পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাসৰ সম্ভাৱনা

author img

By

Published : Sep 17, 2021, 2:35 PM IST

fuel prices likely to reduce after gst council meeting
পেট্ৰল ডিজেলৰ মূল্য হ্ৰাসৰ সম্ভাৱনা ()

লক্ষ্ণৌত অনুষ্ঠিত হৈছে 45তম জিএছটি পৰিষদৰ বৈঠক ৷ বৈঠকত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) পৰিষদে পেট্ৰ'ল, ডিজেল আৰু অন্যান্য পেট্ৰ'লিয়াম সামগ্ৰীক ইয়াৰ পৰিধিৰ অধীনলৈ অনাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা ৷ বৈঠকৰ আলোচনা সফল হ'লে পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাসৰ সম্ভাৱনা আছে ৷ পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত 75 টকা হোৱাৰ পৰিৱৰ্তে ডিজেলৰ মূল্য প্ৰতি লিটাৰত 68 টকা হোৱাৰ সম্ভাৱনা আছে ৷

নিউজ ডেস্ক , 17 ছেপ্টেম্বৰ : অৱশেষত সমাপ্ত হোৱাৰ দিশে বহু বিতৰ্কিত পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিষয় ৷ শুকুৰবাৰে লক্ষ্ণৌত অনুষ্ঠিত 45তম জিএছটি পৰিষদৰ বৈঠক(45th GST Council meets in Lucknow)ত এই বিষয়টো সন্দৰ্ভত এক সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ৷

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সভাপতিত্ব কৰা এই বৈঠকত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) পৰিষদে পেট্ৰ'ল, ডিজেল আৰু অন্যান্য পেট্ৰ'লিয়াম সামগ্ৰীক ইয়াৰ পৰিধিৰ অধীনলৈ অনাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে ৷ একক ৰাষ্ট্ৰীয় জিএছটি কৰৰ অধীনত পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত কৰ আৰোপ কৰাৰ বিষয়টো আলোচনা কৰাৰ সম্ভাৱনা আছে ৷

এক প্ৰতিবেদনৰ মতে, যদিহে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়, তেন্তে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক শুল্ক যথেষ্ট হ্ৰাস হ'ব আৰু অটোমোবাইল ইন্ধনৰ উপভোক্তা মূল্য যথেষ্ট হ্ৰাস হ'ব ৷ ইয়াৰ ফলত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত 75 টকা হোৱাৰ পৰিৱৰ্তে ডিজেলৰ মূল্য প্ৰতি লিটাৰত 68 টকা হ'ব পাৰে ৷

উল্লেখ্য যে, বৰ্তমান দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'ল 101.19 টকা আৰু ডিজেল 88.62 টকা মূল্যত বিক্ৰী হৈ আছে ৷ 2020ত বিশ্বব্যাপী crude oilৰ মূল্য হ্ৰাস হোৱাত কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বিত্তীয় পৰিমাণ বৃদ্ধি কৰিবলৈ ইন্ধনৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধি কৰিছিল ৷ মহামাৰীৰ বাবে ৰাজহ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ৰাজ্যসমূহেও এই পথ অনুসৰণ কৰিছিল।

চৰকাৰী তথ্য অনুসৰি, পেট্ৰ'লিয়াম খণ্ডই 2020-21 বৰ্ষত 3,71,726 কোটি কেন্দ্ৰীয় আবকাৰী ৰাজহ(central excise revenue) আৰু 2,02,937 কোটি ৰাজ্যিক শুল্ক(state levies) বা মূল্য-সংযোজন কৰ (value-added tax) অৰিহণা যোগাইছিল।

লগতে পঢ়ক : GST ফাঁকি দি চোৰাংচোৱা বিভাগৰ জালত ৪০ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.