
অসম আৰক্ষীৰ তৎপৰতাত বিশেষ ৰে’লেৰে অসমলৈ ২৯০ যাত্ৰী

গুৱাহাটী, 14 জানুৱাৰী : মাঘ বিহুৰ উৰুকাৰ দিনাই পশ্চিমবংগৰ নিউ জলপাইগুৰিত দুৰ্ঘটনাগ্ৰস্ত হয় গুৱাহাটী অভিমুখী ৰে'ল(Guwahati Bikaner Express Derail update)। ১২টাকৈ ডবা লাইনচ্যুত হৈছিল গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ । সেই ডবাকেইটাত আছিল মুঠ ৫৭৭ গৰাকী যাত্ৰী । তথ্য অনুসৰি ৰে'লখনত আছিল অসমৰ প্ৰায় ২৯০ গৰাকী যাত্ৰী (More than 290 passengers have been brought to Guwahati) । সম্প্ৰতি এই যাত্ৰীসকলক বিশেষ ৰে'ল যোগে গুৱাহাটী ৰেলৱে ষ্টেচনলৈ অনাৰ ব্যৱস্থা কৰাৰ লগতে পৰিবহণ বিভাগৰ তদাৰকত যাত্ৰীসকলক ষ্টেচনৰ পৰা বিশেষ বাছযোগে ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ।

বৰ্তমান গুৱাহাটী ৰে'লৱে ষ্টেচনত সাজু কৰি ৰখা অসম ৰাজ্যিক পৰিবহণ নিগমৰ কেইবাখনো বাছেৰে যাত্রীসকলক গন্তব্য স্থানলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে (Assam state transport corporation) । ইতিমধ্যে বঙাইগাঁৱত ২৩ জনকৈ যাত্ৰী নামিছে বুলি জানিব পৰা গৈছে। এই‍ যাত্ৰীসকলৰ ভিতৰত চাৰিগৰাকী মহিলা, ১৭ জন পুৰুষ আৰু দুটি শিশু থকা বুলি জানিব পৰা গৈছে । ইফালে গুৱাহাটীত আহি উপস্থিত হোৱা সকলো যাত্ৰীয়েই যাতে সুৰক্ষিত ভাৱে নিজ গৃহত উপস্থিত হ’ব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। বিশেষ ৰে’লৰ জৰিয়তে অসমত আহি উপস্থিত হোৱা লোকসকলৰ সম্পূৰ্ণ দিশ তদাৰক কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে।

290-passengers-to-assam-by-special-train-at-the-promptness-of-assam-police
অসম আৰক্ষীৰ তৎপৰতাত বিশেষ ৰে’লেৰে অসমলৈ ২৯০ যাত্ৰী

আনহাতে নিশাই দুৰ্ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ দল (Assam police team is reaching accident site ) । দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত বিশেষ ৰে’লেৰে গুৱাহাটীলৈ অহা ২৯০ জন যাত্ৰীৰ মাজত বহু কেইজন আহতও হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । সম্প্ৰতি অসম আৰক্ষীয়ে গুৱাহাটীত এই আহত লোকসকলকৰ কাৰণে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিছে ।
উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত দুৰ্ঘটনাত পতিত হোৱা ৰেলখনত আছিল মুঠ ১০৫৩ গৰাকী যাত্ৰী ।

পশ্চিমবংগৰ প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি দুৰ্ঘটনাৰ ফলত মুঠ ৮ গৰাকী লোকৰ এই পৰ্য্যন্ত মৃত্যু হৈছে । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৪২ জন লোক । আহত আটাইকেইজনকে সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইয়াৰে ২৮ জন আহত বৰ্তমানেও জলপাইগুৰি ছুপাৰ স্পেচিয়েলিটি হাস্পাতালত ভৰ্তি হৈ আছে । বৰ্তমান নিউ জলপাইগুৰিত লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হোৱা বিকানেৰ এক্সপ্ৰেছৰ নিহত আৰু আহত যাত্ৰীলৈ আৰ্থিক সাহায্য আগবঢ়াইছে ৰে’লৱে কৰ্তৃপক্ষই । এই দুৰ্ঘটনাত নিহতসকলৰ বাবে ৫ লাখকৈ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে আহতসকললৈ ১ লাখ আৰু সামান্য আঘাতপ্ৰাপ্তসকললৈ ২৫ হাজাৰ টকা আৰ্থিক সাহায্যৰ ঘোষণা কৰিছে ৰে’লৱে কৰ্তৃপক্ষই ।

লগতে পঢ়ক : Guwahati Bikaner Express Derail : মৃতকৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.