ETV Bharat / state

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰক : মীৰা বৰঠাকুৰ

author img

By

Published : Sep 17, 2021, 5:42 PM IST

Mira Borthakur Reacts on women safety
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰক

'বেটী বচাও, বেটী পঢ়াও'ৰ শ্ল'গান দিয়া চৰকাৰখনে কিন্তু বাস্তৱত নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰিব পৰা নাই । নেচনেল ক্ৰাইম ৰেক'ৰ্ড ব্যুৰ’ৰ (এন চি আৰ বি) শেহতীয়া প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মীৰা বৰঠাকুৰে কয়, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক ।

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : বিজেপি চৰকাৰে ৰাজ্যখনৰ নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র মীৰা বৰঠাকুৰে নেচনেল ক্ৰাইম ৰেক'ৰ্ড ব্যুৰ’ৰ (এন চি আৰ বি) শেহতীয়া প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰক

সংবাদমেলত মীৰা বৰঠাকুৰে কয়, ভাৰতৰ ভিতৰতে নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত অসম শীৰ্ষস্থানত আছে । 'বেটী বচাও, বেটী পঢ়াও'ৰ শ্ল'গান দিয়া চৰকাৰখনে কিন্তু বাস্তৱত নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰিব পৰা নাই । তেওঁলোকে গো-সুৰক্ষাৰ কথা কৈ আহিছে যদিও নাৰীক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে ।

লগতে পঢ়ক: পৃথক বড়োলেণ্ডৰ দাবীৰে নতুন উগ্ৰপন্থী সংগঠন ULBৰ আত্মপ্ৰকাশ

গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক । আজিৰ তাৰিখত অসমত নাৰী সুৰক্ষিত নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মীৰা বৰঠাকুৰে ৷

কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে লগতে কয়, অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে এক লাখ জনসংখ্যাৰ বিপৰীতে ৭২ জন আৰক্ষীৰ লোক থকাৰ কথা কৈছে । অৰ্থাৎ আজিৰ তাৰিখত অসমত পৰ্যাপ্ত আৰক্ষীৰ লোক নাই । ইফালে থানাৰ আধুনিকীকৰণ নামতেহে হৈছে, কামত হোৱা নাই ।

ইফালে, হাজাৰ হাজাৰ গোচৰ অমিমাংসিত হৈ আছে । অভিযুক্ত মুক্ত আকাশৰ তলত ঘূৰি ফুৰিছে ৷ আনহাতে থানাত কোনোবাই কিবা অভিযোগ দিবলৈ গ'লে ওলোটাই থানাত মানসিকভাৱে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় । বাস্তৱত থানাৰ আধুনিকীকৰণ হ'ব লাগিব বুলি কয় মীৰা বৰঠাকুৰে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীৰ শাসনকালৰ মাইলৰ খুঁটিসমূহৰ চমু আভাষ...

ইফালে, প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ ২০ দিনীয়া কাৰ্যসূচীৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, নৰেন্দ্ৰ মোদীৰ ২০ দিনীয়া জন্মদিনৰ কাৰ্যসূচীৰে তেওঁলোকে ক'ব বিচাৰিছে যে নৰেন্দ্ৰ মোডীৰ দৰে মহামানৱ আৰু ভাৰতবৰ্ষত জন্ম হোৱা নাই স্বাধীনতাৰ পাছত সকলোতকৈ ব্যৰ্থ প্ৰধানমন্ত্রীজনেই হৈছে নৰেন্দ্ৰ মোডী ।

মোডী চৰকাৰৰ দিনত অসমৰে নহয় সমগ্ৰ দেশৰে নাৰী জাতি সুৰক্ষিত নহয় । বিজ্ঞাপনেৰে নহয় আন্তৰিকতাৰে গৃহ বিভাগটো পৰিচালনা কৰাৰ বাবে তেওঁ মুখ্যমন্ত্রীৰ প্ৰতি আহ্বান জনাই মীৰা বৰঠাকুৰে ।

লগতে পঢ়ক: পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাসৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.