ETV Bharat / state

MLA Akhil Gogoi: এজন মানুহক মাটি কিমান লাগে ? বিধানসভা চৌহদত প্লে-কাৰ্ড লৈ বিধায়ক অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 1:06 PM IST

শৰতকালীন অধিৱেশনৰ দ্বিতীয় দিনাও শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰতিবাদ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে হাতত প্লে-কাৰ্ড লৈ প্ৰতিবাদ অখিল গগৈৰ ।

MLA Akhil Gogoi protest in Guwahati
বিধায়ক অখিল গগৈৰ প্ৰতিবাদ

গুৱাহাটী, ১২ ছেপ্টেম্বৰ: অসম বিধানসভাৰ শৰতকালীন অধিৱেশনৰ মঙলবাৰে দ্বিতীয় দিনাও শিৱসাগৰৰ বিধায়ক অখিল গগৈক দেখা গ'ল প্ৰতিবাদী ৰূপত । বিধানসভা চৌহদত বিধায়ক অখিল গগৈয়ে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে । এইবাৰ তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে হাতত প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে । অৱশ্যে তেওঁ প্লে-কাৰ্ডত কাৰো নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ।

তেওঁ প্লে-কাৰ্ডৰ ওপৰত সাধাৰণ জনতাক বুলড'জাৰ চলাই উচ্ছেদ কাৰ্য চলোৱাৰ এখন আলোকচিত্রৰে চৰকাৰী উচ্ছেদৰ বিৰোধিতা কৰাৰ লগতে আন এক প্ৰসংগ উল্লেখ কৰিছে । প্লে-কাৰ্ডখনত তেওঁ লিখিছে এইদৰে, ‘‘এজন মানুহক কিমান মাটি লাগে ? ৬ ফুট- টলষ্টয় । মুখেৰে কয়, খিলঞ্জীয়াৰ অধিকাৰৰ বৰ কথা । চিলিং আইন ভাঙি পত্নীয়ে মাটি লয় ৫০ বিঘা ৩ কঠা । মুখত ৰখায় জাতি -মাটি ভেটি । কামত কি ? পত্নীয়ে ৰাজসাহায্য প‍ায় ১০ কোটি ।’’

উল্লেখ্য যে, এই প্ৰশ্ন আৰু বাক্যবাণ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাকে উদ্দেশ্য কৰি কৰা হৈছে । বিধায়ক অখিল গগৈয়ে কাৰো নাম উল্লেখ নকৰিলেও সকলোৱে সহজতে অনুমান কৰিব পাৰিছে যে কাক উদ্দেশ্য কৰি তেওঁ এনেদৰে বিধানসভা চৌহদত প্ৰতিবাদ কৰিছে । কাৰণ শেহতীয়াকৈ মুখ্যমন্ত্রীৰ পত্নীৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে ।

ইতিমধ্যে বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্রীৰ পৰিয়ালৰ সকলোৰে সম্পত্তিৰ তালিকা ৰাজহুৱা কৰা আৰু এই ঘটনাৰ উচ্চপৰ্যায়ৰ তদন্ত দাবী কৰিছে । উল্লেখ্য যে নগাঁও জিলাৰ কলিয়াবৰ বৰভগীয়া মৌজাৰ দাৰি গজি গাঁৱত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ক্ৰয় কৰিছে ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি । উত্থাপিত অভিযোগ অনুসৰি এই কৃষিভূমি একে দিনতে, একেখন পথাৰত, একেটা প্লটতে, একেটা কোম্পানীয়ে ক্ৰয় কৰিছে ।

মাত্ৰ ১০ মাহৰ ভিতৰতে এই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই লাভ কৰিছে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহায্য । মাত্ৰ ১০ মাহৰ ভিতৰত মাটি ক্ৰয় কৰি মাটিৰ শ্ৰেণী পৰিৱৰ্তনেৰে উদ্যোগ স্থাপনৰ বাবে ৰাজসাহায্য কেনেকৈ লাভ কৰিব পাৰে তাক লৈ চলিছে সৰৱ চৰ্চা । ইফালে, বিধায়ক অখিল গগৈয়ে কৰা অভিযোগ অনুসৰি যি সময়ত অসমৰ বিভিন্ন প্ৰান্তত সৰ্বসাধাৰণ ৰাইজ উচ্ছেদৰ বলি হৈ গৃহহীন হৈছে, ভেঁটি হেৰুৱাই দিশহাৰা হৈছে সেই সময়তে মুখ্যমন্ত্রীৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ সম্পত্তিৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে ।

লগতে পঢ়ক: Akhil Gogoi Vs CM in Assembly : এইবাৰো বিধানসভাত মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ বাক্যযুদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.