ETV Bharat / state

Mission Basundhara 2: ভূমিৰ অধিকাৰ বিচাৰি আবেদন কৰিবলৈ গৈ থমকি ৰৈছে বহু খিলঞ্জীয়া

author img

By

Published : Dec 9, 2022, 7:06 PM IST

বসুন্ধৰা ২ত ব্যাপক বিসংগতিৰ অভিযোগ(Mission Basundhara 2) । অনলাইন আবেদনত খিলঞ্জীয়াৰ হাৰাশাস্তি । ৰাজ্যৰ ৪০ লাখ পৰিয়ালক পট্টা দিয়াৰ নামত ৰাজনীতি নকৰিবলৈ সকীয়নি ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণজ্যোতি কলিতাৰ(Bhumi adhikar suraksha samiti) । দাগ নং, খাজনাৰ ৰচিদ বিচাৰি হাহাকাৰ । সম্পূর্ণ তথ্য দিব নোৱৰা আবেদন বাতিল হোৱাৰ আশংকা । পট্টাৰ বাবে অনলাইনযোগে আবেদন কৰাৰ নামত সক্ৰিয় দালালচক্ৰ ।

Mission Basundhara 2
ভূমিৰ অধিকাৰ বিচাৰি আবেদন কৰিব গৈ থমকি ৰৈছে বহু খিলঞ্জীয়া

গুৱাহাটী, ৯ ডিচেম্বৰ: ভূমি পট্টা বিচাৰি অনলাইনৰ মাধ্যমেৰে আবেদন কৰিবলৈ গৈ চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে ৰাজ্যৰ সৰ্বসাধাৰণ লোকসকল । বিশেষকৈ দাগ নম্বৰ, খাজনা দিয়া ৰচিদ বিচাৰি খিলঞ্জীয়া লোকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে । কিয়নো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মিছন বসুন্ধৰা ২.০ৰ অধীনত ভূমি পট্টাৰ বাবে অনলাইনযোগে আবেদন কৰিবলৈ বিচৰা প্ৰায়ভাগ লোকে আবেদনপত্ৰত উল্লেখিত অধিকাংশ তথ্য সংলগ্ন কৰিব পৰা নাই(Mission Basundhara 2) ।

ভূমিৰ অধিকাৰ বিচাৰি আবেদন কৰিব গৈ থমকি ৰৈছে বহু খিলঞ্জীয়া

বহু পৰিয়ালৰ ভূমি জৰীপ নোহোৱাৰ বাবে তেওঁলোকৰ ওচৰত নাই দাগ নম্বৰ । ইফালে বহু পৰিয়ালৰ নাই খাজনা দিয়াৰ কোনো ধৰণৰ ৰচিদ । এনেবোৰ পৰিয়ালে এতিয়া বছৰ বছৰ ধৰি বসবাস কৰি থকা ভূমিখিনিৰ বাবে পট্টা বিচাৰি অনলাইনযোগে আবেদন কৰিবলৈ গৈ বহু তথ্য সংলগ্ন কৰিব পৰা নাই । সম্পূৰ্ণকৈ তথ্য সংলগ্ন কৰিব নোৱৰা এনেবোৰ আবেদনপত্র যে বাতিল হ’ব সেয়া একপ্ৰকাৰ নিশ্চিত । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰবীণজ্যোতি কলিতাই(Bhumi adhikar suraksha samiti) ।

ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাতকাৰত কলিতাই কয় যে অসমত ৪০ লাখ পৰিয়ালৰ ভূমিৰ পট্টা নাই ৷ আনহাতে গুৱাহাটী
মহানগৰীৰ ৮৫ হেজাৰ থলুৱা পৰিয়ালৰ ভূমিৰ পট্টা নাই । ৰাজ্য চৰকাৰে ৰাজ্যৰ খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা দিয়াৰ বাবে বসুন্ধৰা-২ আঁচনি গ্ৰহণ কৰাটো ভাল কথা যদিও কাৰিকৰী দিশত বহু অসুবিধা আছে । যাৰ বাবে এই আঁচনিখন ফ্ল'প হোৱাৰ আশংকা ব্যক্ত কৰিছে কলিতাই ।

কলিতাই ভূমিৰ পট্টা দিয়াৰ নামত ৰাজনীতি বন্ধ কৰিবলৈ সকিয়াই দি বিশেষকৈ অনলাইনযোগে ভূমি পট্টাৰ আবেদন কৰা অদ্ভুত ফর্মুলা বাতিল কৰিবলৈ দাবী জনায় । অন্যথা মিছন বসুন্দৰা ২.০ ফ্লপ শ্বত পৰিণত হ'ব । তেওঁ লগতে কয় যে উচ্চতম ন্যায়ালয়ে ‘ভি জি আৰ' আৰু ‘পি জি আৰ' অঞ্চলৰ মাটিৰ ম্যাদী পট্টা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে । এনে ক্ষেত্ৰত ন্যায়ালয়ৰ নিৰ্দেশনাক সম্পূৰ্ণৰূপে অংগুষ্ঠ প্রদর্শন কৰি মুখ্যমন্ত্ৰীয়ে যিকোনো স্থানতে ম্যাদী পট্টা দিব বুলি কৰা ঘোষণা কেৱল এক ভেঁকোভাওনা ।

গুৱাহাটীত বন সংৰক্ষিত, গো-শালা, দেৱোত্তৰ ব’ৰ্ড, জলাশয় আদিৰ ভূমিতো বহু পৰিয়ালে বসবাস কৰি আছে । এনে অঞ্চলত বাস কৰা লোকে সম্পূর্ণকৈ তথ্য কিদৰে আবেদনপত্ৰত সংলগ্ন কৰিব বুলি প্ৰশ্ন কৰি কলিতাই কয় যে এনে পৰিয়ালবোৰক কি উপায়েৰে ভূমি পট্টা প্ৰদান কৰা হ'ব, সেই বিষয়ত কোনো স্পষ্ট নিৰ্দেশনা নাই । কেৱল ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত পূৰ্বৰ ভূমিধৰ বৰ্মন সমিতি(Bhumidhar Barman committee), হৰিশংকৰ ব্ৰহ্ম সমিতিৰ দৰে 'মিছন বসুন্ধৰা’ও ভূমি পট্টাৰ নামত বৰ্তমানৰ চৰকাৰৰ এখন নাটক বুলি তেওঁ অভিযোগ কৰে ।

ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা প্ৰদানৰ আশ্বাস দি মিছাতে হাৰাশাস্তি নকৰিবলৈ সকীয়াই তেওঁ কয় যে বৰ্তমান সময়ত ভূমি পট্টাৰ বাবে অনলাইনযোগে আবেদন কৰাৰ নামত দালালচক্ৰ সক্ৰিয় হৈ পৰিছে । বহু ঠাইত সহজ-সৰল লোকসকলকৰ পৰা আবেদন কৰাৰ নামত টকা সংগ্ৰহ কৰিছে এই দালালচক্ৰই । চৰকাৰৰ যদি সঁচাকৈয়ে সদিচ্ছা আছে তেন্তে ব্লকে ব্লকে চৰকাৰীভাৱে অনলাইন আবেদন কৰাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে তেওঁ দাবী জনায় ।

এনে এক জটিলতাৰ মাজত বসুন্ধৰা-২ৰ যোগেদি কিমান লোকে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব সেয়া সময়েহে ক'ব । উল্লেখ্য যে মিছন বসুন্ধৰা-১ত মানুহৰ মাটিৰ নামজাৰি, নাম শুধৰণি, নাম সলনি, পট্টা পৃথকীকৰণ আদি মুঠ ৯টা বিষয় মীমাংসা কৰা হৈছিল । মিছন বসুন্ধৰা-১ত ৰাজ্যৰ মাটিৰ খেলিমেলি নিষ্পত্তিৰ বাবে ৮.১৪ লাখ আবেদন পৰিছিল যদিও ইয়াৰে প্ৰায় ৫.৮২ লাখ আবেদনৰ মীমাংসা হৈছিল । ২.৩১ লাখ আবেদনৰ মীমাংসা হোৱা নাছিল । উজনি অসমৰ ৰাইজৰ মাটিৰ খেলিমেলিসমূহ সহজতে মীমাংসা হৈছিল যদিও নামনি আৰু মধ্য অসমৰ ৰাইজৰ মাটিবাৰীৰ খেলিমেলিবোৰ নিষ্পত্তি হোৱা নাছিল ।

লগতে পঢ়ক: Adip Kumar Phukan book inaugurated: অদীপ কুমাৰ ফুকনৰ অসমৰ ছাত্ৰ আন্দোলন শীৰ্ষক গ্ৰন্থ উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.