ETV Bharat / state

Major crimes decreasing in Assam: অসমত গুৰুতৰ অপৰাধজনিত ঘটনা হ্ৰাস পাইছে:মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 7:11 PM IST

বিগত পাঁচ বছৰত অসমত হ্ৰাস পাইছে অপৰাধজনিত ঘটনা ৷

major crimes decreasing in assam gradually says assam cm
হ্ৰাস পাইছে অপৰাধজনিত ঘটনা

গুৱাহাটী, ২৫ অক্টোবৰ : অসমত গুৰুতৰ অপৰাধজনিত ঘটনা হ্ৰাস পাইছে বুলি অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে ।‌ বুধবাৰে এক্স যোগে (টুইটাৰ) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰি কয় যে, অসমক অপৰাধ মুক্ত ৰাজ্য হিচাপে গঢ়ি তুলি ইতিবাচক দিশত অসমক আগুৱাই নিয়াৰ দিশত ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ কৰিছে ।

  • Our commitment to make Assam a crime-free State is moving positively in the right direction.

    Sharing an update on the decreasing trend of all major kind of crimes recorded in the State.@assampolice pic.twitter.com/UowsSq9Orl

    — Himanta Biswa Sarma (@himantabiswa) October 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰীয়ে কয় যে, অসমত অপৰাধজনিত ঘটনা ক্ৰমাৎ হ্ৰাস পাইছে । অসম চৰকাৰৰ দৃঢ় পদক্ষেপৰ বাবে অসমত অপৰাধ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে । বিগত পাঁচ বছৰত হত্যা, ধৰ্ষণ আৰু ডকাইতিৰ দৰে গুৰুতৰ অপৰাধজনিত ঘটনা হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । অসমত আৰক্ষীৰ তহলদাৰী বৃদ্ধি পোৱা, অপৰাধ নিয়ন্ত্ৰণ কৰাৰ পদ্ধতি প্ৰয়োগৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি পোৱা, ফৰেনছিকৰ ব্যৱহাৰ বৃদ্ধি ‌পোৱা,‌ আৰক্ষীৰ মাজত সমন্বয় উন্নত হোৱা আৰু অসম চৰকাৰৰ সহযোগিতাৰ ফলত অসমত হত্যা, ধৰ্ষণ আৰু ডকাইতিৰ দৰে গুৰুতৰ অপৰাধজনিত ঘটনা হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য মতে 2019 চনত 1235 টা, 2020 চনত 1131 টা, 2021 চনত 1192 টা, 2022 চনত 1084 টা আৰু 2023 চনৰ আগষ্টলৈ 686 টা হত্যাকাণ্ড সংঘটিত হৈছে । ঠিক সেইদৰে 2019 চনত 1952 টা, 2020 চনত 1736 টা, 2021 চনত 1922 টা, 2022 চনত 1113 টা আৰু 2023 চনৰ আগষ্টলৈ 656 টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ।

আকৌ 2019 চনত 198 টা, 2020 চনত 198 টা, 2021 চনত 188 টা, 2022 চনত 85 টা আৰু 2023 চনৰ আগষ্টলৈ 55 টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা তথ্যৰ পৰা‌ দেখা যায় যে ২০১৯ চনৰ পৰা অসমত অপৰাধ‌ৰ মাত্ৰা হ্ৰাস পাইছে ।

লগতে পঢ়ক : Road accidents: হ্ৰাস হৈছে পথ দুৰ্ঘটনাৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.