Recruitment in Govt job: জীৱন সংগ্ৰামৰ সফল যাত্ৰা, নাপিত যুৱকে পালে চৰকাৰী চাকৰি

By

Published : May 8, 2023, 2:18 PM IST

thumbnail

তেজপুৰ, 8 মে’: ২০০৫ চনতে পিতৃ নিৰুদ্দেশ হৈছিল যুৱকজনৰ ৷ ঘৰৰ সম্পূৰ্ণ দায়িত্ব মূৰ পাতি লৈছিল মাকে ৷ বহু কষ্টেৰে পুত্ৰক ডাঙৰ-দীঘল কৰে তেওঁ ৷  মাত্ৰ ৩০ টকাৰে দিন হাজিৰা কৰি ভাতমুঠিৰ লগতে সন্তানক পঢ়োৱাৰ গধুৰ দ্বায়িত্ব পালন কৰি আজি সফলতাৰ চকুপানী বিৰিঙিছে তেওঁৰ চকুত আৰু পুত্ৰৰ মুখত, বিৰিঙিছে সফলতাৰ হাঁহি ৷

দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত এতিয়া আশাৰ ৰেঙণি দেখিছে যুৱক জনৰ লগতে পৰিয়ালটোৱে । নাম ৰবীন হাজৰিকা বৃত্তিত এজন নাপিত । ১৬ বছৰ বয়সৰ পৰা যুৱকজনেও দিন হাজিৰা কৰিয়েই পঢ়া-শুনা কৰি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচত এখন চেলুন খুলি চলাই নিছিল জীৱনৰ ৰথখন (Barber Rabin Hazarika from Narayanpur) ৷

বহু কষ্ট কৰি জীৱন সংগ্ৰাম চলাই যোৱা পৰিয়ালটোলৈ সোমাই আহিল পোহৰৰ ৰেঙণি, গধুৰ বুকু শাঁত পেলালে এচাটি প্ৰশান্তিৰ বতাহে ৷ যোৱা ৪ মে'ত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ঘোষণা কৰিলে অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফল ৷ ১৪,২৮১ গৰাকীৰ প্ৰাৰ্থীৰ ভিতৰত নাম আহিল নাৰায়ণপুৰৰ ৰবীন হাজৰিকাৰো (4th grade state govt job) ৷ লগে লগে মাতৃ-পুত্ৰৰ দুচকুৰে বাগৰি আহিল আনন্দৰ চকুলো ৷

এতিয়া আৰু ৰবীনে কৰিব নালাগে নাপিতৰ কাম, মাতৃ বিজু হাজৰিকায়ো কৰিব নালাগে দিন হাজিৰা (Barber Rabin Hazarika) । পৰিয়ালটোলৈ সুখৰ নিজৰা  বোৱাই দিয়াৰ মাতৃ-পুত্ৰ দুয়োয়ে কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ 

লগতে পঢ়ক : Protech Housing: প্র’টেক হাউছিঙৰ অনিয়মৰ বিৰুদ্ধে ৰাজ্যপালক আপৰ স্মাৰকপত্র প্ৰদান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.