ETV Bharat / state

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

author img

By

Published : Dec 22, 2020, 10:52 PM IST

massive-reshuffle-at-the-top-level-of-assam-police
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল । গুৱাহাটী মহানগৰৰ আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাক CID ৰ ADGP ৰূপে বদলি কৰা হৈছে ৷

গুৱাহাটী, 22 ডিচেম্বৰ : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল । গুৱাহাটী মহানগৰৰ আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাক CID ৰ ADGP ৰূপে বদলি কৰা হৈছে ৷ উল্লেখ্য যে, মহানগৰৰ আৰক্ষী আয়ুক্ত পদৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখাৰ ADGP ৰ দায়িত্ব গ্ৰহণ কৰি আছিল মুন্নাপ্ৰসাদ গুপ্তা । অৱশ্যে, ৰদবদল কৰা হৈছে যদিও বিষয়া গৰাকীৰ আৰক্ষী আয়ুক্ত পদৰ দায়িত্বও বাহাল থাকিব ৷

massive-reshuffle-at-the-top-level-of-assam-police
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

একেদৰে, IPS হীৰেন চন্দ্ৰ নাথে লাভ কৰিছে পদোন্নতি । SB ৰ ADGP ৰূপে পদোন্নতি কৰা হৈছে হীৰেন নাথক । উল্লেখ্য যে, ইয়াৰ পূৰ্বে হীৰেন নাথ অসম আৰক্ষীৰ বিশেষ শাখাৰ IGP ৰ দায়িত্বত আছিল । হীৰেন নাথৰ স্থানত দায়িত্ব দিয়া হৈছে বিনীতা শৰ্মাক । লগতে, DIGP অভিজিৎ বৰাক পদোন্নতিৰে IIG&CD ৰ IGP ৰ দায়িত্ব প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : অৰুণাচলত সম্পন্ন পৌৰনিগমৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.