ETV Bharat / state

Amrit Kalash Yatra in Guwahati: বিজেপিৰ নহয়; চৰকাৰী কাৰ্যসূচী হে অমৃত কলহ যাত্ৰা ! দাবী মন্ত্ৰী পাটোৱাৰীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 5:10 PM IST

Amrit Kalash Yatra in Guawahati
বিজেপিৰ নহয় চৰকাৰী কাৰ্যসূচী হে অমৃত কলহ যাত্ৰা

লতাশিল খেলপথাৰত ‘‘মোৰ মাটি মোৰ দেশ’’ অনুষ্ঠান ৷ দেওবাৰে অনুষ্ঠিত কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ সকলোকে অমৃত কলহ যাত্ৰাত অংশ গ্ৰহণ কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ ৷

বিজেপিৰ নহয় চৰকাৰী কাৰ্যসূচী হে অমৃত কলহ যাত্ৰা

গুৱাহাটী, 8 অক্টোবৰ : দেওবাৰে জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত হয় ‘‘মোৰ দেশ মোৰ মাটি’’ অনুষ্ঠান ৷ আনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মুঠ 60 টা ৱাৰ্ডৰ পৰা অমৃত কলহসমূহত সংগ্ৰহ কৰা মাটি লৈ অনা হয় ৷ কলহৰ মাটিবোৰ মিহলাই দুটা কলহত ভৰোৱা হয় ৷ কলহ দুটা শোভাযাত্ৰা কৰি উজানবজাৰস্থিত জি এম চিৰ কাৰ্যালয়লৈ লৈ যোৱা হয় ৷

উক্ত অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ মন্ত্ৰীগৰাকীয়ে অমৃত কলহ যাত্ৰাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘প্ৰাধনমন্ত্ৰীৰ মোদীৰ আহ্বান মৰ্মে অনুষ্ঠিত হৈছে ‘‘মোৰ মাটি মোৰ দেশ’’ কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ অংশ স্বৰূপে গাঁৱে গাঁৱে ‘‘অমৃত কলহ’’ যাত্ৰা হৈছিল ৷ প্ৰতিটো অমৃত কলহ যাত্ৰাত মহিলাসকলে অংশগ্ৰহণ কৰিছে ৷’’

‘‘আমাৰ দেশৰ সুৰক্ষাৰ বাবে আত্মবলিদান কাৰ লোকৰ স্মৃতিস্বৰূপে ৰাজধানী দিল্লীত নিৰ্মাণ হ’ব অমৃত উদ্যান ৷ সকলো ওলাই আহিব লাগে ৷ বিৰোধীয়ে হওক বা অন্য কিবাই হওক সকলোৱে অংশ গ্ৰহণ কৰিব লাগে অমৃত কলহ যাত্ৰাত ৷ কাৰণ এয়া কোনো বিজেপি দলৰ নহয় এয়া এক চৰকাৰী কাৰ্যসূচীহে ৷’’ এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

আনহাতে কংগ্ৰেছৰ বিধায়কে অমৃত কলহ যাত্ৰাত অংশ গ্ৰহণ কৰা সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীয়ে কয়, ‘‘কংগ্ৰেছ বুলি নহয় সকলো ওলাই আহিছে ৷ দেশৰ বাবে আত্মবলিদান কৰা শ্বহীদসকলৰ বীৰ গাঁথাকলৈ নিৰ্মাণ হ’ব লগা অমৃত উদ্যানৰ বাবে এই পদক্ষেপ লোৱা হৈছে ৷ ইয়াত কোনো ৰাজনীতি নাই ৷ অমৃত কলহ যাত্ৰা কাৰ্যসূচীত কংগ্ৰেছৰ বিধায়কে অংশ গ্ৰহণৰ পাচত তেওঁলোকক দলে তলব কৰাটো তেওঁলোকৰ দলৰ কথা ৷’’

লগতে পঢ়ক:Assam CM on Flood : গুৱাহাটীৰ বান সমস্যা সমাধানৰ চাবি আছে সাংবাদিকৰ হাতত; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.