ETV Bharat / state

পেট্ৰ’ল-ডিজেলৰ পৰা মোডী চৰকাৰে 7 বছৰত 25 লাখ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে

author img

By

Published : Jul 11, 2021, 5:30 PM IST

খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পাছতো ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্য সৰ্বাধিক। পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত অত্যাধিক কৰ আৰোপ কৰি নৰেন্দ্ৰ মোডী চৰকাৰে বিগত সাত বছৰত ২৫ লাখ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে । ক'ভিডৰ এই ভয়াৱহ সংকটৰ সময়ত চৰকাৰে ৰাইজক সকাহ দিয়াৰ বিপৰীতে মূল্যবৃদ্ধিৰে মাধমাৰ শোধাইছে ।
congress_national_spokesperson
পেট্ৰ’ল-ডিজেলৰ পৰা মোডী চৰকাৰে 7 বছৰত 25 লাখ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে

গুৱাহাটী, ১১ জুলাই : বিশ্বৰ ভাৰত (INDIA) একমাত্র ৰাষ্ট্ৰ য'ত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পাছতো পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সৰ্বাধিক । পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত অত্যাধিক কৰ আৰোপ কৰি নৰেন্দ্ৰ মোডী (NARENDRA MODI) নেতৃত্বাধীন চৰকাৰখনে বিগত সাত বছৰত ২৫ লাখ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে । ক'ভিডৰ (COVID-19) এই ভয়াৱহ সংকটৰ সময়ত চৰকাৰে ৰাইজক সকাহ দিয়াৰ বিপৰীতে মূল্যবৃদ্ধিৰে মাধমাৰ শোধাইছে ।

এই অভিযোগ ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্র শক্তিসিং গোহিলৰ (shaktisinh gohil)। দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ শীৰ্ষ নেতাজনে মূল্যবৃদ্ধিৰ প্ৰসংগত বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ কয়- 'ক'ভিড পৰিস্থিতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ সকলো ৰাষ্ট্ৰতে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস হৈছে। কিন্তু একমাত্র ভাৰতত অভাৱনীয় হাৰত মূল্য বৃদ্ধি হৈছে ।’

মোডী চৰকাৰৰ ভুল নীতিৰ বাবেই আজি দেশৰ অৰ্থনৈতিক সংকটত পৰিছে। পেট্ৰ’ল-ডিজেলৰ উপৰি ৰাসায়নিক সাৰ, বীজ, কীটনাশক দ্ৰব্য, বিজুলী বিল, কৃষি কৰ্মৰ সঁজুলি আদিৰ অত্যাধিক মূল্যবৃদ্ধিৰ ফলত প্ৰতি হেক্টৰ মাটিত খেতিৰ বাবদ খৰছ প্ৰায় ২০,০০০ টকালৈ বৃদ্ধি হৈছে । সমীক্ষা মতে বিগত তিনি মাহত ঘৰুৱা দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য ৪২ শতাংশলৈ বৃদ্ধি হৈছে ।

পেট্ৰ’ল-ডিজেলৰ পৰা মোডী চৰকাৰে 7 বছৰত 25 লাখ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে

তেওঁ লগতে কয়, দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাসায়নিক সাৰত ৫ শতাংশ জি এছ টি (GST), কীটনাশক দ্ৰব্যত ১৮ শত‍ংশ কৰ, ট্ৰেক্টৰ আৰু কৃষি সঁজুলিত ১২ শতাংশ কৰ আৰোপ কৰা হৈছে । আনহাতে, পহিলা জানুৱাৰীৰ পৰা ১০ জুলাইৰ ভিতৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৭১ বাৰ বৃদ্ধি হৈছে । মোডী চৰকাৰে ৭ বছৰৰ ভিতৰত ২৫ লাখ কোটিতকৈ অধিক আবকাৰী শুল্ক সংগ্ৰহ কৰিছে । বিগত সাত বছৰত পেট্ৰ'লৰ ওপৰত আবকাৰী শুল্ক ২৪৮ শতাংশ আৰু ডিজেলৰ ওপৰত ৮২০ শতাংশ বৃদ্ধি কৰিছে ।

প্ৰতি লিটাৰ পেট্ৰ'লত ভাৰত চৰকাৰে ৩২.৯০ টকা সংগ্ৰহ কৰে, য'ত ২০.৫০ টকাই উপকৰ হিচাপে লোৱা হয় । উপকৰ ৰাজ্য চৰকাৰৰ লগত ভাগ কৰা নহয়, যাৰ ফলত ভাৰত চৰকাৰে ৬২ শতাংশ উপকৰ সংগ্ৰহ কৰে আৰু ৰাজ্য চৰকাৰে এটকাও নাপায় । ডিজেলত কেন্দ্ৰীয় চৰকাৰে প্ৰতি লিটাৰত ৩১.৮০ টকা সংগ্ৰহ কৰে য'ত ২২ টকাই উপকৰ আৰু কেন্দ্ৰ চৰকাৰে ইয়াত ৬৯ শতাংশ সংগ্ৰহ কৰে য'ত ৰাজ্য চৰকাৰক এটকাও নিদিয়ে ।

ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধি কৃষক বিৰোধী বুলি উল্লেখ কৰি তেওঁ কয়, ‘কিয়নো কৃষক সকলে ডিজেল ব্যৱহাৰ কৰে আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে তেওঁলোকৰ ওপৰত মোক্ষম আঘাত কৰে । আনহাতে ২০১৪ চনৰ এপ্ৰিল মাহত প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৪১৪ টকা আছিল আৰু এতিয়া ৮৮৩.৫০ টকালৈ বৃদ্ধি হৈছে । সাত বছৰত ৰন্ধন গেছৰ মূল্য দুগুণতকৈও বেছি বৃদ্ধি হৈছে ।'

তেওঁ লগতে আৰু কয় যে, '২০১১-১২ত খাৰুৱা তেলৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰতি বেৰেলত ১১২ ডলাৰলৈ বৃদ্ধি হৈছিল । ২০১৪ চনত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে কাৰ্যভাৰ এৰাৰ সময়ত প্ৰতি বেৰেল খাৰুৱা তেলৰ আন্তঃৰ্জাতিক বজাৰ মূল্য ১০৫.৫২ ডলাৰ আছিল আৰু তেতিয়া প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য আছিল ৭১.৫১ টকা । আজি ২০২০-২১ত প্ৰতি বেৰেল খাৰুৱা তেলৰ আন্তঃৰ্জাতিক বজাৰ মূল্য ৪৪.৮২ ডলাৰ হোৱাৰ পিছতো প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০০ টকাতকৈ অধিক হোৱাটো জনসাধাৰণৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক।

এইখন চৰকাৰৰ দিনত নিত্য প্ৰয়োজনীয় প্ৰতিবিধ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি হৈছে । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে কেইবাগৰাকী নেতা উপস্থিত আছিল ।

লগতে পঢ়কঃ ৰঙিয়াত চিকিৎসকৰ বিৰুদ্ধে থানাত গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.