ETV Bharat / state

Akhil to CM Sarma: মুখ্যমন্ত্ৰী হোৱাৰে পৰা নাচিয়েই আছে হিমন্ত বিশ্ব শৰ্মাই; অখিল গগৈৰ কটুক্তি

author img

By

Published : May 8, 2023, 6:55 PM IST

Akhil Gogoi PC on Assam government loans
ধাৰ লৈ ঘিউ খোৱা চৰকাৰ এইখন: অখিল গগৈ

ঋণত পোত গৈছে অসম চৰকাৰ (Assam government in debt) । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ খনে দুবছৰতেই ঋণ লৈছে ৪০,৫০৮ কোটি টকা । সোমবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে ৰাজহুৱা কৰিলে চৰকাৰী ঋণৰ ভয়ংকৰ তথ্য ।

ধাৰ লৈ ঘিউ খোৱা চৰকাৰ এইখন: অখিল গগৈ

গুৱাহাটী,৮ মে': স্বাধীনতাৰ পিছত বর্তমানলৈ প্ৰায় ৪২ হাজাৰ কোটি ঋণত পোত গৈ আছে অসম চৰকাৰখন । পূৰ্বৰ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৫ বছৰ কাৰ্যকালত ঋণ আছিল ৪৮,৮০১ কোটি টকা । কিন্তু বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে দুবছৰতেই ঋণ লৈছে ৪০,৫০৮ কোটি টকা । বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত ঋণৰ পৰিমাণ বৃদ্ধি পাইছে ১৪৮ শতাংশ (Assam government in debt)।

সোমবাৰে এক সংবাদমেলযোগে এই তথ্য দাঙি ধৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে । ৰাজ্যৰ বিজেপি চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি সন্দৰ্ভত মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে বিধায়ক অখিল গগৈয়ে ৷

তেওঁ কয় যে, কংগ্ৰেছৰ তৰুণ গগৈৰ ১১ বছৰীয়া কাৰ্যকালত ২৪, ৯২১ কোটি টকা ঋণ লৈছিল (Akhil Gogoi PC on Assam government loans) । স্বাধীনতাৰ পিচৰ পৰা অসমৰ বৰ্তমানৰ ধাৰ ১ লাখ ৩৩ হাজাৰ কোটি টকা । এইয়াই হৈছে উন্নয়নৰ প্ৰকৃত নমুনা । ঋণ লোৱাই এখন ৰাজ্যৰ উন্নয়ণৰ কথা নুবুজাই বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে পুনৰ কয় যে,অসমৰ মানুহৰ গড় জনমূৰি আয় সমীক্ষা মতে ২০১১-১২ চনত ৪১,১৪২ টকা, ২০১২-১৩ চনত ৪৪,৫৯৯ টকা, ২০২২-২৩ বৰ্ষত ১,১৮,৫০৪ টকা আৰু ভাৰতৰ ১৭০৬২০ টকা (Akhil Gogoi slams BJP Govt) ।

গগৈয়ে লগতে কয়, গোৱাৰ এজন মানুহৰ জনমূৰি আয়ৰ তুলনাত অসমৰ এজন লোকৰ আয় বছৰি প্ৰায় চাৰে তিনি লাখ টকা কম । বিজেপি চৰকাৰৰ দিনত GSDP আৰু GDP হ্ৰাস পাইছে । বিজেপি চৰকাৰৰ দিনত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ মিলি ১৬-১৭ বৰ্ষত ৪৯,২১৯.৮১ কোটি টকা অসমৰ মুঠ ৰাজহ শক্তি আছিল । ২০২২-২৩ বৰ্ষত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ মিলি অসমৰ ৰাজহ প্ৰাপ্তি ৯০,৬৬২.৬ কোটি টকা ।

অসমে বেছি ৰাজহ আহৰণ কৰিব পৰা নাই । এইবাৰ অসমৰ বাজেটৰ মতে অসমৰ মুঠ ৰাজহ আহে ২৭.২% ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে ৫৫% আৰু ঋণৰ পৰা ১৮ % আহিব । সম্প্ৰতি অসমৰ অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়া । অসমৰ চাকৰিয়াল মুঠ দৰমহা ৪১ হাজাৰ ৪০ কোটি টকা । আজিৰ দিনত অসম চৰকাৰে নিজৰ আয়ৰে কৰ্মচাৰীক মাত্ৰ আঠ মাহহে দৰমহা দিব পাৰে বুলি চৰকাৰক কঠোৰ সমালোচনা কৰে বিধায়ক গগৈয়ে (Akhil Gogoi slams Himanta Biswa Sarmah) ।

মুখ্যমন্ত্ৰীক সমালোচনা কৰি অখিল গগৈয়ে কয়, ‘‘বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে ক্ষেত্ৰীত বিয়া খাবলৈ গ’লে হেলিকপ্টাৰ ব্যৱহাৰ কৰে । অসমৰ বাহিৰলৈ গ’লে চাৰ্টাৰ ফ্লাইট ব্যৱহাৰ কৰে । অসমৰ ৰাইজৰ ধনেৰে বিনোদন কৰিছে হিমন্ত বিশ্ব শৰ্মাই । কাজিৰঙালৈ গ'লেও হেলিকপ্টাৰ ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰীয়ে । বিহুৰ নামত বহু কোটি টকা খৰচ কৰি গিনিজ বুকত নাম অন্তৰ্ভুক্ত কৰিলে ।’’

তেওঁ আৰু কয়, ‘‘অসমত ২ কোটি ২ লাখ হিতাধিকাৰী আছে । হিতাধিকাৰীৰ নামত বহু কোটি টকা খৰচ কৰে চৰকাৰে ।’’ ৰাইজক আত্মনির্ভশীল কৰাৰ বাবে চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰি গগৈয়ে এইখন চৰকাৰ ধাৰ লৈ ঘিউ খোৱা চৰকাৰ আখ্যা দিয়ে । তেওঁ পুনৰ কয়, হিমন্ত বিশ্ব শৰ্মাৰ দুবছৰীয়া বর্ষপূৰ্তিত চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজাব । হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ দিনৰে পৰা নাচিয়েই আছে বুলিও কটাক্ষ কৰে গগৈয়ে ।

লগতে পঢ়ক: Recruitment in Govt job: জীৱন সংগ্ৰামৰ সফল যাত্ৰা, নাপিত যুৱকে পালে চৰকাৰী চাকৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.