ETV Bharat / state

Reshuffle in Assam police: অসম আৰক্ষীৰ SP পৰ্যায়ত বৃহৎ ৰদ-বদল

author img

By

Published : Nov 11, 2022, 10:18 PM IST

reshuffle in assam police in sp level
অসম আৰক্ষীৰ SP পৰ্যায়ত বৃহৎ ৰদ-বদল

অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদ-বদল (Reshuffle in Assam Police)। অসম আৰক্ষীৰ ৪৩ গৰাকী বিষয়াক ৰদ-বদল কৰাৰ লগতে পদোন্নতি দিয়া হৈছে । ইয়াৰ পাছতে শুকুৰবাৰৰ দিনটোতে আৰক্ষী অধীক্ষক পৰ্যায়ৰ চাৰিগৰাকী বিষয়াৰো ৰদ-বদল কৰা হয় ।

গুৱাহাটী,১১ নবেম্বৰ: অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদ-বদল কৰা হৈছে (Reshuffle in Assam Police)। শুকুৰবাৰে ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে অসম আৰক্ষীৰ এ পি এছ পৰ্যায়ত বৃহৎ সাল-সলনি ঘটায় (Big reshuffle in Assam police in APS level)। ৪৩ গৰাকী বিষয়াৰ সাল-সলনি কৰাৰ লগতে পদোন্নতি দিয়া হৈছে ।

এ পি এছ পৰ্যায়ৰ ৪৩ গৰাকী বিষয়াৰ বৃহৎ ৰদ-বদলৰ পাছত পুনৰ শুকুৰবাৰৰ দিনটোতে আৰক্ষী অধীক্ষক পৰ্যায়ৰ চাৰিগৰাকী বিষয়াৰ সালসলনি ঘটোৱা হয় (Reshuffle at Assam police) । সেই অনুসৰি গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ডিচিপি সিদ্ধাৰ্থ কুমাৰ বুঢ়াগোহাঁইক বজালীৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । দক্ষিণ শালমাৰা মানকাছাৰৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালক যোৰহাটৰ এফ আৰ আৰ অ'ৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।

আনহাতে চি আই ডিৰ আৰক্ষী অধীক্ষক হৰেণ টকবীক দক্ষিণ শালমাৰা মানকাছাৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । সেইদৰে বজালীৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসক হাউলিৰ চতুৰ্থ এ পি টি এফৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে ।

reshuffle in assam police in sp level
অসম আৰক্ষীৰ SP পৰ্যায়ত বৃহৎ ৰদ-বদল

উল্লেখ্য যে, শুকুৰবাৰে ৰাজ্য চৰকাৰে আন এক নিৰ্দেশ যোগে ৪৩ গৰাকী বিষয়াৰ সাল-সলনি কৰাৰ লগতে পদোন্নতি দিয়া হৈছে । সেই অনুসৰি ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়োক হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (Hailakandi new ASP) হিচাপে বদলি কৰা হৈছে । তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিক চি আই ডিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (CID ASP) হিচাপে বদলি কৰা হৈছে ।

গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ এডিচিপি পল্লৱ তামুলীক হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ এডিচিপি (ছিকিউৰিটি আৰু ইন্টেলিজেন্স) মৌচুমী কলিতাক যান-বাহন শাখাৰ এডিচিপি হিচাপে বদলি কৰা হৈছে ।

আনহাতে, ডিব্ৰুগড়ৰ ডি এছ পি ঐশ্বৰ্য জীৱন বৰুৱাক পদোন্নতিসহ ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, কাছাৰৰ ডি এছ পি কল্যাণ কুমাৰ দাসক পদোন্নতিসহ জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, নৱম অসম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক ছাহজাহান সৰকাৰক পদোন্নতিসহ যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, দশম অসম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক জুপী বৰদলৈক একে ঠাইতে দ্বিতীয় অধিনায়ক হিচাপে পদোন্নতি দিয়া হৈছে ।

সেইদৰে শদিয়াৰ ডি এছ পি বিভাস দাসক পদোন্নতিসহ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (Bibhas Das is ASP of Tinsukia with promotion), বাক্সা শালবাৰীৰ ডি এছ পি সমীৰণ বৈশ্যক পদোন্নতিসহ মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উত্তৰ শালমাৰাৰ এছ ডি পি অ' নিতুমণি দাসক বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, গুৱাহাটী সোণাপুৰৰ এচিপি সুকন্যা দাসক পদোন্নতিসহ গুৱাহাটীৰ এচিপি হিচাপে বদলি কৰা হৈছে ৷

একেদৰে দেৰগাঁৱৰ পুলিচ ট্ৰেইনিং কলেজৰ সহকাৰী অধ্যক্ষ ৰাজশ্ৰী ধনদিয়াক পদোন্নতিসহ শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, হোজাইৰ ডি এছ পি ৰ’জী তালুকদাৰক পদোন্নতিসহ দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, চতুৰ্থ অসম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক ফাৰুক আহমেদক দক্ষিণ শালমাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি দিয়া হৈছে । ইয়াৰ উপৰিও আন কেইবাগৰাকীও আৰক্ষী বিষয়াক পদোন্নতিসহ বদলি কৰা হৈছে ৷

লগতে পঢ়ক: Assam Police reshuffle : অসম আৰক্ষীৰ এপিএছ পৰ্যায়ত পদোন্নতিসহ বৃহৎ ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.