Road accidents: হ্ৰাস হৈছে পথ দুৰ্ঘটনাৰ সংখ্যা

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 4:11 PM IST

thumbnail

গুৱাহাটী, ২৫ অক্টোবৰ : দুৰ্গাপূজাৰ আনন্দ উলাহৰ মাজতে সংঘটিত হ’ল বহু কেইটা পথ দুৰ্ঘটনা ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পূজাৰ চাৰিটা দিনত ২৮২ গৰাকী পথ দুৰ্ঘটনাত পতিত হৈ ভৰ্তি হৈছে । সপ্তমীৰ দিনটোত ৫২ গৰাকী, অষ্টমীত ৬৪ গৰাকী, নৱমীত ৮০ গৰাকী আৰু দশমীত ৮৬ জন দুৰ্ঘটনাত পতিত হোৱা লোক ভৰ্তি হৈছিল যদিও মৃত্যু হোৱা নাই এজনৰো ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ অচ্যুত বৈশ্যই কয়, ‘পূজাৰ সময়ত দুৰ্ঘটনাত পতিত হোৱা বহু ৰোগী জি এম চিলৈ আহে । কিন্তু এইবাৰ বিগত বৰ্ষৰ তুলনাত দুৰ্ঘটনাগ্ৰস্ত হোৱা লোকৰ সংখ্যা কম । যাৰ বাবে আমি সুখী । এইবাৰ সপ্তমীৰ দিনটোত জৰুৰী বিভাগত ৩৬০ ৰোগী আহিছে তাৰ ভিতৰত ৫২ গৰাকী দুৰ্ঘটনাগ্ৰস্ত ৰোগী, অষ্টমীৰ দিনা জৰুৰী বিভাগত ৩৫৫ ৰোগী আহিছে তাৰ ভিতৰত ৬৪ দুৰ্ঘটনাগ্ৰস্ত ৰোগী, নৱমীৰ দিনটোত ৩৪১ গৰাকী ৰোগীৰ ভিতৰত ৮০ গৰাকী দুৰ্ঘটনাগ্ৰস্ত ৰোগী আৰু দশমীৰ দিনটোত ৪৬৫ গৰাকী ৰোগীৰ ভিতৰত ৮৬ দুৰ্ঘটনাগ্ৰস্ত ৰোগী আহিছে’ । উল্লেখ্য যে, বিগত বৰ্ষত পূজাৰ সময়ত দুৰ্ঘটনাত আহত হোৱা 329 গৰাকী ৰোগী চিকিৎসাধীন হৈছিল আৰু তাৰ ভিতৰত মৃত্যু হৈছিল 13 গৰাকী ৰোগীৰ ।

লগতে পঢ়ক : Hit and Run: ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু বাইক আৰোহীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.