Hit and Run: ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু বাইক আৰোহীৰ

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 12:57 PM IST

thumbnail

জনীয়া, 25 অক্টোবৰ : বৰপেটাৰ কলগাছিয়াৰ বেচিমাৰী গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তীব্ৰবেগী বাছৰ খুন্দাত মৃত্যু হয় এগৰাকী বাইক আৰোহী।  ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছৰ চালকজনে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি, বেচিমাৰী গাঁৱত বুধবাৰে পুৱা 8 বজাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । লাচাংগাৰ পৰা কলগাছিয়া অভিমুখে AS15 AC0981 নম্বৰৰ মাছুমা বাছখনে মহতিয়াই নিয়ে বিপৰীত দিশৰ পৰা অহা AS15 H 1853 নম্বৰৰ বাজাজ পালচাৰ বাইক আৰোহীজনক। এই দুৰ্ঘটনাত থিতাতে মৃত্যু হোৱা যুৱকজন মন্দিয়াৰ ৰকিবুল ইছলাম বুলি চিনাক্ত কৰা হৈছে । 

লোকজনে লাচাংগা গাঁৱত জল জীৱন আঁচনিত কৰ্মৰত এজন কৰ্মচাৰী আছিল। নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈ থাকোঁতেই পথ দুৰ্ঘটনাটোত নিহত হয় যুৱকজন। এই ঘটনাৰ পিছমুহূৰ্তত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। যদিও এই ভয়ংকৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । স্থানীয় ৰাইজে মৃত যুৱকজনৰ পৰিয়ালবৰ্গক এককালীন সাহায্য প্ৰদানৰ দাবী জনায়।

লগতে পঢ়ক: Guwahati murder case: প্ৰথমে হানি খুচি হত্যা, পিচত মৃতদেহক গুৰিয়ালে হত্যাকাৰীয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.